Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আম্বেদকাৰ জয়ন্তীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আম্বেদকাৰ জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘সকলোকে আম্বেদকাৰ জয়ন্তীৰ শুভেচ্ছা জনাইছো৷ পূজ্য বাবাচাহেবে সমাজৰ দৰিদ্ৰ আৰু উপেক্ষিত শ্ৰেণীৰ লাখ-লাখ লোকক আশাৰ পোহৰ দেখুৱাইছে৷ আমাৰ সংবিধান তৈয়াৰত তেওঁৰ অনবদ্য বৰঙণিৰ বাবে আমি সকলো তেওঁৰ ওচৰত চিৰঋণী হৈ ৰ’ম৷ সকলো দেশবাসীক আম্বেদকাৰ জয়ন্তীৰ শুভকামনা জনালো৷ জয় ভীম !”—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/KP/MS