পি এম ইণ্ডিয়া
ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম – এই মৰ্যাদাপূৰ্ণ মঞ্চ, ব্যৱসায় তথা উদ্যোগ জগতৰ সকলো প্ৰখ্যাত ব্যক্তিত্ব, নীতি নিৰ্ধাৰকসকল, অন্যান্য বিশিষ্ট অতিথিবৃন্দ, সমবেত পুৰুষ-মহিলাসকল।
আপোনালোক সকলোৰে মাজলৈ আহি আনন্দ অনুভৱ কৰাটো অত্যন্ত স্বাভাৱিক। এই বছৰৰ সন্মিলনৰ মূল বিষয়বস্তু হৈছে ‘শ্বেয়াৰ্ড ফিউচাৰ’ (অংশীদাৰী ভৱিষ্যত)। বিগত কেইটামান বছৰত বিশ্বই বহু উত্থান-পতন প্ৰত্যক্ষ কৰিছে। আৰু এই অভিজ্ঞতাসমূহে এটা কথা অতি স্পষ্ট কৰি তুলিছে: ভাল পাওক বা নাপাঅ’ক, প্ৰত্যেকখন দেশৰ ভৱিষ্যতেই ইজনে সিজনৰ সৈতে জৰিত। পৃথক হৈ একোৱেই সম্ভৱ নহয়। সেয়েহে আজিৰ দিনত ‘শ্বেয়াৰ্ড ফিউচাৰ’ৰ এই ধাৰণাটো অধিক প্ৰসংগিক হৈ পৰিছে। আৰু ভাৰতে সদায় এই ভাৱধাৰাক প্ৰতিনিধিত্ব কৰি আহিছে। জি-২০ৰ অধ্যক্ষতাৰ সময়তো ভাৰতৰ মূল মন্ত্ৰ আছিল ‘ৱান আৰ্থ, ৱান ফেমিলি, ৱান ফিউচাৰ’ (এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত)। অংশীদাৰী ভৱিষ্যতৰ ভাৱধাৰা আৰু ইয়াৰ সৈতে অহা দায়বদ্ধতাৰ অনুভূতিয়ে একবিংশ শতিকাৰ বিশ্বৰ বহু সমস্যাৰ সমাধান প্ৰদান কৰে।
বন্ধুসকল,
আজি সমগ্ৰ বিশ্বতে বিকাশক লৈ বহু উদ্বেগৰ সৃষ্টি হৈছে। বিগত সময়ছোৱাত বিশ্বই এক অতি ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰিছে। সম্পদসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। অবিশ্বাসৰ বাতাবৰণে বিশ্বৰ বাবে বহু নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। কিন্তু এনে সময়তো বিশ্বই ভাৰতক বিকাশ আৰু আশাৰ এক উজ্জ্বল স্থান হিচাপে প্ৰত্যক্ষ কৰিছে। বিগত ১০-১২ বছৰত ভাৰতে ২৫০ নিযুত মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। কেৱল সেয়াই নহয়, আগন্তুক দিনবোৰৰ কথা ক’বলৈ গ’লে, আইএমএফৰ পূৰ্বানুমান হৈছে যে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা মুখ্য অৰ্থনীতি হৈয়েই থাকিব। আৰু ভাৰতে ধাৰাবাহিকভাৱে এনে পদক্ষেপ গ্ৰহণ কৰি আছে যিয়ে ইয়াৰ উন্নয়নক দ্ৰুততৰ কৰি তুলিছে।
বন্ধুসকল,
যোৱা সপ্তাহত, ১৫ আগষ্টত লালকিল্লাৰ পৰা মই সাতটা শক্তিৰ সাতখন ধাৰাৰ বিষয়ে কৈছিলোঁ। উৎপাদন, প্ৰযুক্তি আৰু উদ্ভাৱন, খাদ্য সংসাধন, সেউজ আৰু নীলা অৰ্থনীতি-মই এনে সাতটা খণ্ডৰ কথা কৈছিলোঁ যিবোৰত ভাৰতে আজি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। আৰু সেইবাবেই ভাৰতে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ নীতিগত পৰ্যায়ত নতুন প্ৰজন্মৰ সংস্কাৰ সাধন কৰিছে। সুশাসনত সংস্কাৰ, জীৱনধাৰণৰ সহজতাৰ বাবে সংস্কাৰ। যোৱাবাৰ যেতিয়া মই এই মঞ্চৰ জৰিয়তে আপোনালোকৰ সৈতে সম্প্ৰচাৰিত হৈছিলোঁ, তেতিয়াও মই কৈছিলোঁ-এই সংস্কাৰসমূহ আমাৰ বাবে কোনো বাধ্যবাধকতা নহয়। এইবোৰ আমাৰ অংগীকাৰ, আমাৰ দৃঢ় বিশ্বাস।
বন্ধুসকল,
