পি এম ইণ্ডিয়া
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
ইয়াত উপস্থিত হোৱা সকলো জ্যেষ্ঠজনলৈ, উপস্থিত সুধীবৃন্দলৈ স্বাগতম জনাইছো।
মোৰেই সৌভাগ্য যে এনে এক পৱিত্ৰ ক্ষণত আপোনালোকৰ মাজলৈ আহিবৰ বাবে নিমন্ত্ৰণ লাভ কৰিছো আৰু আপোনালোক সকলোৰে আশীৰ্বাদ লাভ কৰি ধন্য হৈছো।
আমাৰ দেশত সমগ্ৰ বিশ্বৰ লোকৰ বাবে আমাৰ ধৰ্ম, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি বুজি পোৱাটো যথেষ্ট কষ্টকৰ, জটিল কাম, তৎক্ষণাত জটিলতাবোৰ বুজি পোৱা নাযায়, জটিলতা এইবাবেই আহে যে আমাৰ ইয়াত কোনো এখন ধৰ্মীয় গ্ৰন্থ নাই, এজনেই ভগৱান নাই আমাৰ ইয়াত, ইয়াত পূজাৰ পদ্ধতি মাথো এটাই নহয়, ইমান বিবিধতা আছে বাবেই হয়তো এই কথা বোধগম্য হোৱাটো জটিল যে আমি কি? আৰু সেয়াই আমাৰ বিশেষত্ব। আমি এনে লোক য’ত ভক্তৰ দৰেই ভগৱান। ভক্ত যদিহে পালোৱান হয়, তেন্তে ভগৱান হ’ব হনুমান, ভক্ত যদিহে শিক্ষাৰ উপাসক হয় তেন্তে ভগৱান হ’ব সৰস্বতী, ধন-বিতত ভক্ত যদিহে উপাসনা কৰে তেন্তে ভগৱান হ’ব লক্ষ্মী। এয়াই আমাৰ বিশেষত্ব। আৰু সেইবাবেই সমাজ জীৱনত যিয়েই আটাইতকৈ বেছি অন্নদাঁতাৰ কাম কৰিছে, শস্য শ্যামলা পথাৰত শিৰৰ ঘাম মাটিত পেলাই যিয়ে জীৱনৰ চিন্তা কৰিছে, তেওঁৱেই ৰচিছে কৃষক সমাজ।
যেনে ভক্ত, তেনেই ভগৱান, আৰু এয়াই আমাৰ বিশেষত্ব আৰু এই বিশেষত্বৰেই এক অংশৰ ৰূপত বিধিগত ৰূপত দেৱী অন্নপূৰ্ণা মাৰ এক তীৰ্থস্থান আজি দেশবাসীৰ প্ৰতি উছৰ্গা কৰা হৈছে। আপুনি কেৱল গুজৰাটৰ কথাই ধৰক, যিকোনো দিশতেই আপুনি ২০-২৫-৩০ কিলোমিটাৰ যাওঁক, আপুনি জিৰাবলৈ স্থান আৰু খাবলৈ কিছু হ’লেও অন্ন লাভ কৰিব, যিকোনো দিশেই যাওঁক, ২০-৩০ কিলোমিটাৰৰ মূৰে মূৰে কোনো মঠ-মন্দিৰ, কোনো সন্ত, কোনো বাবা, কোনো যোগী আপুনি লগ পাব। ঘৰলৈ অহা কোনো লোককেই খালী পেটে যাবলৈ দিয়া নহয়, কোনোবাই যদিহে নিশা যাপন কৰিবলৈ বিচাৰে তেন্তে তেওঁৰ থকাৰ সুবন্দোবস্ত কৰি দিয়া হয়। এই পৰম্পৰা ভাৰতত কোন কোনে আছে, আৰু এই পৰম্পৰা আজিৰ নহয়। যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা, থকাই হওঁক বা খোৱাই হওঁক সকলোতে উদাৰ মনেৰে আগবঢ়োৱা হয়। যিসকলে নৰ্মদা পৰিভ্ৰমণ কৰিছে, তেওঁলোকে জানিব যে নৰ্মদাৰ এই সভ্যতাই কিদৰে ক্ৰম বিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈ আহিছে। সহস্ৰ লোকৰ পৰিক্ৰমা হৈ থাকে, অহা আহে – যোৱা যায়, পিছে কোনো লোকেই কেতিয়াও লঘোনে ভোকে যাবলগীয়া নহয়, সেই স্থানৰ গাওঁৰ লোকসকলেই এই সেৱা আগবঢ়াই আহিছে। এয়াই আমাৰ দেশৰ বিশেষত্ব, এয়াই সাংস্কৃতিক পৰম্পৰা। আমাৰ সমাজ পৰোপকাৰী সমাজ আৰু ইয়াৰ বাবেই আমাৰ সাংস্কৃতিক চেতনাতো সেৱা ভাৱ অন্তৰ্নিহিত হৈ থাকে।
আমাৰ ইয়াত কোৱা হয় যে মানুহে কৰণীয় কাম কৰিলে তেওঁকেই নাৰায়ণ বুলি কোৱা হয়। সেয়াই নৰনাৰায়ণ। ইয়াৰ মূলভাৱৰ এক শক্তিশালী স্বৰূপ আজি মা অন্নপূৰ্ণা ধামৰ নিৰ্মাণৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ শিক্ষণ আৰু সংস্কাৰৰ বাবে ছাত্ৰাবাসৰ ব্যৱস্থা, সমাজৰ পিছপৰা শ্ৰেণীৰ পৰিয়ালৰ ল’ৰা-ছোৱালী যাতে ইয়ালৈ আহি শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে, জীৱনত প্ৰগতিৰ পথেৰে আগুৱাবলৈ তেওঁলোকে সুবিধা লাভ কৰে, আৰু সেইবোৰ মহৎ উদ্দেশ্য আগত ৰাখিয়েই সাংস্কৃতিক ঐতিহ্যৰ সৈতে শিক্ষণক সংযোজন কৰি পৰম্পৰা অটুত ৰখা কামটো আপোনালোকে সুচাৰুৰূপে পালন কৰিছে। আৰু সেইবাবেই আপোনালোকৰ সমগ্ৰ দলটোকেই মই বহু অভিনন্দন জনাইছো।
আমাৰ দেশত এতিয়া এক পৰম্পৰাৰ দৰে হৈ পৰিছে যে সকলো কাম যেন চৰকাৰেই কৰিব লাগিব আৰু যদিহে চৰকাৰৰ দ্বাৰা সেই কাম সম্পাদন হোৱা নাই তাৰ উত্তৰ বিচাৰিব লাগিব, এয়াই এতিয়া পৰম্পৰা হৈ পৰিছে। ভাৰতত কিন্তু এই পৰম্পৰা কেতিয়াও কোনোকালেই নাছিল। বিভিন্ন ধৰ্মশালা নিৰ্মাণ হৈছিল, গোশালা নিৰ্মাণ হৈছিল, এইবোৰ কাম কিন্তু চৰকাৰে কৰিবলগীয়া হোৱা নাছিল। এইবোৰ কাম সামাজিক শক্তিৰেই হৈ পৰিছিল।
পিছে পৰিতাপৰ বিষয় এয়ে যে লাহে লাহে সমাজলৈ অহা পৰিৱৰ্তনেই এই সামাজিক শক্তিক শেষ কৰিবলৈ ল’লে। আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰা হ’ল। আমাৰ প্ৰয়াস এয়ে যে ৰাজ্যসমূহে ৰাজ্যৰ কাম কৰক আৰু সমাজবোৰ ফলে ফুলে জাতিস্কাৰ হৈ পৰক, শক্তিশালী হওঁক সমাজ। সমাজ শক্তিশালী হ’লেই ততালিকেই দেশো শক্তিশালী হৈ পৰিব। তেতিয়া চৰকাৰে শক্তি একগোট কৰাৰ কোনো প্ৰয়োজনেই নাথাকিব। সেই মূল পৰম্পৰাৰ পৰাই এই আনুষঙ্গি সকলো দিশেই যথেষ্ট অনুপ্ৰেৰণা লাভ কৰে।
