Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অপৰাধজনিত ঘটনাত ভাৰত আৰু মৰক্কোৰ মাজত পাৰস্পৰিক আইনী সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অপৰাধজনিত ঘটনাত ভাৰত আৰু মৰক্কোৰ মাজত পাৰস্পৰিক আইনী সহযোগিতাৰ চুক্তিত অনুমোদন জনাইছে৷

উপযোগিতাঃ

চুক্তিখনে ভাৰত আৰু মৰক্কোৰ মাজত অপৰাধজনিত ঘটনাত অনুসন্ধান আৰু আইনী প্ৰক্ৰিয়া চলোৱাত দ্বিপাক্ষিক সহযোগিতাৰ বাবে এক বিস্তৃত আইনী পৰিকাঠাম প্ৰদান কৰিব৷ ইয়াৰ লক্ষ্য হ’ল অপৰাধৰ অনুসন্ধান আৰু বিচাৰ প্ৰক্ৰিয়াৰ সক্ৰিয়তা বৃদ্ধি কৰা, যাৰ ফলত সমাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব আৰু সমাজ উন্নতিৰ দিশে আগবাঢ়িব৷

*****

NW/AKT/SH/MS