২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল, তেতিয়াৰ পৰাই সংস্কাৰসমূহে দেশৰ দিশ আৰু অৱস্থা সলাই পেলাইছে। মই আপোনালোকক ইয়াৰ এটা অতি আকৰ্ষণীয় উদাহৰণ দিব বিচাৰোঁ। হয়তো ইয়াত উপবিষ্ট কোনো ব্যক্তিয়েই ‘PLP’ৰ বিষয়ে নাজানে। ‘PLP’ৰ বিষয়ে জনা কোনোবা আছে নেকি? হাত দাঙক চোন। ইমানবোৰ মাধ্যমৰ বিশিষ্ট ব্যক্তি ইয়াত বহি আছে – আপোনালোকে ‘PLP’ জানে নে? আপোনালোক শুনি আচৰিত হ’ব। PLP মানে Production Linked Punishment (উৎপাদনভিত্তিক শাস্তি)। এই বিষয়ে কোনেও নাজানে। আৰু আন এটা শব্দ আপোনালোকে নিশ্চয় শুনিছে – PLI। অধিকাংশ মানুহেই এইটো জানে। PLI মানে Production Linked Incentive (উৎপাদন ভিত্তিক উৎসাহ)।
বন্ধুসকল,
এই দুয়োটা শব্দই ভাৰতৰ দুটা বেলেগ সময়ছোৱাক বুজায়। আজিকালি স্পষ্টীকৰণৰ যুগ, গতিকে মই আপোনালোকক বুজাই কওঁ।
বন্ধুসকল,
আজিৰ নতুন প্ৰজন্মই শুনি আচৰিত হ’ব যে আমাৰ দেশত এনে এক সময় আছিল যেতিয়া কোনো কোম্পানীয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক উৎপাদন কৰিলে তাক শাস্তি দিয়া হৈছিল। এইটোৱেই আছিল পূৰ্বৰ লাইচেঞ্চ-ৰাজ চৰকাৰসমূহৰ PLP – Production Linked Punishment আৰ্হি। আনকি এনে উদাহৰণো আছিল যে যদি কোনো ফেক্টৰীয়ে অধিক চাহিদা দেখি উৎপাদন বৃদ্ধি কৰিছিল, তেতিয়া তাক জাননী পঠিওৱা হৈছিল। ইয়াৰ দ্বাৰা বাধ্য হৈ কোম্পানীটোৱে বজাৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে নিজৰ উৎপাদিত সামগ্ৰী নিজেই ধ্বংস কৰি পেলাইছিল।
বন্ধুসকল,
আজি যিসকলে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানক উপহাস কৰে – তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ চিন্তাধাৰাও ঠিক এনেকুৱাই আছিল: PLP, Production Linked Punishment। এনে কাৰ্যৰ আঁৰত আছিল এক বিশেষ বিকৃত মানসিকতা। এনে মানসিকতাৰ মানুহে সদায় বিচাৰিছিল যাতে প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি অব্যাহত থাকে। নাগৰিকসকলক বঞ্চিত কৰি ৰখাটোৱেই আছিল তেওঁলোকৰ নীতি। তেওঁলোকে বিচাৰিছিল যে মানুহে তেওঁলোকৰ আগত হাতযোৰ কৰক, ভিক্ষা মাগক – মই কাৰ কথা কৈছোঁ আপোনালোকে বুজি পাইছে নিশ্চয়। মানুহক হাতযোৰ কৰোৱাৰ পিছত, তেওঁলোকে এনেদৰে ব্যৱহাৰ কৰিছিল যেন তেওঁলোকে কোনো অনুগ্ৰহহে কৰিছে। সেইটোৱেই আছিল সেই চৰকাৰবোৰৰ পথ, আৰু সেইবাবেই তেওঁলোকে Production Linked Punishment আৰ্হি অনুসৰণ কৰিছিল। আপোনালোকে কল্পনা কৰিব পাৰে, এনে কৰি তেওঁলোকে কৰ্মসংস্থান সৃষ্টিৰ মূল নীতিটোকে শ্বাসৰুদ্ধ কৰি পেলাইছিল। আৰু আচৰিত কথাটো হ’ল-তেওঁলোকৰ তোষামোদকাৰীসকলে, মই পুনৰাই কৈছোঁ, তেওঁলোকৰ তোষামোদকাৰীসকলে ইয়াৰ বিৰুদ্ধে কেতিয়াও মাত মতা নাছিল।
বন্ধুসকল,