আজি মা অন্নপূৰ্ণা ধামৰ প্ৰাণপ্ৰতিষ্ঠাৰ এই মহান মুহুৰ্তত আমি সমাজৰ বাবে বিভিন্ন দিশৰ কথা চিন্তা কৰিব পাৰো। প্ৰসাদ সকলো মন্দিৰতেই পোৱা যায়, কিন্তু অন্নপূৰ্ণা ধামত এই প্ৰসাদৰ পৰম্পৰাই সলনি কৰিব পৰা যায় আৰু সেয়ে ইয়াৰ সঞ্চালকমণ্ডলীলৈ মোৰ অনুৰোধ যে ইয়ালৈ যি লোকেই নাহক কিয়, তেওঁক প্ৰসাদৰ সৈতে যদিহে একোটাকৈ গছৰ পুলি দিব পাৰে, খুব ভাল হ’ব। আৰু তেওঁক ক’ব যে এয়া মা অন্নপূৰ্ণাৰ প্ৰসাদ, ইয়াক ভালকৈ ডাঙৰ দীঘল কৰিবা, জীৱনজুৰি এই অন্নপূৰ্ণাৰ ফলে তোমাক পূণ্য প্ৰদান কৰিব, সৌভাগ্য দি যাব।
এনেদৰে পৰিৱেশ ৰক্ষা নহ’ব নে? প্ৰসাদো হ’ব, সেৱাও হ’ব আৰু জীৱনৰ পৰম্পৰাও ৰক্ষা হ’ব আৰু লগতে পৰিৱেশো ৰক্ষা হ’ব। ইয়াত আমি আৰু এটা কাম কৰিব পাৰো, আমি সিদ্ধান্ত ল’ব লাগিব যে লেউৱা পেটেল সমাজৰ যাৰ ঘৰতেই কন্যা সন্তান জন্ম হয় তেওঁলোকে তেওঁলোকৰ সন্তানক দৰ্শন কৰাবলৈ এবাৰ হ’লেও অন্নপূৰ্ণা ধামলৈ আনক। মা অন্নপূৰ্ণাৰ আশীৰ্বাদ লওঁক আৰু তেওঁক পাচটা গছপুলি দিয়ক। যদিহে সম্ভৱ হয় তেন্তে চৰকাৰৰ সৈতে কথা বতৰা পাতি এনে কোনো ভুমি উলিয়াওঁক য’ত তেওঁলোকে এই গছপুলিবোৰ ৰোপন কৰিব পাৰে, বিশ বছৰ পিছলৈ সেই বৃহৎ ৰূপ ধাৰণ কৰা গছবোৰ বিক্ৰী কৰি কন্যাৰ ভৱিষ্যৎ জীৱনৰ পৰিকল্পনা কৰাত নিশ্চয়কৈ সহায়ক হ’ব। হ’ব নে? তেনেস্থলত মাক-দেউতাকে ধাৰ-ঋণ ল’বলগীয়া হ’ব নে? চৰকাৰে মাটি দিয়ক, যাতে আপোনালোকে তাত গছ ৰোপন কৰিব পাৰে।
আজি কোটি কোটি টকা কাঠ গৃহ নিৰ্মাণৰ বাবে বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়, এই আমাৰ কন্যাও ডাঙৰ হ’ব, তেওঁলোকৰ নামত দিয়া গছো ডাঙৰ হ’ব। তেনেস্থলত এদিন বিদেশৰ পৰা কাঠৰ আমদানি বন্ধ হ’ব আমাৰ দেশৰ ধন দেশতেই থাকিব। অৰ্থনৈতিক ভেটিও মজবুত হ’ব। ধাৰ্মিক পৰম্পৰাও অটুত থাকিব। মই ভাবো যে এই স্থানত এনেধৰণৰ কাম কৰিব পৰা যাব। যিকোনো কথাকেই জাতিবাদৰ সৈতে জড়িত কৰাতো এক পাপ। কিন্তু বহুসময়ত বুজি পোৱাৰ ক্ষেত্ৰত সুবিধা হ’বৰ বাবেই কোৱা হয়। চৰ্দাৰ বল্লভ ভাই পেটেলক যদিহে জাতিবাদৰ ৰং দিয়া হয় তেন্তে সেয়া ভুল কথা হ’ব। দেশৰ এগৰাকী মহান নেতা, যাৰ প্ৰতিমূৰ্তি অৰ্থাৎ ষ্টেছু অৱ ইউনিটিলৈ আজি সমগ্ৰ বিশ্বই মূৰ তুলি চায়, তেৱেই চৰ্দাৰ চাহেব। সমগ্ৰ বিশ্বৰ ভিতৰতে উচ্চ প্ৰতিমূৰ্তি কি বুলি ক’লে চৰ্দাৰ পেটেলৰ এই ষ্টেছু অৱ ইউনিটিৰ কথাই ক’ব লাগিব।
