Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৱসৰ গ্ৰহণ কৰিবলগীয়া ৰাজ্যসভাৰ সদস্যসকলক প্ৰধানমন্ত্ৰীৰ বিদায় সম্ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৱসৰ গ্ৰহণ কৰিবলগীয়া ৰাজ্যসভাৰ সদস্যসকলৰ বৰঙণিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যত কামনা কৰে৷

ৰাজ্যসভাত তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে দৃঢ়তা ব্যক্ত কৰে যে সংসদৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া সাংসদসকলে সমাজ সেৱাৰ নামত এতিয়া পূৰ্বতকৈও অধিক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব৷ তেওঁ কয় যে সকলোৰে এক পৃথক গুৰুত্ব আছিল আৰু সকলোৱে নিজৰ নিজৰ ধৰণে অৱদান আগবঢ়াইছিল৷ দেশৰ ভৱিষ্যত উজ্জ্বলৰ বাবে তেওঁলোকে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছিল আৰু দেশবাসীয়ে তেওঁলোকৰ সেৱাক কেতিয়াও পাহৰি নাযায় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জেষ্ঠ সদস্যৰে উচ্চ সদনৰ এক বিশেষ মহত্ত্ব আছে৷ ইয়ে নীতি নিৰ্ধাৰণত প্ৰধান ভূমিকা পালন কৰে৷
অৱসৰ গ্ৰহণ কৰিবলগীয়া কেইবাগৰাকীও সাংসদ আৰু তেওঁলোকৰ সেৱাক প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে৷
তেওঁ কয় যে দীৰ্ঘদিনৰ পৰা চলি অহা তিনি তালাক সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময়ত বিদায়ী সাংসদসকল সংসদত উপস্থিত থাকিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷

সংসদ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় তেওঁলোকৰ বাবে সদায় মুকলি থাকিব বুলিও প্ৰধানমন্ত্ৰীয়ে বিদায়ী সাংসদসকলক নিশ্চয়তা দিয়ে৷ গুৰুত্বপূৰ্ণ বিষয়ত সাংসদসকলে নিজৰ অভিমত প্ৰকাশ কৰি থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে আশা ব্যক্ত কৰে৷

***

AKT/SH/MS