Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসামৰিক বিমান পৰিবহণ খণ্ডত সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি কেন্দ্রীয় কেবিনেট বৈঠকত অসামৰিক বিমান পৰিবহণ খণ্ডত সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু জাৰ্মানীৰ মাজত আগ্ৰহৰ যৌথ ঘোষণাপত্ৰ শীৰ্ষক প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে। এই যৌথ ঘোষণাপত্ৰৰ ফলত ভাৰত আৰু জামার্নীৰ মাজত বিমান পৰিবহণ খণ্ডৰ নিৰাপত্তা, দক্ষতা আৰু ইয়াৰ মান উন্নয়নৰ দিশত সহযোগিতা বৃদ্ধি পাব।

 

যৌথ ঘোষণাপত্ৰ প্রকাশৰ অংগ হিচাপে এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত অসামৰিক বিমান পৰিবহণৰ সম্পর্কে এক গুৰুত্বপূর্ণ মাঁইলৰ খুঁটি হৈ পৰিব। লগতে ইয়াৰ ফলত উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, পর্যটন আৰু সাংস্কৃতিক আদান-প্রদান বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

 

অসামৰিক বিমান পৰিবহণ খণ্ডত জ্ঞান আৰু অভিজ্ঞতাৰ প্রসাৰ তথা বিনিময়ৰ বাবে যৌথ আগ্রহ প্রকাশৰ জৰিয়তে উভয় দেশেই এই সম্পর্কক আৰু অধিক মজবুত তথা উন্নত কৰাৰ ইচ্ছা প্রকাশ কৰিছে। এই যৌথ আগ্রহ প্রকাশৰ উদ্দেশ্য হ’ল

(i)  বিমান চলাচলৰ ক্ষেত্ৰত নিৰাপত্তা আৰু এয়াৰ ট্রেফিক মেনেজমেণ্ট

আলোচনা-চক্ৰ, বাৰ্তালাপ, ভ্ৰমণ আৰু অন্যান্য আনুষংগিক ধাৰণাৰ বিনিময়ৰ জৰিয়তে বিমান চলাচলৰ ক্ষেত্ৰত নিৰাপত্তা আৰু এয়াৰ ট্রেফিক মেনেজমেণ্ট সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান কৰা।

(ii)  হেলিপোর্ট আৰু হেলিকপ্টাৰৰ জৰিয়তে জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱা (HEMS)

হেলিপোর্ট আৰু হেলিকপ্টাৰৰ জৰিয়তে জৰুৰীকালীন চিকিৎসা সেৱা সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান কৰা।

(ill)  নিয়মকানুন আৰু নীতি 

মুখ্য আন্তঃৰাষ্ট্ৰীয় বিষয়ত আইচিএঅৰ সৈতে ধাৰাবাহিক সহযোগিতা বৰ্তাই ৰখা।

 (iv)     কর্পোৰেট আৰু বাণিজ্যিক বিমান চলাচল বৃদ্ধি

বাণিজ্যিক আৰু অনা-ব্যৱসায়িক পৰিবহণ বিমানৰ চলাচল সম্পৰ্কে তথ্য বিনিময় কৰা। 

 (vi)  প্রশিক্ষণ আৰু দক্ষতা উন্নয়ন         

পৰিবহণ খণ্ডৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰিকৰী আৰু অনা-কাৰিকৰী দিশত সহযোগিতাৰে প্রশিক্ষণ আৰু দক্ষতাৰ উন্নয়ন ঘটোৱা।

*****

KS/SNC/SH/DB