পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আমেদাবাদত আজি চর্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষনা প্ৰতিষ্ঠান নামৰ অত্যাধুনিক অতি বিশিষ্ট সেৱাৰ চৰকাৰী হাস্পতাল উদ্বোধন কৰে৷ আমেদাবাদ পৌৰনিগমে নির্মাণ কৰা ৭৮ মিটাৰ উচ্চতাৰ এই হাস্পতালখন ১,৫০০খন বিচনাযুক্ত আৰু ইয়াত আধুনিক সা-সুবিধা তথা এয়াৰ এম্বুলেন্স সেৱা আছে।
উ্দ্বোধনৰ পাছতে প্ৰধানমন্ত্রীয়ে হাস্পতালৰ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰে। বিশ্বমানৰ হাস্পতালখন নির্মাণৰ ক্ষেত্ৰত আমেদাবাদ পৌৰনিগমৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আমেদাবাদৰ চর্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষনা প্ৰতিষ্ঠানখন দেশৰ অন্যান্য চৰকাৰী হাস্পতালসমূহৰ বাবে আদর্শ হৈ উঠিব”৷
৭৫০ কোটি টকা ব্যয়েৰে নির্মিত ১৮মহলীয়া অতি বিশিষ্ট এই হাস্পতালখনত সুলভ মূল্যত বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব। আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে এই হাস্পতালক যুক্ত কৰা হৈছে। এই উপলক্ষে আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ কথা উল্লেখ কৰি কয়, “আয়ুষ্মান ভাৰত আঁচনিৰ বাবেই সৰু চহৰসমূহতো নতুন হাস্পতাল নির্মাণৰ চাহিদা বৃদ্ধি পাইছে। দ্রুতগতিত নতুন হাস্পতাল নিৰ্মাণ হৈছে, চিকিৎসক আৰু অৰ্ধ-চিকিৎসক কর্মীৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ ক্ষেত্রত যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হৈছে”৷
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত চাৰি বছৰত দেশত স্বাস্থ্য খণ্ডত সা-সুবিধাৰ ব্যাপক সম্প্ৰসাৰণ হৈছে। সেয়েহে চিকিৎসা শিক্ষাৰো সম্প্ৰসাৰণ ঘটিছে। এই প্ৰচেষ্টাই সাধাৰণ লোকৰ স্বাস্থ্য সেৱা লাভৰ চাহিদা পূৰণত যথেষ্ট সহায় কৰিছে।
দুখীয়া লোকসকলৰ চিন্তা আৰু তেওঁলোকৰ কল্যাণৰ অৰ্থে এই চিন্তাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত এই চৰকাৰ সদায় আগৰণুৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “চৰকাৰে সদায় দুখীয়া লোকসকলৰ কাষত আছে। তেওঁলোকৰ স্বার্থতে স্বাস্থ্য পৰিচর্যা সেৱাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে আৰু প্ৰধানমন্ত্রী জন ঔষধি আঁচনিৰ জৰিয়তে কম দামত জেনেৰিক ঔষুধ লাভৰ ব্যৱস্থা কৰা হৈছে৷ এই সকলোবোৰ চৰকাৰৰ কল্যাণমূলক প্ৰচেষ্টাৰ প্ৰতিফলন। সমগ্ৰ দেশত প্রায় ৫,০০০ প্ৰধানমন্ত্রী জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে”৷
প্ৰধানমন্ত্রীয়ে লগতে কয় যে সকলোকে সমান সা-সুবিধা প্ৰদানৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ স্বার্থত ১০শতাংশ সংৰক্ষণো এনে এক পদক্ষেপ। সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ ১০শতাংশ সংৰক্ষণৰ লক্ষ্যপূৰণত শিক্ষা প্ৰতিষ্ঠানসমূহৰ আসনৰ সংখ্যা ১০ শতাংশ বৃদ্ধি কৰা হৈছে৷ চৰকাৰী চাকৰি আৰু শিক্ষা প্ৰতিষ্ঠানত সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ স্বার্থত ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। সংৰক্ষণ বলবৎ কৰাৰ ক্ষেত্রত গুজৰাটেই দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’ব৷
