Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইআৰআৰআই, মহাবীৰ ফিলিপাইনছ ফাউণ্ডেছন পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আইআৰআৰআই, মহাবীৰ ফিলিপাইনছ ফাউণ্ডেছন পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আইআৰআৰআই, মহাবীৰ ফিলিপাইনছ ফাউণ্ডেছন পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আইআৰআৰআই, মহাবীৰ ফিলিপাইনছ ফাউণ্ডেছন পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সোমবাৰে ফিলিপাইনছৰ লছ বানোজত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থা (আইআৰআৰআই)পৰিদর্শন কৰে। আইআৰআৰআই হৈছে ধান সম্পর্কে গৱেষণা আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাৰ প্রসাৰৰ জৰিয়তে ক্ষুধা আৰু দৰিদ্রতা হ্রাস কৰাৰ নামত উচৰ্গিত এটি অগ্রণী প্রতিষ্ঠান। আইআৰআৰআইৰ লক্ষ্য হৈছে ধানৰ উৎপাদক আৰু তাৰ ক্রেতাৰ স্বাস্থ্য আৰু কল্যাণ নিশ্চিত কৰা, ভৱিষ্যৎ প্রজন্মৰ বাবে ধানৰ বিকাশৰ উপযোগী পৰিৱেশৰ সুৰক্ষা দান ইত্যাদি।

বান পৰিস্থিতিতো বিভিন্ন জাতৰ ধান উৎপাদন অব্যাহত ৰখাৰ পদ্ধতি সম্পর্কে আয়োজিত এক চিত্র প্রদর্শনীও প্ৰত্যক্ষ কৰে প্রধানমন্ত্রীয়ে। প্ৰদৰ্শনীত বিভিন্ন জাতৰ ধানৰ লগতে খৰাং পৰিস্থিতিতো কোন কোন জাতৰ ধানৰ উৎপাদন অক্ষত থাকে, লুনীয়া পানীতো বাঢ়িব পৰা ধান গছৰ নমুনা তথা মহিলাৰ দ্বাৰ পৰিচালিত কৃষি সমবায় প্রতিষ্ঠানসমূহৰ সৈতে আইআৰআৰআইৰ কর্মপ্রচেষ্টাৰ ছবিও প্রদর্শনীত স্থান লাভ কৰে।

প্রধানমন্ত্রীয়ে পৰিৱেশ সহিষ্ণু জাতৰ ধান উৎপাদনৰ বাবে এক নতুন ধানৰ খেতি মাটি খননৰ প্রতীকি এক অনুষ্ঠানতো অংশগ্রহণ কৰে। তেওঁ ‘শ্রী নৰেন্দ্র মোদী ধান খেতি গৱেষণা কেন্দ্র’ৰ এখনি নামফলকো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে আইআৰআৰআই জিন বেংকত দুটি ভিন্ন ভিন্ন জাতৰ ভাৰতীয় ধানৰ বীজ উপহাৰ দিয়ে।

পৰিদর্শন কালত তেওঁ আইআৰআৰআইত কর্মৰত কেইগৰাকীমান ভাৰতীয় বিজ্ঞানীৰ সৈতেও মত বিনিময়ৰ কৰে।

প্রধানমন্ত্রীয়ে আতৰ পাছত মেনিলাৰ মহাবীৰ ফিলিপাইনছ ফাউণ্ডেছনো পৰিদর্শন কৰে। ভাৰত আৰু ফিলিপাইনছৰ মাজত ই হ’ল দীর্ঘদিন ধৰি কাম কৰি অহা মানৱতাবাদী এক সমবায় প্রতিষ্ঠান। ইয়াৰ প্রতিষ্ঠাতা মেনিলাস্থিত ভাৰতীয় বংশোদ্ভূত মেয়ৰ ডঃ ৰামন বগতসিং। মহাবীৰ বিকলাংগ সাহাৰ্য সমিতিৰ সৈতে সহযোগিতাৰ ভিত্তিত যিসকলৰ অংগচ্ছেদ হৈছে, তেওঁলোকক জয়পুৰ ফুট প্ৰদানৰ ক্ষেত্রত এই ফাউণ্ডেছনে এক উল্লেখযোগ্য কাম কৰি আহিছে। জয়পুৰ ফুট ব্যৱহাৰ কৰি যিসকল উপকৃত হৈছে, তেওঁলোকৰ সৈতে মত বিনিময়ত মিলিত হয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী।

*****

AKT/SH/DB