Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসম দিৱস উপলক্ষে অসমৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম দিৱস উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। ‘যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব’, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘অসম দিৱস উপলক্ষে অসমৰ মোৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছো।

আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।

টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব।’

***

MJPS/VJ/HS