Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিযন্তা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে সকলো অভিযন্তাক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে অভিযন্তাসকলক নিৰ্মাণ, উদ্ভাৱন আৰু সমাধান বিচাৰি উলিওৱাৰ জৰিয়তে উন্নত ভৱিষ্যত গঢ়ি তোলাৰ হকে দিয়া বৰঙণিৰ বাবে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে ব্যতিক্ৰমী অভিযান্ত্ৰিক দক্ষতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰ জৰিয়তে অভিযন্তাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি অহা ছাৰ এম বিশ্বেশ্বৰায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

উন্নত ভৱিষ্যতৰ বাবে নিৰ্মাণ, উদ্ভাৱন আৰু সমাধান প্ৰদান কৰা সকলো উল্লেখযোগ্য অভিযন্তালৈ #EngineersDay উপলক্ষে শুভেচ্ছা।

অভিযান্ত্ৰিক প্ৰতিভা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰে সকলোকে অনুপ্ৰাণিত কৰি অহা ছাৰ এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি।

**********

MJPS/SS/VJ/DD