Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱা ড’নাল্ড ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ বাবে ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আৰু বিশ্বৰ উন্নত ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে। আগন্তুক সফল কাৰ্যকালৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখে-

“আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ ঐতিহাসিক কাৰ্যভাৰ গ্ৰহণৰ বাবে মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি @realDonaldTrump অভিনন্দন জনাইছো! মই আকৌ এবাৰ ঘনিষ্ঠভাৱে কাম কৰিবলৈ, আমাৰ দুয়োখন দেশক উপকৃত কৰিবলৈ আৰু বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ আগ্ৰহী। আগন্তুক কাৰ্যকালৰ হোৱাৰ বাবে শুভেচ্ছা জনালোঁ!”

 

***

MJPS/SR/DB