Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অষ্টাদশ এছিয়ান গেমছত পদকজয়ী খেলুৱৈৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

অষ্টাদশ এছিয়ান গেমছত পদকজয়ী খেলুৱৈৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

অষ্টাদশ এছিয়ান গেমছত পদকজয়ী খেলুৱৈৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত সদ্যসমাপ্ত অষ্টাদশ এছিয়ান গেমছত পদকবিজয়ী খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰে৷ 
প্ৰধানমন্ত্ৰীয়ে পদকবিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে আৰু এছিয়ান গেমছত তেওঁলোকে দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনক ভূয়সী প্ৰশংসা কৰে৷ তেওঁ পদকবিজয়ী খেলুৱৈসকলক কয় যে তেওঁলোকৰ ক্ৰীড়াশৈলীয়ে ভাৰতৰ মৰ্যাদা আৰু গৌৰৱ বৃদ্ধি কৰিছে৷ তেওঁ আশা প্ৰকাশ কৰে যে  পদকজয়ী খেলুৱৈসকলৰ ধাৰাবাহিকতা অব্যাহত থাকিব আৰু খ্যাতি আৰু জনপ্ৰিয়তাৰ বাবে যাতে তেওঁলোক লক্ষ্যৰ পৰা বিচলিত নহয়৷ 
মত-বিনিময়ত প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াবিদসকলক আহ্বান জনায় যে প্ৰদৰ্শন উন্নত কৰিবলৈ তেওঁলোকে প্ৰযুক্তিক সহায়ক হিচাপে ব্যৱহাৰ কৰা উচিত৷ প্ৰযুক্তিৰ জৰিয়তে নিজৰ আৰু বিশ্বৰ আগশাৰীৰ ক্ৰীড়াবিদসকলৰ প্ৰদৰ্শন বিশ্লেষণ কৰি তেওঁলোকে নিজকে অধিক উন্নত কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ 
 প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্ত কৰে যে সৰু চহৰ, গ্ৰামাঞ্চল আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা অনেক যুৱ প্ৰতিভাৰ সৃষ্টি হৈছে আৰু দেশৰ হৈ তেওঁলোকে পদক জয় কৰি আছে৷ তেওঁ কয় যে গ্ৰামাঞ্চলত অনেক প্ৰতিভা আছে আৰু আমি এই প্ৰতিভাসমূহক উপযুক্ত প্ৰতিপালন কৰিব লাগিব৷ 
দেশৰ বাবে পদক জয় কৰিবলৈ কেইগৰাকীমান ক্ৰীড়াবিদে অত্যন্ত জটিল পৰিস্থিতিৰ মাজেৰে দিন অতিক্ৰম কৰিবলগা হৈছিল বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকী আবেগিক হৈ পৰে৷ তেওঁ এই খেলুৱৈসকলৰ দৃঢ়তা আৰু অধ্যাৱসায়ক চেল্যুট জনাই আৰু আশা কৰে যে তেওঁলোকৰ সফলতাই দেশবাসীক অনুপ্ৰাণিত কৰিব৷ 
প্ৰধানমন্ত্ৰীয়ে কয় যে পদকবিজয়ীসকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান এতিয়াহে আৰম্ভ হ’ব আৰু তেওঁলোকে কেতিয়াও অলিম্পিক পদক জয়ৰ লক্ষ্যৰ পৰা বিচলিত হ’ব নালাগে৷ 
কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া ৰাজ্যিক(স্বতন্ত্ৰ)মন্ত্ৰী কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় অনুষ্ঠানত উপস্থিত থাকে৷ আৰম্ভণি ভাষণত ৰাথোড়ে কয় যে পদকবিজয়ীৰ সংখ্যা বৃদ্ধি আৰু যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী লক্ষ্য আৰু চৰকাৰৰ পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ 
উল্লেখ্য যে ভাৰতে এইবাৰ অষ্টাদশ এছিয়ান গেমছত অভিলেখসংখ্যক ৬৯টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ এছিয়ান গেমছত ভাৰতৰ পূৰ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল গুৱানঝু এছিয়াডৰ ৬৫টা পদক৷ 
***
AKT/KP/MS