আন এক কথালৈ আহো, আমুল ডায়েৰীৰ কথা নিশ্চয় সকলোৱেই জানে। ইয়াৰ আৰম্ভ কোনে কৰিছিল? কোনে ইয়াৰ চিন্তা কৰিছিল? লেউৱা পেটেলৰ নাম ল’ব লাগিব ইয়াত। আমূল ডায়েৰী আৰম্ভ হ’ল, প্ৰাৰম্ভিকতে যি ‘টোলি’ বহিছিল সেয়া আছিল লেউৱা পেটেলৰ ‘টোলি’। আৰু আজি সমগ্ৰ দেশতে ইয়াৰ প্ৰতিষ্ঠালৈ মন কৰক। সুউচ্চ প্ৰতিষ্ঠা। এইক্ষেত্ৰত লেউৱা পেটেলক ধন্যবাদ দিবই লাগিব।
মা অন্নপূৰণাৰ সৈতে আমি এনেদৰে জড়িত হৈ আছো মানেই আমি কৃষক সমাজৰ সৈতে জড়িত হৈ আছো। মই বিচাৰো যে এই ন্যাসৰক্ষীসকলে যিদৰে চৰ্দাৰ পেটেলৰ প্ৰেৰণাৰে এই সমগ্ৰ আমূলৰ কাম প্ৰতিষ্ঠা কৰিছে, ঠিক তেনেদৰে অন্নপূৰ্মা ধামৰ প্ৰেৰণাৰে খাদ্য সংসাধন, আমাৰ কৃষকৰ উৎপাদিত সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি, বিজ্ঞানসন্মত ব্যৱস্থা আৰোপ আদি হ’ব লাগে।
গতিকে মই বিচাৰো যে ইয়াত থকা উদ্যোগ জগতৰ বন্ধুসকলে এইক্ষেত্ৰত নিশ্চয়কৈ বিবেচনা কৰিব। আস্থা আৰু আধ্যাত্মিকতা সমাজ জীৱনৰ বিকাশৰ বাবে কেনেদৰে প্ৰয়োগ কৰিব পাৰি তাৰ ওপৰতো সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। আৰু মই জানিবলৈ পাইছো যে ইয়াত পঞ্চতত্বক কেন্দ্ৰত ৰাখি মা অন্নপূৰ্ণা ধামৰ নিৰ্মাণ কৰা হৈছে। আমাৰ ইয়াত ৰাম চৰিত মানসৰ এক সুন্দৰ পংক্তি আছে, তাত কোৱা হৈছে –
छिति जल पावन गगन समीरा।
पंच रचित अति अधम शरीरा।।
অৰ্থাৎ আমাৰ এই শৰীৰ পঞ্চতত্বৰে নিৰ্মিত, পঞ্চতত্বৰে নিৰ্মিত আমাৰ এই কায়া, এই চিন্তাধাৰাৰেই, পঞ্চতত্বৰ মূল ভাৱ সন্নিৱিষ্ট কৰাৰ বাবে যেতিয়া ইয়াত প্ৰয়াস কৰা হৈছিল, তেতিয়াই মোৰ গভীৰ আস্থা আছিল যে এই মূল তত্বৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমাজৰ অনাগত দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি সেইবোৰ দিশ আমি পোহৰাই তুলিম।
