Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক বিয়োগত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ


চলচ্চিত্ৰ অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—‘প্ৰখ্যাত অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক মৃত্যুত মই ব্যথিত৷ ভিন্ন চৰিত্ৰত স্মৰণীয় অভিনয়েৰে ভাৰতীয় ছবি জগতত তেওঁ এক দীঘলীয়া পৰিক্ৰমাৰ সূচনা কৰিছিল৷ এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷’

***

AKT/HS/MS