পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰতত অপুষ্টি প্ৰতিৰোধ আৰু হ্ৰাসজনিত সমস্যাৰ অৰ্থে লোৱা প্ৰচেষ্টাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উচ্চ পৰ্যায়ত পৰ্যালোচনা বৈঠকচ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, নিটী আয়োগ আৰু অন্যান্য মন্ত্ৰালয়ৰ একাংশ বিষয়া উপস্থিত থাকে।
বৈঠকত অপুষ্টি, মুজুৰা লগা তথা ইয়াৰ লগত সম্পৰ্কীয় সমস্যাৰ শেহতীয়া স্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাত উন্নত দেশসমূহে অপুষ্টি ৰোধৰ বাবে লোৱা ফলপ্ৰসূ প্ৰচেষ্টাসমূহে স্থান লাভ কৰে।
প্ৰধানমন্ত্ৰীয়ে মুজুৰা লগা, অপুষ্টি, জন্মতে ওজন হ্ৰাস আৰু এনিমিয়াজনিত সমস্যা ৰোধৰ অৰ্থে বাস্তৱিক লক্ষ্যৰে কাম কৰিবলৈ জোৰ দিয়ে। তেওঁ ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত এইবোৰৰ বাস্তৱিক তথা ফলপ্ৰসূ উপায় অৱলম্বন কৰিবলৈ গুৰুত্ব আৰোপ কৰে।
সভাত পুষ্টিজনিত সময়োপযোগী ব্যৱস্থা সম্পৰ্কে, বিশেষকৈ সৰ্বাধিক অপুষ্টিত ভোগা জিলাসমূহৰ বিষয়ে আলোচনা কৰা হয়
জ্যেষ্ঠ বিষয়াসকলে বাৰে বাৰে পুষ্টিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰচেষ্টা যেনে-স্বচ্চ ভাৰত অভিযান, মিচন ইন্দ্ৰধনূষ, বেটী বচাওঁ-বেটী পঢ়াওঁ আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা ইত্যাদিৰ ইতিবাচক প্ৰভাৱৰ দিশত গুৰুত্ব আৰোপ কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ মাজত সমন্বয় সাধন কৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পুষ্টি সমস্যা দূৰীকৰণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে কাংক্ষিক ফলাফল লাভৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত সামাজিক সজাগতাৰ বৃদ্ধিত জোৰ দিয়ে। তেওঁ সজাগতা সৃষ্টিৰ বাবে অনানুষ্ঠানিক মাধ্যম ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে।
***
AKT/AK/DB
Chaired a meeting to review efforts being made to reduce under-nutrition. Also discussed how real-time monitoring will help fight under-nutrition, especially in the worst performing districts. https://t.co/7UrTLpZmu0
— Narendra Modi (@narendramodi) November 25, 2017