পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সন্দৰ্ভত নিৰ্ধাৰিত চৰ্তসমূহত অনুমোদন দিছে।
অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ এটা অস্থায়ী সংস্থা হ’ব। এই আয়োগ এজন অধ্যক্ষ, এজন সদস্য (অংশকালীন) আৰু এজন সদস্য-সচিবেৰে গঠিত হ’ব। এয়া গঠন কৰা তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত ইয়াৰ পৰামৰ্শ আগবঢ়াব। প্ৰয়োজন হ”লে পৰামৰ্শসমূহ চূড়ান্ত হোৱাৰ লগে লগে যিকোনো বিষয়ত অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা বিবেচনা কৰিব পাৰে। পৰামৰ্শ প্ৰদান কৰাৰ সময়ত আয়োগে তলত উল্লেখ কৰা বিষয়সমূহ মনত ৰাখিবঃ
v. কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে উপলব্ধ প্ৰচলিত দৰমহাৰ গাঁথনি, লাভালাভ আৰু কৰ্মৰ পৰিস্থিতি।
পটভূমি
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ চৰ্তৰ বিভিন্ন বিষয়ত গুৰুত্ব দিবলৈ আৰু ইয়াৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। সাধাৰণতে প্ৰতি দহ বছৰৰ পিছত দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হয়। এই ধাৰা অনুসৰি, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ প্ৰভাৱ সাধাৰণতে ০১.০১.২০২৬ৰ পৰা আশা কৰা হ’ব।
চৰকাৰে ২০২৫ চনৰ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ পৰীক্ষা কৰা আৰু পৰামৰ্শ প্ৰদানৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল।
***
MJPS/KD