পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ অনুঘটক হিচাপে কাম কৰিবলগীয়া ‘ছেমিকন ইণ্ডিয়া – ২০২৫’সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়েও ৩ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলতো অংশগ্ৰহণ কৰিব।
২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনত ভাৰতৰ শক্তিশালী, স্থিতিস্থাপক, আৰু বহনক্ষম অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াত ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অগ্ৰগতি, অৰ্ধপৰিবাহী ফেব আৰু উন্নত পেকেজিং প্ৰকল্প, আন্তঃগাঁথনিৰ প্ৰস্তুতি, স্মাৰ্ট মেনুফেকচাৰিং, গৱেষণা আৰু উন্নয়ন তথা কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাৱন, বিনিয়োগৰ সুযোগ, ৰাজ্যিক পৰ্যায়ৰ নীতি ৰূপায়ণ আদিৰ বিষয়ত অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি এই অনুষ্ঠানত ডিজাইন লিংকড ইনচেণ্টিভ (ডিএলআই) আঁচনিৰ অধীনত গ্ৰহণ কৰা পদক্ষেপ, ষ্টাৰ্টআপ ইক’চিষ্টেমৰ বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ ভৱিষ্যতৰ কাৰ্য পৰিকল্পনাৰ বিষয়তো আলোকপাত কৰা হ’ব।
৪৮ খনতকৈও অধিক দেশৰ ২,৫০০ৰো অধিক প্ৰতিনিধি, ৫০ জনতকৈ অধিক বিশ্ব নেতাকে ধৰি ১৫০ জনতকৈ অধিক বক্তা আৰু ৩৫০ জনতকৈ অধিক প্ৰদৰ্শককে ধৰি ২০,৭৫০ গৰাকীতকৈয়ো অধিক ব্যক্তিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি ৬খন দেশৰ বাবে ঘূৰণীয়া মেজমেলৰো আয়োজন কৰা হ’ব। ইয়াত দেশৰ পেভিলিয়ন আৰু অন্যান্য বিষয়ৰ লগতে ৱৰ্ক ফৰ্চ ডেভেলপমেণ্ট আৰু ষ্টাৰ্ট-আপৰ বাবে নিৰ্দিষ্ট পেভিলিয়ন অন্তৰ্ভুক্ত কৰা হ’ব।
সমগ্ৰ বিশ্বতে আয়োজন কৰা ছেমিকন সন্মিলনৰ লক্ষ্য হৈছে অৰ্ধপৰিবাহী ক্ষেত্ৰখনৰ প্ৰযুক্তিগত উন্নতিৰ লগতে বিভিন্ন দেশৰ নীতিসমূহৰ সংপৃক্তকৰণৰ জড়িয়তে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তোলা আৰু ইয়াক অধিক প্ৰসাৰিত কৰা। ভাৰতক অৰ্ধপৰিবাহীৰ আৰ্হি , উৎপাদন আৰু প্ৰযুক্তি উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীক আগুৱাই নিয়াৰ অৰ্থে ২০২২ চনত বাংগালুৰুত, ২০২৩ চনত গান্ধীনগৰত আৰু ২০২৪ চনত গ্ৰেটাৰ নয়ডাত এই সন্মিলনৰ আয়োজন কৰা হৈছিল।
MJPS/SR/DM
At 10 AM tomorrow, 2nd September, will inaugurate Semicon India - 2025, an important platform that brings together leading stakeholders from the world of semiconductors. This is a sector in which India’s recent strides have been remarkable. The Conference will focus on key themes…
— Narendra Modi (@narendramodi) September 1, 2025