প্ৰতিটো সংস্কাৰ প্ৰথমে আৰম্ভ হয় আপোনাৰ চিন্তাৰ ধাৰা, আপোনাৰ মানসিক গঠন আৰু আপুনি কাম কৰা পৰিসৰৰ পৰিৱৰ্তনৰ পৰা। য’ত আগতে উৎপাদন বৃদ্ধি কৰিলে শাস্তি দিয়া হৈছিল, আজি আমাৰ চৰকাৰে উৎপাদন বৃদ্ধিৰ বাবে উৎসাহ প্ৰদান কৰে। আৰু আজি PLI আঁচনিৰ সফলতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। কেৱল এইখন আঁচনিৰ বাবেই-মই সকলো আঁচনিৰ কথা কোৱা নাই, কেৱল এখনৰ কথাই কৈছোঁ-প্ৰায় ২.৫ লাখ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগ হৈছে। ২২ লাখ কোটি টকাতকৈও অধিক টকাৰ উৎপাদন আৰু বিক্ৰী হৈছে। ১৫ লাখ কোটি টকাতকৈও অধিক টকাৰ ৰপ্তানি হৈছে। আৰু ১৪ লাখতকৈও অধিক প্ৰত্যক্ষ তথা পৰোক্ষ কৰ্মসংস্থানৰ সৃষ্টি হৈছে। আৰু মই আপোনালোকক পুনৰ মন পেলাই দিছোঁ-এই পৰিসংখ্যা কেৱল এখন আঁচনিৰহে। চিন্তা কৰি চাওক: পূৰ্বৰ লাইচেঞ্চ-ৰাজ চৰকাৰসমূহৰ শাস্তিৰ আৰ্হিয়ে নিবনুৱা সমস্যা বৃদ্ধি কৰিছিল, আনহাতে আজি আমাৰ উৎসাহিতকৰণৰ আৰ্হিয়ে লাখ লাখ নতুন কৰ্মসংস্থান সৃষ্টি কৰিছে।
বন্ধুসকল,
আজি ভাৰতত এই দ্ৰুত উন্নয়ন, এই দ্ৰুত সংস্কাৰ সম্ভৱ হৈছে কাৰণ ভাৰতত – আৰু সত্য়ই অলপ আগতে উল্লেখ কৰাৰ দৰে-ৰাজনৈতিক সুস্থিৰতা আছে, আমাৰ নীতিত ধাৰাবাহিকতা আছে। আগতে যিসকলে দেশত সংস্কাৰৰ কথা কৈছিল, তেওঁলোকে ঘোষণা কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত পাহৰি গৈছিল। কিন্তু আমি সংস্কাৰৰ বাবে এক স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰিলোঁ। এই পথৰ মেপৰ মূল দিশটো হ’ল-সুশাসনৰ পৰ্যায়ত সংস্কাৰ! ইয়াৰ বাবে আজি একবিংশ শতিকাৰ ভাৰতত আমি কেৱল নিয়মাৱলী সলনি কৰা নাই, আমি নিয়মৰ সমগ্ৰ দৰ্শনটোকে সলনি কৰিছোঁ। আগতে নিয়মৰ দৃষ্টিভংগী আছিল: “অনুমতি নিদিয়ালৈকে নিষিদ্ধ।” অৰ্থাৎ চৰকাৰে অনুমতি নিদিয়ালৈকে আপুনি সেই কাম কৰিব নোৱাৰিছিল। আমি এই দৃষ্টিভংগী সলনি কৰি “নিষিদ্ধ নকৰালৈকে অনুমতিপ্ৰাপ্ত” কৰিছোঁ। অৰ্থাৎ যিবোৰ কাম আইনে স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা নাই, তাৰ বাবে পদে পদে অনুমতিৰ প্ৰয়োজন হ’ব নালাগে। আৰু এই চিন্তাৰ আঁৰত অতি সৰল কথা এটা আছে-চৰকাৰ আৰু নাগৰিকৰ মাজৰ সম্পৰ্কৰ আধাৰ বিশ্বাস হ’ব লাগে, সন্দেহ নহয়।
বন্ধুসকল,
এই চিন্তাধাৰা জন বিশ্বাস বিলতো স্পষ্ট হৈ পৰে। মই বিশ্বাস কৰোঁ যে প্ৰতিটো প্ৰক্ৰিয়াগত ভুলকে অপৰাধমূলক কাৰ্য বুলি গণ্য কৰাটো সঠিক নহয়। সেইবাবেই বহু অপৰাধক অপৰাধমুক্ত কৰা হৈছে। বহু ক্ষেত্ৰত জেলৰ পৰিৱৰ্তে কেৱল আৰ্থিক জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰ আৰু উদ্যোগৰ মাজৰ সম্পৰ্কতো আমি একেই সংস্কাৰমূলক মানসিকতাক আগবঢ়াই লৈ গৈছোঁ। শেহতীয়া বছৰবোৰত ৪০,০০০তকৈও অধিক নিয়মৰ বাধ্যবাধকতা কৰ্তন কৰা হৈছে-চল্লিছ হাজাৰ। ১,৫০০ তকৈও অধিক পুৰণি আৰু অপ্ৰয়োজনীয় আইন বাতিল কৰা হৈছে। আৰু যেতিয়া আপুনি এই সকলো সংস্কাৰ একত্ৰিতভাৱে চাব, তেতিয়া আপুনি উপলব্ধি কৰিব পাৰিব যে আমাৰ উদ্যোগ আৰু ব্যৱসায়সমূহৰ কান্ধৰ পৰা কিমান বোজা হ্ৰাস কৰা হৈছে।
বন্ধুসকল,
