Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আনন্দত আধুনিক খাদ্য প্রস্তুতকৰণ ব্যৱস্থাৰ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে


 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেওবাৰে গুজৰাটৰ আনন্দত আমূলৰ চ’ক’লেট প্ৰস্তুতকৰণৰ অত্যাধুনিক কাৰখানাসহ একাধিক আধুনিক মানৰ খাদ্য প্রস্তুতকৰণ ব্যৱস্থাৰ উদ্বোধন কৰে। চ’ক’লেট কাৰখানা পৰিদর্শনৰ সময়ত তাৰ বিভিন্ন প্রযুক্তি আৰু সামগ্রীৰ সম্পর্কে প্রধানমন্ত্রীক অৱগত কৰা হয়।

এই উপলক্ষে সমবেত আনন্দৰ অগণন লোকক প্রধানমন্ত্রীয়ে ধন্যবাদ জনায়।

তেওঁ কয় যে এই উন্নয়নমূলক প্রকল্পসমূহ সমবায় ক্ষেত্রৰ বাবে অতি দৰকাৰী। প্ৰধানমন্ত্ৰীয়ে কয় যে আমূল ব্ৰেণ্ডটো সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু বিশ্বৰ সর্বত্রে ই সকলোকে প্রেৰণা যোগাই আহিছে। আমূল কেৱল দুগ্ধজাত খাদ্য প্রস্তুতকৰণ সংস্থাই নহয়, আমূল সবলীকৰণৰ আর্দশ মডেল। প্রধানমন্ত্রীয়ে কয় যে যি সমবায়ৰ জৰিয়তে চর্দাৰ পেটেল এনে এক পথ দেখুৱাইছিল যাৰ সম্বন্ধে চৰকাৰ বা উদ্যোগপতিসকলে ভবাই নাছিল। তেওঁ কয় যে আমূল সাধাৰণ জনতাৰ গুৰুত্ব থকা এক বিশেষ মডেল। গুজৰাটৰ সমবায় ক্ষেত্রত বিভিন্ন উদ্যোগে জনসাধাৰণক, বিশেষকৈ কৃষকসকলক সহায় কৰিছে। চর্দাৰ পেটেলে নগৰ উন্নয়নৰ ওপৰৰ গুৰুত্ব আৰোপ কৰিছিল বুলিও প্রধানমন্ত্রী উল্লেখ কৰে।

২০২২ চনত ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ভাৰতে দুগ্ধ প্রস্তুতকৰণৰ ক্ষেত্রত ভাল কাম কৰিছে, সেয়েহে এই ক্ষেত্ৰত আৰু অধিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রীয়ে কয় যে উদ্ভাৱন আৰু মূল্য সংযোজনক গুৰুত্ব দিয়াৰ সময় আহিছে। এই ক্ষেত্ৰত প্রধানমন্ত্রীয়ে মৌ উৎপাদনৰ কথা উল্লেখ কৰে।

*****

AKT/SH/DB