Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা বিধেয়ক, ২০১৯ত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা বিধেয়ক, ২০১৯ত অনুমোদন জনায়৷ এই বিধেয়খন অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা অধ্যাদেশ, ২০১৯ৰ সলনি উত্থাপন কৰা হ’ব৷
২১ ফেব্ৰুৱাৰী, ২০১৯ত ঘোষণা কৰা অধ্যাদেশৰ সলনি অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা বিধেয়ক, ২০১৯খন উত্থাপন কৰা হ’ব, যিখন অন্যথা সংসদত পুনৰ মূল্যাংকনৰ ৬ সপ্তাহৰ পাছত বন্ধ কৰি দিয়া হ’ব৷

প্ৰভাৱঃ

এই বিধেয়কখনে দেশৰ নিয়ন্ত্ৰকৰ শিথিলতা আৰু কঠোৰ প্ৰশাসনিক ব্যৱস্থাৰ অভাৱৰ সূযোগ লৈ অতি পৰিশ্ৰমেৰে দুখীয়া আৰু সহজ-সৰল লোকসকলে উপাৰ্জন কৰা ধন সংগ্ৰহ কৰি অবৈধভাৱে জমা কাম-কাজক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব৷

পটভূমিঃ

২০১৯ৰ ১৩ ফেব্ৰুৱাৰীত লোকসভাৱ অধিৱেশনত অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা বিধেয়ক, ২০১৮ৰ সন্দৰ্ভত এলানি আলোচনাৰ পাছত বিবেচনা কৰাৰ লগতে অনিয়ন্ত্ৰিত জমা আঁচনি নিষেধাজ্ঞা বিধেয়ক, ২০১৯ৰ বিভাগীয় সংশোধনৰ প্ৰস্তাৱৰ ভিত্তিত গৃহীত কৰা হৈছিল৷ অৱশ্যে ৰাজ্যসভাই ইয়াক বিবেচনা আৰু গৃহীত কৰাৰ পূৰ্বে সেই দিনটোৰ কাম-কাজ স্থগিত ৰখা হয়৷

******

AKT/PK/SH/DB