আমি সুশাসন সংস্কাৰৰ এই প্ৰক্ৰিয়াত ধাৰাবাহিকভাৱে কাম কৰি আছোঁ। শেহতীয়াকৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত আমি Bankers’ Book Evidence Bill গৃহীত কৰিলোঁ। আৰু সেয়াও তেতিয়া যেতিয়া বিৰোধীয়ে সংসদত ধাৰাবাহিকভাৱে ব্যাঘাতৰ সৃষ্টি কৰিছিল। আমি দেশসেৱাৰ কাম বন্ধ হ’বলৈ দিয়া নাছিলোঁ। এতিয়া এই আইনে ১৯ শতিকাৰ ব্ৰিটিছ আইনখন স্থানান্তৰিত কৰিলে। এতিয়া বেংকৰ ডিজিটেল ৰেকৰ্ডৰ গ্ৰহণযোগ্যতাক আইনী স্বীকৃতি প্ৰদান কৰা হৈছে। ই আইনী জটিলতা হ্ৰাস কৰিব, ব্যৱস্থাত স্বচ্ছতা আনিব আৰু ব্যৱসায়ৰ সহজতা বৃদ্ধি কৰিব।
বন্ধুসকল,
সুশাসন সংস্কাৰৰ এটা অৰ্থ হ’ল প্ৰতিজন মানুহৰ জীৱন আৰু তেওঁলোকৰ সময়ৰ প্ৰতি সংবেদনশীলতাৰে ব্যৱস্থা নিৰ্মাণ কৰা। মই ৰেলৱেৰ উদাহৰণ দিম। আমাৰ ৰেলৱেতো এই দৃষ্টিভংগীৰে কাম কৰা হৈছে। আজি ৬,৫০০তকৈও অধিক ৰেল ষ্টেচনত ইলেক্ট্ৰনিক ইণ্টাৰলকিং ব্যৱস্থা আছে। ১০,০০০তকৈও অধিক লেভেল ক্ৰছিং গেটো ইণ্টাৰলকিঙৰ সৈতে সংযোজিত কৰা হৈছে। ই মানুহৰ ভুলৰ বাবে হ’বলগীয়া দুৰ্ঘটনাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিছে।
বন্ধুসকল,
২০১৪ চনত আমাৰ চৰকাৰ যেতিয়া আহিছিল, তেতিয়া প্ৰায় ৯,০০০ মানৱবিহীন ৰেল ক্ৰছিং আছিল। সেইবোৰ আঁতৰোৱাটো কোনো ৰকেট ছায়েন্স নাছিল। মানুহ নথকা ক্ৰছিংবোৰৰ বাবে হেজাৰ হেজাৰ মানুহে জীৱন হেৰুৱাইছিল, কিন্তু আগৰ চৰকাৰবোৰে বিশেষ গুৰুত্ব দিয়া নাছিল। আমি মিশন মোডত, যোৱা ১০ বছৰত এই মানুহ নথকা ক্ৰছিংবোৰ উচ্ছেদ কৰিলোঁ। আমি ৰোড অভাৰব্ৰিজ আৰু ৰোড আণ্ডাৰব্ৰিজ নিৰ্মাণৰ গতিও বহু গুণে বৃদ্ধি কৰিলোঁ। আৰু ইয়াৰ পৰিণাম স্বৰূপে ২০১৪ চনৰ তুলনাত ৰেল দুৰ্ঘটনাৰ সংখ্যা ৯০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে – ৯০, নব্বৈ শতাংশ। ১২ বছৰ আগতে বছৰত প্ৰায় ১৫০ টা ৰেল দুৰ্ঘটনা ঘটিছিল। এতিয়া ইয়াৰ সংখ্যা ১৫-২০ টালৈ হ্ৰাস পাইছে। আৰু আমি ইয়াক আৰু অধিক হ্ৰাস কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছোঁ।
বন্ধুসকল,
ৰেলৱেৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও সুশাসন সংস্কাৰৰ এক ডাঙৰ উদাহৰণ। এনে এক সময় আছিল যেতিয়া ৰেলৰ লাইনত জাবৰ-জোঁথৰ আৰু মানুহৰ বৰ্জ্য পদাৰ্থ এক ডাঙৰ সমস্যা আছিল। আজি পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে। ২০১৪ চনৰ আগতে আমাৰ ৰেলবোৰত প্ৰায় ১২,০০০ বায়’-টয়লেট স্থাপন কৰা হৈছিল। ২০১৪ চনৰ পিছত ৩,৬০,০০০তকৈও অধিক বায়’-টয়লেট স্থাপন কৰা হৈছে। অৰ্থাৎ ৯৭ শতাংশতকৈও অধিক বায়’-টয়লেট বিগত ১২ বছৰত স্থাপন কৰা হৈছে। এই পৰিৱৰ্তন কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়েই নহয়, ই যাত্ৰীসকলৰ মৰ্যাদা, অনাময় আৰু এক আধুনিক ভাৰত নিৰ্মাণৰ দিশত সুশাসনৰ এক নতুন আৰ্হি। ই কোটি কোটি যাত্ৰীক এক উন্নত অভিজ্ঞতা প্ৰদান কৰাৰ এক অভিযান।
বন্ধুসকল,
