Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আকাশৱাণী আৰু দূৰদৰ্শনৰ ক্ষেত্ৰত ভাৰত আৰু বিদেশী প্ৰচাৰকৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আকাশৱাণী আৰু দূৰদৰ্শনৰ ক্ষেত্ৰত ভাৰত আৰু বিদেশী প্ৰচাৰকৰ মাজত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনাইছে৷

লাভঃ

এই বুজাবুজি চুক্তি নিম্নোলিখিত দিশত বিদেশী প্ৰচাৰকক সহায় কৰিবঃ

১. নতুন দৃষ্টিকোনৰ সন্ধানত ৰাজহুৱা প্ৰচাৰত;

২. নতুন প্ৰযুক্তি আৰু কঠিন প্ৰতিযোগিতাৰ চাহিদা পুৰণ কৰিব পৰাকৈ নতুন কৌশল অৱলম্বনত;

৩. মিডিয়াৰ উদাৰীকৰণ; আৰু

৪. গোলকীকৰণত৷

মুখ্য প্ৰভাৱঃ

পৰস্পৰ আদান-প্ৰদান, সহ-উৎপাদনৰ জৰিয়তে প্ৰস্তুত কৰা অনুষ্ঠানসমূহৰ প্ৰচাৰণৰ পৰা দূৰদৰ্শন আৰু আকাশৱাণীৰ দৰ্শক/শ্ৰোতাসকলৰ মাজত সমতা আৰু সমাৱেশনৰ পৰিৱেশ সৃষ্টি হ’ব৷ কাৰিকৰী তথ্য, বিশেষজ্ঞৰ আদান-প্ৰদান আৰু মানৱশক্তিৰ প্ৰশিক্ষণৰ জৰিয়তে ৰাজহুৱা প্ৰচাৰকক প্ৰচাৰৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৱলীৰ সমাধানত সহায় কৰিব৷

*****

VRRK/SH/PK/DB