পি এম ইণ্ডিয়া
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।
‘গুটিংটাগ’!
বন্ধুসকল,
এয়া মোৰ প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। মই ইয়াত দেখা উৎসাহ, উদ্দীপনা সঁচাকৈয়ে অদ্ভুত ধৰণ। ৪১ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ইয়ালৈ আহিছে। আপোনালোকৰ মাজত নিশ্চয় বহুতো আছে যাৰ জন্মৰ আগতে কোনো এগৰাকী প্ৰধানমন্ত্ৰী ইয়ালৈ আহিছিল। আপোনালোকে বাৰু এই অপেক্ষা বহুত দীঘলীয়া হৈছিল বুলি নাভাবেনে? বাৰু, এতিয়া এই অপেক্ষাৰ অন্ত পৰিছে। এতিয়াতো আপোনালোক সুখী, নহয় নে বাৰু? নে মোক ক’ব লাগে বাবেহে কৈছে? সঁচাকৈয়ে সুখীনে? সঁচানে?
আৰু বন্ধুসকল,
এই অপেক্ষাও এক ঐতিহাসিক উপলক্ষত সমাপ্ত হৈছে। আপোনালোকৰ বহুতে হয়তো নাজানে যে ভাৰত আৰু অষ্ট্ৰিয়াই আমাৰ বন্ধুত্বৰ ৭৫ বছৰ উদযাপন কৰিছে। এই চমৎকাৰ আদৰণিৰ বাবে মই চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই অৰ্থনীতি আৰু শ্ৰম মন্ত্ৰী মাৰ্টিন কোকৰকো ধন্যবাদ জনাইছোঁ। আপোনালোক ইয়ালৈ অহা কথাটোৱেই এই কথা স্পষ্ট কৰিছে যে অষ্ট্ৰিয়াৰ বাবে ইয়াত বসতি স্থাপন কৰা ভাৰতীয়সকল কিমান বিশেষ।
বন্ধুসকল,
ভৌগোলিক দৃষ্টিকোণেৰেতো ভাৰত আৰু অষ্ট্ৰিয়া বিভিন্ন প্ৰান্তত আছে, কিন্তু আমাৰ মাজত বহুতো সাদৃশ্য আছে। গণতন্ত্ৰই আমাৰ দুয়োখন দেশক সংযুক্ত কৰিছে। স্বাধীনতা, সমতা, বহুত্ববাদ আৰু আইনৰ শাসনৰ প্ৰতি থকা সন্মান হৈছে আমাৰ অংশীদাৰী মূল্যবোধ। আমি দুয়োখনেই বহু-সাংস্কৃতিক আৰু বহুভাষিক সমাজ। দুয়োখন দেশেই, আমাৰ সমাজত, বৈচিত্ৰ্য উদযাপন কৰাটো হৈছে দুয়োখন দেশৰ অভ্যাস। আৰু আমাৰ এই মূল্যবোধবোৰ প্ৰতিফলিত কৰা এটা মুখ্য মাধ্যম হৈছে নিৰ্বাচন। কেইমাহমানৰ ভিতৰতে অষ্ট্ৰিয়াত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ভাৰতত আমি অলপতে মাত্ৰ পৰম উত্সাহ-উদ্দীপনা আৰু মৰ্যাদাপূৰ্ণভাবে গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিছোঁ। ভাৰতত বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত হৈছে।
বন্ধুসকল,
আজি বিশ্বৰ মানুহে ভাৰতৰ নিৰ্বাচনৰ বিষয়ে শুনি আচৰিত হৈছে। মাত্ৰ সপ্তাহচেৰেকৰ আগতে সমাপ্ত হোৱা নিৰ্বাচনত ৬৫০ নিযুততকৈয়ো অধিক লোকে ভোট দান কৰিছে। ইয়াৰ অৰ্থ হ’ব পাৰে ৬৫ অষ্ট্ৰিয়া, আৰু ইমান ডাঙৰ নিৰ্বাচন কল্পনা কৰকচোন, কিন্তু কেইঘণ্টামানৰ ভিতৰতে নিৰ্বাচনৰ ফলাফল স্পষ্ট হৈ যায়। এইটো হৈছে ভাৰতৰ নিৰ্বাচনী যন্ত্ৰ আৰু আমাৰ গণতন্ত্ৰৰ শক্তি।