সুশাসনৰ মানদণ্ডৰ আন এটা মাপকাঠী হৈছে সময়। আৰম্ভ হোৱা যিকোনো প্ৰকল্প সময়ে মতে সম্পূৰ্ণ হ’ব লাগে। আৰু মানুহে লাভ কৰা সেৱাইও সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। দিল্লী-মেৰাঠ নমো ভাৰত ৰেপিড ৰেল ব্যৱস্থা ইয়াৰ এক অতি সুন্দৰ উদাহৰণ। এই কৰিডৰত প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰেল চলিছে। আমাৰ দেশত আগতে কেতিয়াও এনে কথা কল্পনাই কৰিব পৰা নগৈছিল। এতিয়ালৈকে ৪০ নিযুততকৈও অধিক যাত্ৰীয়ে ইয়াৰ জৰিয়তে ভ্ৰমণ কৰিছে। আৰু আন এটা গুৰুত্বপূৰ্ণ কাৰক আছে যিটো লৈ আলোচনা কৰা নহয়। দিল্লী-মেৰাঠ নমো ভাৰত ৰেপিড ৰেলৰ সময়ানুবৰ্তিতা ৯৯.৯ শতাংশ। নহ’লে আমি প্ৰতিটো কথাতে পলম হ’লে কৈছিলোঁ, “এইটো ভাৰতীয় সময়।” সময় সলনি হ’ল। মই এই সৰু সৰু কথাবোৰ এইবাবেই উল্লেখ কৰিছোঁ যাতে আমি অনুধাৱন কৰিব পাৰোঁ কামবোৰ কিমান ব্যাপক আৰু প্ৰসাৰিত। একেদৰে, দিল্লী মেট্ৰ’ৰ সময়ানুবৰ্তিতা। দিল্লী মেট্ৰ’ৰ সময়ানুবৰ্তিতা ৯৯.৯ শতাংশ। আৰু এই সময়ানুবৰ্তিতা নিউয়ৰ্ক, হংকং আৰু পেৰিছৰ দৰে চহৰৰ মেট্ৰ’ৰ সৈতে প্ৰায় সমান হৈ পৰিছে। এইটো কেৱল সময়মতে চলা মেট্ৰ’ আৰু ৰেপিড ৰেলৰ কাহিনী নহয়। এইটো সময়ৰ সৈতে সলনি হোৱা ভাৰতৰ পৰিচয়। মই জানোঁ যে এতিয়াও আৰু মই কেৱল ইমানতে সন্তুষ্ট হৈ বহি থকা মানুহ নহয়-এতিয়াও এই দিশত আমাৰ বহু কৰণীয় আছে, বহু বাকী আছে। কিন্তু আমি ধাৰাবাহিকভাৱে কৰি আছোঁ। এটা শুভ আৰম্ভণি হৈছে, আৰু এই আৰম্ভণি প্ৰশংসনীয়।
বন্ধুসকল,
আমাৰ সংস্কাৰ পথৰ মেপৰ আন এক ডাঙৰ দিশ হ’ল নীতিগত পৰ্যায়ৰ সংস্কাৰ! আজি আমি এনে নীতি প্ৰস্তুত কৰিছোঁ যিবোৰ ৰাইজৰ সপক্ষে, বিকাশৰ সপক্ষে, উন্নয়নৰ সপক্ষে! নীতিসমূহ দেশ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰয়োজন অনুসৰি হ’ব লাগে, এনে নহয় যে নীতি বনোৱা হ’ল আৰু দেশক তাৰ মতে চলিবলৈ বাধ্য কৰা হ’ল! মই আপোনালোকক আন এক আকৰ্ষণীয় উদাহৰণ দিব বিচাৰোঁ। কেইবছৰমান আগলৈকে দেশৰ মেপ বনোৱাটোও অবৈধ আছিল। যদি আপুনি মেপ বনাইছিল, সেয়া অবৈধ আছিল, আপুনি জেললৈ যাব লগা হ’ব পাৰিলেহেঁতেন। অনুমতি নোহোৱাকৈ আপুনি দেশত মেপিং কামো কৰিব নোৱাৰিছিল। চিন্তা কৰি চাওক-বিদেশী উপগ্ৰহ প্ৰযুক্তিয়ে ভাৰতৰ যিকোনো চুক-কোণৰ মেপ তৈয়াৰ কৰিব পাৰিছিল, কিন্তু ভাৰতত ভাৰতীয়সকলক ভাৰতৰ মেপ বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
বন্ধুসকল,
আজিৰ প্ৰযুক্তিৰ যুগত, কেৱল এই একটা নিষেধাজ্ঞাই ইমানবোৰ স্টাৰ্টআপক ধ্বংস কৰি পেলাব পাৰিলেহেঁতেন! ইমানবোৰ চিন্তাধাৰা কাৰ্যকৰী কৰাৰ পৰা বঞ্চিত হ’লহেঁতেন! আমি এই ব্যৱস্থাও সলনি কৰিলোঁ। আমি জিঅ’স্পেচিয়েল ডাটামুক্ত কৰি দিলোঁ, আৰু আজি জিঅ’স্পেচিয়েল ডেটা বহু স্টাৰ্টআপৰ মূল আধাৰ হৈ পৰিছে।
বন্ধুসকল,
আজি আপোনালোকে ধাৰাবাহিকভাৱে ড্ৰোনৰ ক্ৰমবৰ্ধমান উপযোগিতা প্ৰত্যক্ষ কৰিছে। কৃষিত, প্ৰতিৰক্ষাত, ডেলিভাৰীত, শ্বুটিঙত, কণ্টেণ্ট সৃষ্টিত-চৰকাৰে ইয়াৰ সৈতে জৰিত নিয়মসমূহত সংস্কাৰ নকৰা হ’লে এই সকলোবোৰ সম্ভৱ নহ’লহেঁতেন। আগতে দেশত ড্ৰোন উৰুৱাটো সম্পূৰ্ণৰূপে নিয়ম আৰু বাধাৰ মেৰপাকত আবদ্ধ আছিল। আমি ইয়াক সেইবোৰ নিষেধাজ্ঞা পৰা মুক্ত কৰিলোঁ, আৰু আজি ভাৰতৰ ড্ৰোন উদ্যোগে এক অভূতপূৰ্ব গতিৰে আগুৱাই গৈছে।
