Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত বুশ্বৰ পৰিয়াল আৰু আমেৰিকাবাসীৰ সৈতে দুখৰ সমভাগী হৈছো৷ তেওঁ বিশ্ব ইতিহাসৰ জটিল সন্ধিক্ষণৰ এগৰাকী অগ্ৰণী নেতা আছিল৷

প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি উৎসাহী আছিল৷ তেওঁ অভাৱ সদায় অনুভৱ হ’ব৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”

***

AKT/SH/DB