বন্ধুসকল,
ভাৰতৰ এই নিৰ্বাচনত কেবা শ ৰাজনৈতিক দলৰ আঠ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এই পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতা, ইমান বৈচিত্ৰ্যপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ পিছতহে দেশৰ জনসাধাৰণে তেওঁলোকৰ জনাদেশ প্ৰদান কৰিছে। আৰু দেশখনে কি জনাদেশ দিছে? ৬০ বছৰৰ পিছত, একেৰাহে তৃতীয়বাৰৰ বাবে একেখন চৰকাৰে ভাৰতত সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। আমিতো ক’ভিডৰ পিছৰ যুগত সমগ্ৰ বিশ্বতে ৰাজনৈতিক অস্থিৰতাই প্ৰত্যক্ষ কৰিছোঁ। বেছিভাগ দেশতে চৰকাৰবোৰে কাৰ্যকাল সম্পূৰ্ণ কৰাটোৱেই সহজসাধ্য হোৱা নাই। পুনৰ নিৰ্বাচিত হোৱাটোতো এক প্ৰকাৰে এক ডাঙৰ প্ৰত্যাহ্বানেই হৈছে। এনে পৰিস্থিতিত, ভাৰতৰ জনসাধাৰণে মোক, মোৰ দলক, এন ডি এ-ক বিশ্বাস কৰিছে। এই জনাদেশটো এই কথাৰো প্ৰমাণ যে ভাৰতে স্থিৰতা বিচাৰে, ভাৰতে ধাৰাবাহিকতা বিচাৰে। এই ধাৰাবাহিকতা যোৱা ১০ বছৰৰ নীতি আৰু কাৰ্যসূচীৰ বাবে হৈছে। এই ধাৰাবাহিকতা সুশাসনৰ বাবে হৈছে। এই ধাৰাবাহিকতা ডাঙৰ সংকল্পৰ বাবে সমৰ্পণৰ সৈতে কাম কৰাৰ বাবে হৈছে।
বন্ধুসকল,
মই সদায় এই মত পোষণ কৰি আহিছো যে দুখন দেশৰ মাজৰ সম্পৰ্ক কেৱল চৰকাৰৰ দ্বাৰা স্থাপিত নহয়। সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ হৈছে অতিকে গুৰুত্বপূৰ্ণ। সেইকাৰণে মই এই সম্পৰ্কৰ বাবে আপোনালোক সকলোৰে ভূমিকাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ। আপোনালোকে কেবা দশকৰ আগতে ‘মোজাৰ্ট আৰু শ্ট্ৰুডলছ’ৰ দেশখনক নিজৰ কৰি লৈছিল। কিন্তু মাতৃভূমিৰ সংগীত আৰু সোৱাদ এতিয়াও আপোনালোকৰ হৃদয়ত খোদিত হৈ আছে। আপোনালোকে ভিয়েনাৰ ৰাস্তাবোৰত গ্ৰাথছ, লিণ্টছ, ইন্সব্ৰুক, ছালছবুগ আৰু অন্যান্য চহৰসমূহ ভাৰতৰ ৰঙেৰে ৰঙীন কৰি তুলিছে। দেৱালীয়েই হওক বা খ্ৰীষ্টমাছেই হওক, আপোনালোকে একে উৎসাহেৰে এইসমূহ উত্সৱ উদযাপন কৰে। আপোনালোকে ‘টৰ্টা’ আৰু লাড্ডু দুয়োটাই বৰ হেঁপাহেৰে তৈয়াৰ কৰে আৰু নিজে খোৱাৰ লগতে আনকো খুৱায়। আপোনালোকে অষ্ট্ৰিয়াৰ ফুটবল দল আৰু ভাৰতীয় ক্ৰিকেট দলক একে আবেগেৰে উৎসাহিত কৰে। আপোনালোকে ইয়াৰ কফি উপভোগ কৰে, লগতে ভাৰতৰ নিজা চহৰখনৰ চাহৰ দোকানখনকো মনত ৰাখে।
