Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইএনএছভি তাৰিনীৰ নাবিকলৈ দেৱালীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পৰিভ্ৰমণত ব্যস্ত ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল(আইএনএছভি)ৰ নাবিক দললৈ ভিডিঅ’ ক’লৰ জৰিয়তে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ লগতে তেওঁ নাবিক দলটোক তেওঁলোকৰ অভিযানৰ বাবে শুভেচ্ছা জনায়৷

ইয়াৰ পূৰ্বে যোৱা ১৬ আগষ্টত আইএনএছভিৰ নাবিক দলক তেওঁলোকৰ ২২,১০০ সামুদ্ৰিক মাইল দীঘলীয়া যাত্ৰাৰ প্ৰাকমূহূৰ্তত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰি শুভেচ্ছা জনাইছিল৷ আইএনএছভি তাৰিনী সম্প্ৰতি অষ্ট্ৰেলিয়াৰ ফ্ৰেমাণ্টলীৰ সমীপ স্পৰ্শ কৰিছে আৰু ২২ অক্টোবৰৰ ভিতৰত উক্ত স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে আইএনএছভি তাৰিণীৰ দুগৰাকী নাবিক ক্ৰমে ভাৰ্টিকা যোশী আৰু পায়ল গুপ্তাক আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জনায়৷

****

AKT/NT/MS