Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা টেলিফোন কল লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে। প্ৰধানমন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি ভ্যান্সে ভাৰত-আমেৰিকাৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।  তেওঁলোকে উচ্চ পৰ্যায়ৰ যোগাযোগসমূহৰ স্থায়ী গতিৰ কথা উল্লেখ কৰে আৰু বাণিজ্য, প্ৰতিৰক্ষা, জটিল তথা উদীয়মান প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু জটিল খনিজসমূহৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

পাৰস্পৰিক স্বাৰ্থ জড়িত হৈ থকা  আঞ্চলিক তথা  বিশ্বজোৰা  উন্নয়নৰ বিষয়তো তেওঁলোকে  মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি ভ্যান্স আৰু শ্ৰীমতী উষা ভ্যান্সক তেওঁলোকৰ পুত্ৰৰ জন্মৰ বাবে উষ্ম অভিনন্দন জনাই পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

***

MJPS/SS/VJ/DM