পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সংবিধানৰ ৩৪০ নং ধাৰাৰ অধীনত অন্যান্য পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত কৰাৰ সন্দৰ্ভত পৰীক্ষা কৰাৰ বাবে এটি আয়োগ গঠনৰ প্রস্তাৱত আজি অনুমোদন জনায়। আয়োগৰ অধ্যক্ষ পদত নিয়োগৰ ১২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হ’ব। এই নতুন আয়োগক ‘অন্যান্য পিছপৰা শ্রেণীসমূহক বিভিন্ন ভাগত চিহ্নিত কৰাৰ বাবে আয়োগ’ হিচাপে পৰিগণিত হ’ব।
আয়োগৰ ফালৰ পৰা সংৰক্ষণৰ ক্ষেত্ৰত পিছপৰা শ্রেণী আৰু সম্প্রদায়ৰ ভিতৰত বৈষম্যৰ বিষয়টো পৰিষ্কাৰকৈ দেখুৱাব। এইক্ষেত্ৰত পিছপৰা শ্রেণী সম্পর্কীয় কেন্দ্রীয় তালিকাখন অনুসৰণ কৰা হ’ব। পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।
উল্লেখ্য যে ১৯৯২ৰ ১৬ নৱেম্বৰত এক আদেশ অনুসৰি শীর্ষ আদালতে ৰায় দিছিল যে কোনো ৰাজ্যই যদি তাৰ পিছপৰা শ্রেণীসমূহৰ মাজত বিভাগৰ প্রয়োজন বুলি মনে কৰে, তেতিয়া হ’লে সেই কামত আগুৱাই যোৱাৰ ক্ষেত্রত কোনো ধৰণৰ সাংবিধানিক বা আইনগত নিষেধাজ্ঞা নাই।
৯খন ৰাজ্য ক্ৰমে-অন্ধ্রপ্রদেশ, তেলেংগানা, পুডুচেৰি, কর্ণাটক, হাৰিয়ানা, ঝাড়খণ্ড, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্র আৰু তামিলনাডুত ইতিমধ্যে অন্যান্য পিছপৰা শ্রেণীৰ বিভাজনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।
*****
AKT/VBA/SH/DB