Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে


আমেৰিকাৰ  স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে  প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প ডাঙৰীয়া আৰু আমেৰিকাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত–আমেৰিকাৰ অংশীদাৰিত্বৰ চিৰস্থায়ী শক্তিৰ বিষয়ত  আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দুয়োখন গণতন্ত্ৰৰ মাজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ বাহিৰলৈ গৈ গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ সীমাহীন সম্ভাৱনাৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা কৰা  বিশ্বাস এক শক্তিত পৰিণত হৈছে। 

প্ৰধানমন্ত্ৰীয়ে  এক্সত এনেদৰে পোষ্ট কৰিছে

আপোনালোকৰ স্বাধীনতাৰ ঐতিহাসিক ২৫০ বছৰীয়া জয়ন্তী উপলক্ষে ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু আমেৰিকাৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্বতকৈও অধিক । গণতন্ত্ৰ, আইনৰ শাসন আৰু আমাৰ জনসাধাৰণৰ সীমাহীন সম্ভাৱনাৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা কৰা  বিশ্বাসে আমাৰ বন্ধুত্বক বিশ্বৰ মংগলৰ বাবে এক শক্তিত পৰিণত  কৰিছে।

অহা ২৫০ বছৰে আমেৰিকাৰ বাবে আৰু অধিক সমৃদ্ধি, শান্তি আৰু প্ৰগতি কঢ়িয়াই আনক তথা ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যাওক।

@POTUS
@realDonaldTrump

 

***

MJPS/SS/VJ/DM