নৰহৰি ভাইৰ আত্মবিশ্বাস আছে যে তেওঁ এয়া ২০২০ ত মুকলি কৰিব আৰু আনটোৰ আধাৰশিলা স্থাপন কৰিব, এই ক্ষেত্ৰত মোৰো বিশ্বাস তুংগত। আৰু ঘৰলৈ যদি কোনোৱে আপোনাক নিমন্ত্ৰন জনায় তেন্তে কোনেনো নাযাব? ইয়াত মইতো আলহী নহওঁ, ঘৰলৈ অহাৰ সুখেই বেলেগ, মা অন্নপূৰ্ণাৰ শ্ৰীচৰণত সেৱা যাঁচিছো আাৰু ইয়াৰ দ্বাৰা সমগ্ৰ দেশেই লাভ কৰিছে অন্ন, ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কিবা হ’ব পাৰেনে আৰু আজি যেতিয়া মই কৃষক সমাজৰ মাজলৈ আহিছো, ইয়াত মই লগ পাইছো কণটোৰেই বিশাল ভৰাল ভৰাই তুলিব পৰা অপূৰ্ব সামৰ্থ্যৰে সজ্জিত কৰ্মঠ, তেজস্বী, তপস্বী কৃষিজগতৰ লোকসকলক লগ পাইছো, আৰু ইয়ালৈ আহিয়েই জয় জোৱান, জয় কিষাণৰ সঠিক ছবিখন দেখিবলৈ পাইছো। কৃষকৰ সামৰ্থ্য, জোৱানৰ সামৰ্থ্যই দেশক অন্ন সুৰক্ষা প্ৰদান কৰে আৰু দেশক সীমা সুৰক্ষাও প্ৰদান কৰে, আৰু দুয়োৰে এই শক্তি সামৰ্থ্যৰে দেশে বিকাশৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়। মই আজি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ এনেদৰে আহিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মা অন্নপূৰ্ণাৰ চৰণত বন্দনা কৰিছো আৰু আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যতৰ বাবে দেৱী অন্নপূৰ্ণাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো।
ধন্যবাদ।
*****
अतुल कुमार तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/RD
India has a rich history of societies rising to the occasion and taking the lead when it comes to solving the challenges every era has faced.
— PMO India (@PMOIndia) March 5, 2019
Communities have come together to improve irrigation and education. Several people have benefitted through these community efforts: PM
Today we pay homage to Maa Annapurna.
— PMO India (@PMOIndia) March 5, 2019
Annapurna Dham should give our society the strength to ensure there is gender equality and prosperity for everyone: PM @narendramodi
Today at Annapurna Dham, we remember the great Sardar Patel. His efforts towards the cooperative sector will never be forgotten: PM @narendramodi
— PMO India (@PMOIndia) March 5, 2019
I would urge the people of Gujarat to work on food processing. Such value addition will help both farmers and industries: PM @narendramodi
— PMO India (@PMOIndia) March 5, 2019