পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতলৈ পুনৰ নিৰ্বাচিত হোৱা ন্যায়িক দলবীৰ ভাণ্ডাৰীক অভিনন্দন জনাইছে।
এক শুভ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতলৈ পুনৰ নিৰ্বাচিত হোৱা ন্যায়িক দলবীৰ ভাণ্ডাৰীক মই অভিনন্দন জনাইছো। তেওঁৰ পুনৰ নিৰ্বাচিত হোৱা বিষয়টোৱে আমাক গৌৰৱান্বিত কৰিছে।
আইচিজেলৈ ভাৰত পুনৰ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত লোৱা কূটনৈতিক অভিযান আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পূ্ৰ্ণ দলটোলৈ অভিনন্দন জ্ঞাপন কৰিছো। ইউএনজিএৰ লগতে ইউএনএছচিৰ সকলো সদস্যই জনোৱা সমৰ্থন আৰু ভাৰতৰ প্ৰতি তেওঁলোকৰ বিশ্বাসৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনাইছো।”
***
AKT/AK/DB
I congratulate Justice Dalveer Bhandari on being re-elected to the International Court of Justice. His re-election is a proud moment for us.
— Narendra Modi (@narendramodi) November 21, 2017