বন্ধুসকল,
আগতে সীমান্তৱৰ্তী অঞ্চলক লৈ চৰকাৰবোৰৰ চিন্তা আছিল যে যদি সীমান্তত পথ আৰু আন্তঃগাঁথনি বৃদ্ধি হয়, তেন্তে শত্ৰুও ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে। আমি এই চিন্তা সলনি কৰিলোঁ। আমি ক’লোঁ, সীমান্তৰ আন্তঃগাঁথনি দুৰ্বলতা নহয়, ই ৰাষ্ট্ৰৰ শক্তি। আৰু সেইবাবেই আজি সীমান্তৱৰ্তী অঞ্চলত ৰাস্তা, দলং আৰু সুৰংগৰ নেটৱৰ্ক দ্ৰুতগতিত বৃদ্ধি পাইছে। কেৱল ২০২৪ আৰু ২০২৫ চনতেই BRO-ৰ ২৫০ টা আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰা হৈছে। যেতিয়া চিন্তা সলনি হ’ল, সীমান্তৰ আন্তঃগাঁথনিৰ ছবিখনো সলনি হ’ল।
বন্ধুসকল,
পাৰমাণৱিক সংস্কাৰৰো এটা উদাহৰণ আছে। এনে এক সময়ত যেতিয়া উন্নয়ন সম্পূৰ্ণৰূপে শক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল, বাধা আৰু নিষেধাজ্ঞা বাবে দেশে নিজৰ পাৰমাণৱিক ক্ষমতা ব্যৱহাৰ কৰিব পৰা নাছিল। শান্তি বিলৰ (Shanti Bill) জৰিয়তে আমি ইয়াটো এক ডাঙৰ সংস্কাৰ সাধন কৰিলোঁ। আজি ভাৰতত পাৰমাণৱিক শক্তি খণ্ডত ব্যক্তিগত খণ্ডৰ বাবে পথ মুকলি কৰা হৈছে। একেদৰে আমি প্ৰতিৰক্ষা খণ্ডতো এক বৃহৎ নীতিগত সংস্কাৰ কৰিলোঁ। ২০০ বছৰ ধৰি চলি থকা ব্যৱস্থাটোক আমি ৪০টাৰো অধিক অৰ্ডিনেন্স ফেক্টৰীক ৭টা ফেক্টৰীত একত্ৰিত কৰি সলনি কৰিলোঁ। আৰু আমি ইয়াৰ ফলাফল দেখিবলৈ পাইছোঁ। আজি ভাৰতে নিজৰ প্ৰতিৰক্ষা প্ৰয়োজনৰ বাবেও আত্মনিৰ্ভৰ হৈ পৰিছে, আৰু ২০১৪ চনৰ তুলনাত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৫৫ গুণ বৃদ্ধি পাইছে। আৰু সেইবাবেই, বহু সময়ত সংস্কাৰসমূহ আমাৰ জীৱনত এনেদৰে মিলি পৰে যে আমি গমেই নাপাওঁ। চিন্তা কৰি চাওক আজি আপোনাৰ এক সাধাৰণ দিন কেনেকৈ পাৰ হয়। আপুনি পুৱা সাৰ পাই ফোনত ঘৰুৱা সামগ্ৰী অৰ্ডাৰ কৰে, আৰু আপুনি অফিচৰ বাবে প্ৰস্তুত হোৱালৈকে সেই সকলোবোৰ বস্তু আপোনাৰ ঘৰ পায়হি। আপোনাৰ উপপথৰ পথৰুৱা ব্যৱসায়ীজনৰ পৰা আৰম্ভ কৰি আপোনাৰ গাড়ীৰ শ্ব’ৰুমলৈকে, আপোনাৰ সকলো পৰিশোধ কেৱল এটা QR ক’ড স্কেন কৰি সম্পূৰ্ণ হয়। যদি আপোনাৰ জীয়ৰী আন এখন চহৰত পঢ়ি আছে, আপুনি ফোনৰ যোগেদি তাইলৈ টকা পঠিয়াব পাৰে, আৰু সেই টকা কেইটামান ছেকেণ্ডৰ ভিতৰত তাইৰ ওচৰ পায়গৈ। বহু সময়ত জীয়ৰীয়ে আনকি এটা QR শ্বেয়াৰ কৰি কয়, “দেউতা-মা, মই এই সাজযোৰ কিনিলোঁ, অনুগ্ৰহ কৰি টকাখিনি দি দিয়া,” আৰু আপুনি ঘৰত বহিয়েই তাইৰ বজাৰ কৰাই দিয়ে। এই কথাবোৰ উল্লেখনীয়, কিন্তু এতিয়া ই ভাৰতৰ মানুহক আচৰিত নকৰে। যেতিয়া বাহিৰৰ মানুহ আহে, তেওঁলোক আচৰিত হয় – “অ’, এনেকৈও হয়।” ভাৰতৰ মানুহৰ বাবে ই নিয়মীয়া হৈ পৰিছে। ই ভাৰতৰ সাধাৰণ নাগৰিকৰ জীৱনৰ অংশ হৈ পৰিছে। চিন্তা কৰক-২০১৪ চনৰ আগতে এইবোৰৰ কিমানটা সম্ভৱ আছিল?
