পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আফ্ৰিকাৰ উন্নয়নমূলক সহযোগিতাৰ সন্দৰ্ভত ভাৰত আৰু ইউনাইটে আৰৱ এমিৰেটছৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হৈছে৷ এই বুজাবুজি চুক্তিয়ে আফ্ৰিকাত উন্নয়নমূলক প্ৰকল্প তথা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতামূলক কাঠামো গঠনত সহায় কৰিব৷
লাভালাভঃ
এই প্ৰস্তাৱে ভাৰত আৰু আফ্ৰিকান দেশসমূহৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক যোগসূত্ৰ শক্তিশালী কৰাৰ লগতে আমাৰ ব্যাপক কৌশলগত স্বাৰ্থৰ দিশটো সেৱা আগবঢ়াব৷
*****
AKT/SNC/SH/DB