Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইচিচিআৰৰ দ্বাৰা আয়োজিত কুম্ভ বিশ্ব অংশগ্ৰহণকাৰী প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

আইচিচিআৰৰ দ্বাৰা আয়োজিত কুম্ভ বিশ্ব অংশগ্ৰহণকাৰী প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

আইচিচিআৰৰ দ্বাৰা আয়োজিত কুম্ভ বিশ্ব অংশগ্ৰহণকাৰী প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

আইচিচিআৰৰ দ্বাৰা আয়োজিত কুম্ভ বিশ্ব অংশগ্ৰহণকাৰী প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ


 

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত অংশগ্ৰহণকাৰী ১৮৮খন দেশৰ প্ৰতিনিধিবৰ্গক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেছনছৰ দ্বাৰা নতুন দিল্লীৰ প্ৰবাসী ভাৰতী কেন্দ্ৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷

এই উপলক্ষে ১৮৮খন দেশৰ প্ৰতিনিধিৰ সৈতে এক ঐতিহাসিক গ্ৰুপ ফটোত ভাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ পৰা প্ৰত্যাৱৰ্তন কৰা প্ৰতিনিধিবৰ্গক লগ পাই তেওঁ অতিশয় সুখী অনুভৱ কৰিছে৷

তেওঁ কয় যে প্ৰকৃততে যিসকলে কুম্ভ মেলা দৰ্শন নকৰে, ই কেনে এক ঐতিহাসিক অনুষ্ঠান তাৰ বিষয়ে কোনেও সম্পূৰ্ণকৈ প্ৰশংসা কৰিব নোৱাৰে৷ তেওঁ কয় যে এই পৰম্পৰা হাজাৰ হাজাৰ বছৰ ধৰি বিৰামহীনভাৱে চলি আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুম্ভ এক সামাজিক সংস্কাৰৰ লগতে ইয়াত আধ্যাত্মিকতাও পৰিলক্ষিত হয়৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপণ আৰু ইয়াৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে কুম্ভ মেলাত আধ্যাত্মিক গুৰু আৰু সমাজ সংস্কাৰসকলৰ মাজত এলানি আলোচনাও অনুষ্ঠিত হৈ আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুম্ভ মেলাত আস্থা, আধ্যাত্মিকতা আৰু সাংস্কৃতিক চেতনাৰ সৈতে আধূনিকতা আৰু প্ৰযুক্তিৰ মিশ্ৰণ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতক আধূনিকতাৰ লগতে ইয়াৰ চহকী ঐতিহ্যৰ বাবে স্বীকৃতি দিব৷ তেওঁ বিশ্বৰ বিভিন্ন স্থানৰ প্ৰতিনিধিসকলক ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ অংশগ্ৰহণে কুম্ভ মেলা সফল কৰি তোলে বুলি কয়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংসদীয় নিৰ্বাচনক এক “গণতন্ত্ৰৰ কুম্ভ” হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে কুম্ভ মেলাৰ দৰে ভাৰতীয় সংসদীয় নিৰ্বাচনো বিশাল পৰিসৰৰ আৰু ই সম্পূৰ্ণ নিৰপেক্ষ, যি বৃহৎ হাৰত বিশ্ববাসীৰ অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে৷ তেওঁ কয় যে ভাৰতৰ সংসদীয় নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ বিশ্বৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিব পাৰে৷

***

AKT/KP/DB