Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইআইটি গান্ধীনগৰ চৌহদ দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইআইটি গান্ধীনগৰ চৌহদ দেশবাসীৰ নামত উচৰ্গা কৰে। এই তেওঁ প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত একাংশ প্ৰশিক্ষাৰ্থীক সম্বৰ্ধনা জনায়।

গান্ধীনগৰত এক ৰাজহুৱা সভাত বিশাল সংখ্যক আইআইটিয়ানসহ উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়। “আপোনালোক আইআইটিয়ান, মই যুৱক অৱস্থাত আছিলো চাহৱালা(Tea-ian)। কিছুবছৰৰ আগতে আজিৰ এই দিনটোতে মই প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো। তেতিয়াৰে পৰা মই কেতিয়াও এম এল এ হোৱা নাই। মই সিদ্ধান্ত লৈছিলো যে মই যি কৰিম, মোৰ সাধ্য অনুসৰি আটাইতকৈ উত্তম কাম কৰিম।” প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সকলো প্ৰান্তৰ সমাজত বসবাস কৰা সকলো বয়সৰ, সকলো শ্ৰেণীৰ লোকৰ মাজত ডিজিটেল সাক্ষৰতা অভিযান কাৰ্যসূচী প্ৰসাৰ ঘটোৱা হ’ব।

বৰ্তমান কোনো বয়সৰ মাজত ডিজিটেল পৃথকতা নাথাকিব বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া গ্যাৰেণ্টী স্বচ্চতা, ফলপ্ৰসূ সেৱা প্ৰদান আৰু ভাল প্ৰশাসনৰ আশ্বাস দিয়ে।

আমাৰ শিক্ষানুষ্ঠানসমূহ পৰীক্ষাকেন্দ্ৰিক নহৈ, সেইবোৰত নতুনত্ব উদ্ভাৱনত গুৰুত্ব আৰোপ কৰিব লাগে বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

***

AKT/SH/DB