বন্ধুসকল,
বিগত ১০-১২ বছৰত ভাৰতে সহজ জীৱনধাৰণৰ সৈতে সম্পৰ্কিত যিবোৰ সংস্কাৰ কৰিছে সেয়া মানুহৰ জীৱন-বিশেষকৈ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ জীৱন-এনেদৰে সলনি কৰিছে যিটো বিশ্বৰ বহু উন্নত দেশৰ বাবে এতিয়াও কেৱল এটা সপোন।
বন্ধুসকল,
আজি বিশ্বৰ আটাইতকৈ সুলভ মূল্যৰ ডেটা ভাৰতত আছে। আমি সুলভ আৰু ভাল স্মাৰ্টফোন নিৰ্মাণ কৰি আছোঁ। অলপ আগতে সত্য়ই ইয়াৰ বৰ্ণনা কৰিছে। বিশ্বৰ ভিতৰতে অতি দ্ৰুতগতিত ৫জি সম্প্ৰসাৰণ কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। আমিক ব্যৱস্থাটোক বেংকিং, মোবাইল সংযোগ আৰু সেৱাৰ সৈতে সংযোজিত কৰিলোঁ, যাৰ ফলত ই-কেৱাইচি আৰু ডিজিটেল প্ৰমাণীকৰণৰ দৰে সেৱাসমূহ সম্ভৱ হৈ উঠিল। আজি যদি আপুনি এটা বেংক একাউণ্ট খুলিব বিচাৰে, আপুনি বেংকলৈ যোৱাৰো প্ৰয়োজন নাই। চৰকাৰে বেংকক আপোনাৰ ওচৰলৈ আনিছে। আজি বিল পৰিশোধ কৰাই হওক বা টিকট বুক কৰাই হওক, কোনো চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই-এই সকলোবোৰ কাম অনলাইনতে হয়। আয়কৰ ৰিটাৰ্ণ দাখিল কৰাটো সহজ হৈ পৰিছে। এনে এক ব্যৱস্থা গঢ়ি তোলা হৈছে য’ত ফৰ্মখনৰ অধিকাংশ তথ্য আগতিয়াকৈয়ে পূৰণ কৰা থাকে। আপুনি কেৱল এই তথ্যসমূহ পৰীক্ষা কৰে, প্ৰয়োজন অনুসৰি যোগ কৰে আৰু দাখিল কৰে-আপোনাৰ কাম হৈ গ’ল। আগতে ৰিফাণ্ড আহিবলৈ কেইবামাহো সময় লাগিছিল, এতিয়া কেৱল কেইটামান দিনতে আহে।
বন্ধুসকল,
আজি ই-সঞ্জীৱনীৰ সহায়ত-হয়তো ইয়াৰ বিষয়ে এতিয়াও অতি কম আলোচনা হয়-ই-সঞ্জীৱনীৰ সহায়ত দূৰ-দূৰণিৰ গাঁৱৰ মানুহে যিকোনো ঠাইৰে পৰা পোনে পোনে চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পাৰে আৰু চিকিৎসাৰ পথ গ্ৰহণ কৰিব পাৰে। আৰু যিসকলে আগতে হাস্পতাল পাবলৈ কেইবা কিলোমিটাৰ যাত্ৰা কৰিব লগা হৈছিল, আজি চিকিৎসক তেওঁলোকৰ ঘৰতে, তেওঁলোকৰ পৰ্দাত উপলব্ধ। আৰু এই পৰিসংখ্যাই আপোনালোকক নিশ্চয় আচৰিত কৰিব-ভাৰতে কেনেকৈ প্ৰযুক্তিক গ্ৰহণ কৰিছে, কেনেকৈ সাধাৰণ মানুহৰ জীৱন সৰল কৰি তুলিছে। এতিয়ালৈকে ই-সঞ্জীৱনীৰ অধীনত প্ৰায় ৫০ কোটি টেলিকনচালটেচন সম্পন্ন হৈছে।
বন্ধুসকল,
আজি ভাৰতত ভ্ৰমণৰ অভিজ্ঞতা সলনি হৈছে, ভাৰতৰ নাগৰিকসকলৰ যাত্ৰা সম্পূৰ্ণৰূপে সলনি হৈছে। এই প্ৰেক্ষাগৃহত এনে এজন মানুহ বিচাৰি পোৱা কঠিন হ’ব যিয়ে বিমানবন্দৰত ডিজিযাত্ৰা ব্যৱহাৰ কৰা নাই। একেদৰে আজিকালি বহু কাম নিকাভাৱে হৈ আছে। হাইৱেবোৰত ফাষ্টটেগ চলি আছে, যাতে আপুনি নৰখাকৈ টোল কৰ পৰিশোধ কৰি আগুৱাই যাব পাৰে। এইটোৱেই হ’ল জীৱনধাৰণৰ সহজতাৰ প্ৰকৃত অৰ্থ। সময় ৰাহি হৈছে, জীৱন সহজ হৈ পৰিছে, আৰু কোটি কোটি মানুহে নিজৰ প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সক্ষম হৈছে।
বন্ধুসকল,
ৰাজনীতিত প্ৰায়ে সেইবোৰ সিদ্ধান্তই শিৰোনাম দখল কৰে যিবোৰৰ প্ৰভাৱ আজি দৃশ্যমান-অৰ্থাৎ যাৰ আয়ুস ২৪ ঘণ্টা। পূৰ্বৰ চৰকাৰবোৰে নিৰ্বাচনলৈ লক্ষ্য ৰাখি ঘোষণা কৰাৰ সূত্ৰ গ্ৰহণ কৰিছিল। কিন্তু এনে ঘোষণাই দেশক সলনি কৰিব পৰা নাছিল। দেশক সলনি কৰা সিদ্ধান্তবোৰ হ’ল সেইবোৰ যিবোৰৰ প্ৰভাৱ মাটিত দৃশ্যমান হয়, যিবোৰ বৰ্তমান আৰু ভৱিষ্যত উভয়কে মনত ৰাখি গ্ৰহণ কৰা হয়।
বন্ধুসকল,
পিএম-কুসুম আৰু পিএম সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি ইয়াৰ এক অতি অনন্য উদাহৰণ। কুসুম আঁচনিৰ জৰিয়তে কৃষকসকলক বিদ্যুৎ সম্পৰ্কীয় চিন্তাৰ পৰা মুক্ত কৰা হৈছে। আৰু সূৰ্যঘৰ আঁচনিৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণী অতিশয় উপকৃত হৈছে।
বন্ধুসকল,
