Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ, ২০২৫ত বিজয়ৰ বাবে ভাৰতীয় দলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত দৰ্শনীয় জয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰিছে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়।

‘আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলে দৰ্শনীয় বিজয় সাব্যস্ত কৰিলে।ফাইনেলত তেওঁলোকৰ প্ৰদৰ্শনত অতি দক্ষতা আৰু আত্মবিশ্বাস পৰিস্ফূট হৈছে। সম্পূৰ্ণ প্ৰতিযোগিতাখনত দলটোৱে ব্যতিক্ৰমী দলীয় মনোভাৱ আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। আমাৰ খেলুৱৈসকলক অভিনন্দন জনালোঁ।এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়নসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধিত প্ৰেৰণা যোগাব।

#WomensWorldCup2025”

 

***

MJPS/ST/DB