এক ধেমেলীয়া সুৰত প্ৰধানমন্ত্রীয়ে কয়, “ইংৰাজী নৱবর্ষত এয়া মোৰ প্ৰথম গুজৰাট ভ্ৰমণ৷ এই ভ্ৰমণ এনে এক উৎসৱৰ বতৰত হৈছে, যিসময়ত আমেদাবাদবাসীৰ স্বার্থত স্বাস্থ্য সেৱাৰ ক্ষেত্রত এনে এখন আধুনিক হাস্পতাল উচৰ্গা কৰাতকৈ আৰু অধিক ভাল সময় কি হ’ব পাৰে৷ দেশত আঙুলিৰ মুৰত লিখিব পৰা কেইখনমান হে পৌৰ নিগমত বিশ্ব মানৰ এনে স্বাস্থ্য সেৱা ব্যৱস্থা প্ৰদানৰ দিশত আগুৱাই আহিছে। আমেদাবাদৰ মেয়ৰ হিচাপে চর্দাৰ পেটেলৰ ভূমিকাৰ উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে কয় যে স্বাস্থ্য, অনাময় আৰু স্বচ্ছতাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰচেষ্টা আনৰ বাবে উদাহৰণ হৈ ৰ’ব৷
সকলোৰে সমান সা-সুবিধা আৰু উন্নতিৰ লক্ষ্যৰে তেওঁলোকৰ প্ৰতিশ্রূতিৰ কথা দোঁহাৰি ‘সবকা সাথ সবকা বিকাশ’-এই মন্ত্রৰে নতুন ভাৰত গঢ়ি তোলা সম্ভৱ বুলি প্ৰধানমন্ত্রী তেওঁৰ ভাষণৰ সামৰণি মাৰে৷
***
AKT/VJ/SKS/DB
750 करोड़ रुपए की लागत से बना सरदार वल्लभ भाई पटेल इंस्टीट्यूट ऑफ मेडिकल साइंस एंड रिसर्च आपकी सेवा के लिए समर्पित है।
— PMO India (@PMOIndia) January 17, 2019
इस विश्वस्तरीय अस्पताल के लिए आप सभी को बहुत-बहुत बधाई: PM
ये अस्पताल देश में सरकारी अस्पतालों के लिए एक मॉडल सिद्ध होने वाला है।
— PMO India (@PMOIndia) January 17, 2019
यहां के कमरे हों या फिर पूरा कैंपस, आधुनिकता और पर्यावरण का पूरा ध्यान रखा गया है।
1500 बेड वाला ये अस्पताल अहमदाबाद की स्वास्थ्य सुविधाओं को उच्च स्तर पर ले जाने वाला है: PM
सरकारी अस्पतालों में जाने से लोग बचते थे और प्राइवेट अस्पतालों में इलाज कर पाना सिर्फ साधन संपन्न लोगों के ही बस में था। ये देखकर बड़ी पीड़ा होती थी
— PMO India (@PMOIndia) January 17, 2019
इसी स्थिति से बाहर निकालने के लिए सरकार ने अनेक फैसले लिए थे
नए सरकारी अस्पताल बनवाने, नए मेडिकल कॉलेज बनवाने पर जोर दिया: PM
बीते चार वर्ष में स्वास्थ्य सुविधाओं के साथ-साथ मेडिकल एजुकेशन का भी अभूतपूर्व विस्तार किया गया है।
— PMO India (@PMOIndia) January 17, 2019
इस दौरान 18 हज़ार से अधिक MBBS और 13 हज़ार से ज्यादा पोस्ट ग्रेजुएट सीटें बढ़ाई गई हैं। यहां गुजरात में भी हज़ारों नई सीटें जोड़ी गई हैं: PM
आयुष्मान भारत जैसी योजना के कारण छोटे-छोटे कस्बों में भी ज़रूरत बढ़ रही है, नए अस्पताल भी तेज़ी से खुल रहे हैं,
— PMO India (@PMOIndia) January 17, 2019
नए अस्पताल खुल रहे हैं, तो डॉक्टरों और पैरामेडिक स्टाफ की भी मांग बढ़ रही है,
युवाओं के लिए रोज़गार के अनेक अवसर हेल्थ सेक्टर में आने वाले समय में बनने वाले हैं: PM
The Sardar Vallabhbhai Patel Institute of Medical Sciences and Research is an excellent public hospital, which will strengthen the efforts to provide quality healthcare to the poor.
— Narendra Modi (@narendramodi) January 17, 2019
Am glad to have inaugurated the hospital and seen parts of it. pic.twitter.com/Fbt0pwVxH7
For a long time, access to proper healthcare was considered out of reach for the poor. Ayushman Bharat changed that.
— Narendra Modi (@narendramodi) January 17, 2019
Ours is a Government that cares for the downtrodden and we want to ensure that they lead healthy lives. pic.twitter.com/F8S10bO03o