মই জানোঁ যে যদি মই ঘোষণা কৰিলোঁহেঁতেন যে আজিৰ পৰা লাখ লাখ পৰিয়ালৰ বাবে বিদ্যুৎ বিনামূলীয়া, তেন্তে সকলো মিডিয়া, সকলো পৰ্দা, সকলো বাতৰিকাকতে ডাঙৰ ডাঙৰ শিৰোনাম কৰিলেহেঁতেন যে “মোদী জীয়ে আজি বিনামূলীয়া বিদ্যুৎ ঘোষণা কৰিলে।” কিন্তু আমি এক বেলেগ দৃষ্টিভংগীৰে কাম আৰম্ভ কৰিলোঁ। আমি প্ৰতিটো ঘৰৰ চালত একোটা সূৰ্য উদয় কৰাৰ সংকল্প ল’লোঁ। আৰু আজি দেশৰ ৫০ লাখতকৈও অধিক পৰিয়াল পিএম সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ সৈতে সংযোজিত হৈছে। চৰকাৰে এই পৰিয়ালসমূহক সৌৰ ব্যৱস্থা স্থাপনৰ বাবে ২২,০০০ কোটি টকাতকৈও অধিক টকা প্ৰদান কৰিছে, যাতে তেওঁলোকৰ চালত সৌৰ প্ৰকল্প স্থাপন কৰি সৌৰ শক্তি উৎপাদন কৰিব পৰা যায়। এতিয়া এই পৰিয়ালবোৰে অতিৰিক্ত বিদ্যুৎ গ্ৰীডত বিক্ৰী কৰি ধন উপাৰ্জন কৰিছে। তেওঁলোকৰ নিজৰ বিল শূন্য হৈ পৰিছে, আৰু তেওঁলোকে উপাৰ্জনো কৰিবলৈ আৰম্ভ কৰিছে। এই আঁচনিয়ে মানুহৰ সপোনকো সম্প্ৰসাৰিত কৰিছে। বিজুলীৰ বিল কমি যোৱাৰ লগে লগে মানুহে এতিয়া ৰেফ্ৰিজাৰেটৰ, কুলাৰ, ৱাছিং মেচিন, টিভি আদি বস্তু কিনি ৰাখিছে। এতিয়া বিদ্যুত কৰ্তনৰ বাবে গাখীৰ নষ্ট হ’ব বুলি কোনো ভয় নাই, কোনো চিন্তা বাকী থকা নাই। এতিয়া স্কুললৈ যোৱা সন্তানে ৰাতি শান্তিপূৰ্ণভাৱে শুব পাৰে। মই পুনৰাই কওঁ-নিৰ্বাচন হওক বা নহওক, এই সূৰ্যঘৰ আৰু ইয়াৰ পোহৰ থাকিবই। এই প্ৰকল্পৰ সুবিধা দেশৰ পৰিয়ালসমূহে বহু বছৰ ধৰি লাভ কৰি থাকিব।
বন্ধুসকল,
আগন্তুক সময়ত জীৱনধাৰণৰ সহজতা আৰু ব্যৱসায়ৰ সহজতা আৰু অধিক প্ৰসাৰিত হ’ব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে, নাৰী শক্তিৰ বাবে, কৃষকসকলৰ বাবে, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি যাব। আমাৰ সংস্কাৰ এক্সপ্ৰেছ আৰু অধিক গতিৰে আগবাঢ়িব। এক উন্নত ভাৰতৰ লক্ষ্য পূৰণ কৰিবলৈ আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে কাম কৰি যাম। আৰু মই-মোৰ বাবে, যদি ভাৰতৰ ভৱিষ্যত সুৰক্ষিত হয়, তেন্তে এইখন মাটিৰ পৰাই বিশ্বৰ ভৱিষ্যতলৈ স্থিৰতা অনাৰ বাবে এক মহান কাম সম্পন্ন হ’ব। এই আত্মবিশ্বাসেৰে, ভাৰত যিমানেই স্থিৰ হ’ব, ভাৰতৰ ভৱিষ্যত যিমানেই সুৰক্ষিত হ’ব, বিশ্বক সুৰক্ষাৰ অনুভৱ প্ৰদান কৰাৰ শক্তি ইয়াৰ পৰাই উদ্ভৱ হ’ব। এই সামৰ্থ্যৰে, এই সংকল্পৰে, আজিৰ কাৰ্যসূচীলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই পুনৰবাৰ ইক’নমিক টাইমছৰ সমগ্ৰ দলটোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্দে মাতৰম!
****
MJPS/SS/VJ/ST/DB
Addressing the Economic Times World Leaders Forum.@EconomicTimes https://t.co/XohLKVrp4h
— Narendra Modi (@narendramodi) August 21, 2026
The world sees India as a bright spot for growth and hope. pic.twitter.com/hyQZKtm1s3
— PMO India (@PMOIndia) August 21, 2026
India is pushing ahead with reforms across sectors. pic.twitter.com/Ne88D6J2Mr
— PMO India (@PMOIndia) August 21, 2026
Our government is rewarding higher production with incentives. pic.twitter.com/sSSnOhatZb
— PMO India (@PMOIndia) August 21, 2026
India has political stability and continuity in its policies. pic.twitter.com/b2e04sCv1H
— PMO India (@PMOIndia) August 21, 2026
A clear roadmap for reforms, with a strong focus on governance. pic.twitter.com/4uyLo5nQ8r
— PMO India (@PMOIndia) August 21, 2026
We are moving from a "Prohibited unless permitted" approach to "Permitted unless prohibited." pic.twitter.com/oGPgib706N
— PMO India (@PMOIndia) August 21, 2026
The relationship between the government and citizens should be based on trust, not suspicion. pic.twitter.com/gDz9nbRYqy
— PMO India (@PMOIndia) August 21, 2026
Today, we are shaping policies that are pro-people, pro-growth and pro-development. pic.twitter.com/MOyLqPoR4W
— PMO India (@PMOIndia) August 21, 2026