বন্ধুসকল,
ভাৰতৰ দৰে অষ্ট্ৰিয়াৰ ইতিহাস আৰু সংস্কৃতিও বহু পুৰণি, চমৎকাৰ আছিল। পৰস্পৰৰ সৈতে আমাৰ সম্পৰ্কও ঐতিহাসিক আৰু ইয়াৰ দ্বাৰা দুয়োখন দেশেই লাভান্বিত হৈছে। সংস্কৃতি আৰু বাণিজ্যও ইয়াৰ দ্বাৰা লাভান্বিত হৈছে। প্ৰায় ২০০ বছৰ আগতে ভিয়েনাৰ বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যয়ন আৰম্ভ হৈছিল। ১৮৮০ চনত ‘ভাৰততত্ব’ৰ বাবে এখন স্বতন্ত্ৰ আসন স্থাপনৰ জৰিয়তে ইয়াক আৰু উন্নত কৰা হৈছিল। আজি মই ইয়াত কিছু সংখ্যক প্ৰখ্যাত ‘ভাৰততত্ববিদ’ক লগ পোৱাৰ সুযোগ পাইছো। তেওঁলোকৰ বক্তৃব্যৰ পৰা এইটো স্পষ্ট হৈছিল যে ভাৰতৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বহুতেই বেছি। ভাৰতৰ বহুতো মহান ব্যক্তিয়েও অষ্ট্ৰিয়াক গভীৰভাৱে ভাল পাইছে। ভিয়েনাই আমাৰ বহুতো মহান ব্যক্তিত্ব যেনে- ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নেতাজী সুভাষৰ দৰে আমাৰ অনেক মহান ব্যক্তিত্বক আতিথ্য প্ৰদান কৰিছে আৰু গান্ধীজীৰ শিষ্যা মীৰাবেনে তেওঁৰ অন্তিম বছৰকেইটা ভিয়েনাতে অতিবাহিত কৰিছিল।
বন্ধুসকল,
আমাৰ মাজত কেৱল সংস্কৃতি আৰু বাণিজ্যৰ সম্পৰ্কই নাই, বিজ্ঞানেও আমাক সংযুক্ত কৰি আহিছে। বহু বছৰ আগতে ভিয়েনা বিশ্ববিদ্যালয়ত আমাৰ নবেল বঁটা বিজয়ী ছাৰ চি ভি ৰমেনে প্ৰায়েই বক্তৃতা প্ৰদান কৰিছিলহি। আজি মই নবেল বঁটা বিজয়ী এণ্টন জেইলিংগাৰক লগ পোৱাৰ সুযোগ পাইছিলো। এই দুগৰাকী মহান বিজ্ঞানীক ‘কোৱাণ্টাম’-য়ে সংযুক্ত কৰিছে। ‘কোৱাণ্টাম কম্পিউটিং’ত এণ্টন জেইলিংগাৰৰ কামে বিশ্বক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছে।
বন্ধুসকল,
আজি সমগ্ৰ বিশ্বতে ভাৰতৰ বিষয়ে যথেষ্ট আলোচনা হ’বলৈ ধৰিছে। এনে হৈছেনে নাই? সকলোৱে ভাৰতৰ বিষয়ে জানিব-বুজিব বিচাৰিছে। আপোনালোকৰো এই অভিজ্ঞতা হৈছে, নহয় নে বাৰু? মানুহে আপোনালোকৰ পৰা বহুত কথা জানিব বিচাৰে, নহয় নে বাৰু? এনে প্ৰেক্ষাপটত ভাৰতে আজি কি ভাবি আছে? ভাৰতে কি কৰি আছে? এই প্ৰেক্ষাপটত এখন উন্নত তথ্যসমৃদ্ধ পৃথিৱী গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ হৈছে। ভাৰতে একষষ্ঠাংশ মানৱতাক প্ৰতিনিধিত্ব কৰে আৰু গোলকীয় বিকাশত প্ৰায় সম পৰিমাণৰ অৱদান আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি আমি বিশ্বৰ সৈতে জ্ঞান আৰু দক্ষতা সহভাগ কৰি আহিছো। হিন্দুস্থানে যুদ্ধ দিয়া নাছিলো, আমি বুকু ফিন্দাই বিশ্বক ক’ব পাৰোঁ যে হিন্দুস্থানে যুদ্ধ নহয় বুদ্ধকহে দিছে। মই যেতিয়া বুদ্ধৰ কথা কওঁ, ইয়াৰ অৰ্থ হৈছে যে ভাৰতে সদায় শান্তি আৰু সমৃদ্ধিকহে প্ৰদান কৰি আহিছে। সেয়েহে, ভাৰতে একবিংশ শতিকাৰ পৃথিৱীখনতো এই ভূমিকা শক্তিশালী কৰিবলৈ আগবাঢ়িছে। আজি যেতিয়া বিশ্বই ভাৰতক ‘বিশ্ববন্ধু’ৰ ৰূপত চাবলৈ লৈছে সেয়া হৈছে আমাৰ বাবে গৌৰৱৰ কথা। আপোনালোকেও বাৰু পদক্ষেপবোৰৰ বাবে গৌৰৱ অনুভৱ কৰে, কৰে নে নকৰে?
বন্ধুসকল,
ভাৰতত হোৱা দ্ৰুত পৰিৱৰ্তনসমূহৰ বিষয়ে পঢ়িলে আৰু শুনিলে কেনে লাগে বাৰু? কেনে লাগে বাৰু? কেনে লাগে? মই নিশ্চিত বন্ধুসকল, আপোনালোকৰ বুকুওবোৰো ৫৬ ইঞ্চিৰ হৈ উঠে। ভাৰত আজি পঞ্চম বৃহত্তম অৰ্থনীতি। যেতিয়া মই ২০১৪ চনত এই সেৱালৈ আহিছিলো আমি ১০ নম্বৰত আছিলো, ১০ নম্বৰী বুলি কোৱা নাই দেই। আজি আমি ৫ নম্বৰত উপনীত হৈছো। আপোনালোকে যেতিয়া এইবোৰ কথা শুনে তেতিয়া বাৰু আপোনালোকৰ কেনে লাগে? বন্ধুসকল, আপোনালোক গৌৰৱান্বিত হয়নে নহয়? আজি ভাৰতে এক শতাংশ হাৰেৰে উন্নতি কৰি আছে। এই গতিৰ জৰিয়তে কি হ’ব পাৰে মই আপোনালোকক কওঁনে? কওঁনে বাৰু? আজি আমি ৫ নম্বৰত আছোঁ, আমি শীৰ্ষ ৩ ত অৱতীৰ্ণ হ’ম আৰু বন্ধুসকল মই দেশবাসীক কৈছিলো যে মোৰ তৃতীয়টো কাৰ্যকালত মই দেশখনক বিশ্বৰ শীৰ্ষ ৩টা অৰ্থনীতিলৈ লৈ যাম আৰু মই আপোনালোকক এই কথাটোও কওঁ যে আমি কেৱল শীৰ্ষত উপনীত হ’বলৈকে কঠোৰ পৰিশ্ৰম কৰি থকা নাই, আমাৰ লক্ষ্য হৈছে ২০৪৭। দেশখন ১৯৪৭ চনত স্বাধীন হৈছিল, ২০৪৭ চনত দেশখনে শতবাৰ্ষিকী উদযাপন কৰিব। কিন্তু সেই শতিকাটো উন্নত ভাৰতৰ শতিকা হ’ব। ভাৰত সকলো ধৰণে বিকাশিত হ’ব। আমি আহিবলগীয়া ১০০০ বছৰৰ ভাৰতখনৰ বাবে শক্তিশালী ভেটি স্থাপন কৰি আছো।
বন্ধুসকল,
ভাৰতে আজি শিক্ষা, দক্ষতা, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিমাণে কাম কৰি আছে। ১০ বছৰত, এই সংখ্যাবোৰ অকণমান মনত ৰাখিবচোন দেই… ১০ বছৰত ভাৰতত প্ৰতিদিনে দুখনকৈ নতুন মহাবিদ্যালয় খোলা হৈছিল। আৰু কওঁনে? প্ৰতি সপ্তাহত এখনকৈ নতুন বিশ্ববিদ্যালয় খোলা হৈছিল। যোৱাটো বছৰত প্ৰতিদিনে ২৫০ৰো অধিক ‘পেটেণ্ট’ মঞ্জুৰ কৰা হৈছিল। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম ‘ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ’। আজি, পৃথিৱীৰ প্ৰতিটো দশম ‘ইউনিকৰ্ণ’ ভাৰতত আছে। আজি পৃথিৱীৰ অন্য প্ৰান্তসমূহত যিমান সংখ্যক প্ৰকৃত সময়ৰ ‘ডিজিটেল লেনদেন’ সম্পাদিত হয়, সিমান সংখ্যকেই কেৱল ভাৰতত সম্পাদিত হয়। আমাৰ পৰিশোধ ‘ডিজিটেল’ হৈছে, আমাৰ প্ৰক্ৰিয়াবোৰো ‘ডিজিটেল’ হৈছে। ভাৰত কম কাগজ, কম নগদ ধনৰ দেশ হৈছে, কিন্তু মসৃণ অৰ্থনীতিৰ দিশে আগবাঢ়িছে।
বন্ধুসকল,
আজি ভাৰতে সৰ্বশ্ৰেষ্ঠ, উজ্জ্বল, আটাইতকৈ ডাঙৰ আৰু সৰ্বোচ্চ মাইলৰ খুঁটি সম্ভৱ কৰাৰ বাবে কাম কৰি আছে। আজি আমি ভাৰতক ‘উদ্যোগ ৪.০’ আৰু ‘সেউজ ভৱিষ্যত’ৰ বাবে সাজু কৰি আছো। ‘সেউজ হাইড্ৰজেন মিছন’ৰ লক্ষ্য হৈছে ২০৭০ চনৰ ভিতৰত ‘শূণ্য কাৰ্বন নিৰ্গমণ’ৰ লক্ষ্য প্ৰাপ্ত কৰা। আমি ‘সেউজীয়া গতিশীলতা’ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি আছো। আৰু অষ্ট্ৰিয়াও ভাৰতৰ এই অভূতপূৰ্ব বিকাশৰ কাহিনীৰ পৰা লাভান্বিত হৈছে। আজি, ১৫০ৰো অধিক অষ্ট্ৰিয়ান কোম্পানীয়ে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। ই ভাৰতৰ আন্তঃগাঁথনিৰ সৈতে সম্পৰ্কিত আকাংক্ষা পূৰণত সহায় কৰিছে। অষ্ট্ৰিয়াৰ কোম্পানীসমূহে ভাৰতত মেট্ৰ’, বান্ধ, সুৰংগ আৰু আন বহুতো আন্তঃগাথনি নিৰ্মাণ প্ৰকল্পত কাম কৰি আছে, আৰু মই আশা কৰো যে অনাগত সময়ত ইয়াৰ কোম্পানী আৰু বিনিয়োগকাৰীসকলে ভাৰতত তেওঁলোকৰ উপস্থিতি অধিক সম্প্ৰসাৰিত কৰিব।
বন্ধুসকল,
অষ্ট্ৰিয়াত বাস কৰা ভাৰতীয়সকলৰ সংখ্যা বৰ বেছি নহয়। কিন্তু অষ্ট্ৰিয়াৰ সমাজলৈ আপোনালোকে আগবঢ়োৱা অৱদান নিতান্তই প্ৰশংসনীয়। বিশেষকৈ ইয়াৰ স্বাস্থ্যসেৱা খণ্ডত আপোনালোকৰ ভূমিকা যথেষ্ট প্ৰশংসিত হৈ আহিছে। আমি ভাৰতীয়সকল যত্ন আৰু সহানুভূতিশীলতাৰ বাবে জনাজাত। মই সুখী যে আপোনালোকে এই মূল্যবোধবোৰ আপোনালোকৰ বৃত্তিত আপোনালোকৰ সৈতে ইয়াতো বহন কৰে। আপোনালোক সকলোৱে এইদৰেই অষ্ট্ৰেলিয়াৰ বিকাশযাত্ৰাত সহভাগী থাকক। ইমান বৃহৎ সংখ্যাত ইয়ালৈ অহাৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, আপোনালোক সকলোৰে এই উৎসাহ আৰু শক্তিৰ বাবে মোৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ।
বন্ধুসকল,
