Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আন্তঃৰাষ্ট্ৰীয় অপৰাধী আৰু গুৰুত্বপূৰ্ণ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ ক্ষেত্ৰত যুঁজ দিয়াৰ উদ্দেশ্যে সহযোগিতা আৰু তথ্যৰ আদান প্ৰদানৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু গ্ৰেট ব্ৰিটেইন তথা উত্তৰ আয়াৰলেণ্ডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আন্তঃৰাষ্ট্ৰীয় অপৰাধী আৰু গুৰুত্বপূৰ্ণ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ ক্ষেত্ৰত যুঁজ দিয়াৰ উদ্দেশ্যে সহযোগিতা আৰু তথ্যৰ আদান প্ৰদানৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু গ্ৰেট ব্ৰিটেইন তথা উত্তৰ আয়াৰলেণ্ডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনায়।

ভাৰত আৰু গ্ৰেট ব্ৰিটেইনে সংশ্লিষ্ট ক্ষেত্ৰ(মুদ্ৰা সৰবৰাহৰ অপৰাধকে ধৰি)ৰ অপৰাধ দমন আৰু সন্ত্ৰাসবাদীক পুঁজি যোগানৰ দৰে অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ১৯৯৫ চনতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় অপৰাধী আৰু গুৰুত্বপূৰ্ণ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ ক্ষেত্ৰত যুঁজ দিয়াৰ উদ্দেশ্যে আৰু অধিক শক্তিশালী সহযোগিতা আগবঢ়োৱাতো বিচাৰে। এই চুক্তিয়ে এই ক্ষেত্ৰৰ সুৰক্ষাৰ দিশত উভয় দেশকে উপকৃত কৰিব।

***

AKT/VBA/DB