Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আষাঢ়ী একাদশী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আষাঢ়ী একাদশীৰ পবিত্ৰ ক্ষণত দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এই শুভ দিনটোৱে ভক্তি আৰু কৰুণাৰ চিৰন্তন বাৰ্তা বহন কৰে।

শ্ৰী মোদীয়ে প্ৰাৰ্থনা জনায় যে ভগৱান ভিটঠলৰ আশীৰ্বাদে যেন সকলোৰে জীৱনলৈ সুখ, সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনে আৰু সকলোকে এক উন্নত সমাজ গঢ়াৰ দিশত আগবঢ়াই লৈ যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণ আৰু মৰ্যাদাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়োৱা তথা কাম কৰাৰ সংকল্পক ভগৱানে যেন অধিক দৃঢ় কৰে, তাৰ কামনা কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত এলানি প’ষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয়:

“আষাঢ়ী একাদশীৰ পবিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। এই শুভ দিনটোৱে ভক্তি আৰু কৰুণাৰ চিৰন্তন বাৰ্তা প্ৰকাশ কৰে। ভগৱান ভিটঠলৰ আশীৰ্বাদে আমালৈ সুখ, সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু আমাক এক উন্নত সমাজ নিৰ্মাণৰ দিশত পৰিচালিত কৰক। প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণ আৰু মৰ্যাদাৰ বাবে অপ্ৰাণ সেৱা কৰাৰ আমাৰ সংকল্পক তেওঁ যেন অধিক শক্তিশালী কৰি তোলে।”

 

***

MJPS/SS/PRK/DB