অষ্ট্ৰিয়াৰ এই প্ৰথমটো ভ্ৰমণ যথেষ্ট ফলপ্ৰসূ হৈছে। আকৌ এবাৰ মই চৰকাৰ আৰু ইয়াত থকা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। মই বিশ্বাস কৰো যে এইবাৰ ১৫ আগষ্ট সকলো পুৰণি অভিলেখ ভংগ কৰা বিধৰ হ’ব। হ’বনে বাৰু ? নিশ্চিত ভাবে হ’বনে? মোৰ সৈতে কওক –
ভাৰত মাতা কী – জয়!
ভাৰত মাতা কী – জয়!
ভাৰত মাতা কী – জয়!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বন্দে মাতৰম্!
বহুত বহুত ধন্যবাদ!
***
DS/ST/DK/AV/AK/KB
Grateful to the Indian community in Austria for their warmth and affection. Addressing a programme in Vienna. https://t.co/W9ECc7XqXq
— Narendra Modi (@narendramodi) July 10, 2024
A significant visit to Austria. pic.twitter.com/7K07bb0Kg7
— PMO India (@PMOIndia) July 10, 2024
Democracy connects India and Austria. pic.twitter.com/OOKCPQx39t
— PMO India (@PMOIndia) July 10, 2024
आज दुनिया के लोग भारत के elections के बारे में सुनकर हैरान रह जाते हैं: PM @narendramodi pic.twitter.com/VQ44fPJk9E
— PMO India (@PMOIndia) July 10, 2024
The relationships between two countries are not built solely by governments. Public participation is crucial in strengthening these ties. pic.twitter.com/VxPJ1BpCN6
— PMO India (@PMOIndia) July 10, 2024
हर कोई भारत के बारे में जानना-समझना चाहता है: PM @narendramodi pic.twitter.com/mvWGw42kQM
— PMO India (@PMOIndia) July 10, 2024
Today, India is working towards being the best, the brightest, achieving the biggest and reaching the highest milestones. pic.twitter.com/sKj1bcGw2x
— PMO India (@PMOIndia) July 10, 2024
There is a lot that connects India and Austria. pic.twitter.com/6OibvEHVV4
— Narendra Modi (@narendramodi) July 10, 2024
The people of India voted for stability and continuity. pic.twitter.com/PVyfWnxmwF
— Narendra Modi (@narendramodi) July 10, 2024
Culture has immense potential to bring India and Austria even closer. pic.twitter.com/h3rRRbISKv
— Narendra Modi (@narendramodi) July 10, 2024
The world sees India with great hope. pic.twitter.com/Pu0bXptnO3
— Narendra Modi (@narendramodi) July 10, 2024