পি এম ইণ্ডিয়া
সৰ্বপ্ৰথমে আমি সকলোৱে নিজৰ মোবাইলৰ ফ্লাছ অন কৰি দেশৰ বীৰ সেনা জোৱানসকলৰ প্ৰতি সন্মান জনাম৷ আপোনালোক সকলোৱে ফোন অন কৰক, আমি তিনিবাৰ জয়ধ্বনি দিম, আপোনালোকেও মোৰ সৈতে জয়ধ্বনি দিব৷
পৰাক্ৰমী ভাৰতৰ বাবে ভাৰত মাতাৰ জয়
বিজয়ী ভাৰতৰ বাবে ভাৰত মাতাৰ জয়
দেশৰ বীৰ জোৱানসকলৰ বাবে ভাৰত মাতাৰ জয়
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷ ইয়াত উপস্থিত প্রিয় উৎসাহী ভাই-ভনীসকল, আজি মোৰ বহুত কথা কোৱাৰ ইচ্ছা হৈছে৷ আজি আহমেদাবাদৰ উন্নয়নৰ স্বার্থে ইয়াৰ প্ৰত্যেকজন লোকৰ বাবে এটি ঐতিহাসিক দিন৷ অলপ আগতে আহমেদাবাদ মেট্রোৰ প্ৰথম পর্যায়ৰ উদ্বোধন কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে, দ্বিতীয় পর্যায়ৰ কাম আধাৰশিলা স্থাপন কৰা হৈছে৷ তদুপৰি, আজি ইয়াৰ পৰা কেৱল আহমেদাবাদেই নহয়, গুজৰাট তথা দেশৰ বাবে এক বহুত ডাঙৰ স্বাস্থ্য সেৱাৰ উদ্বোধন কৰা হৈছে৷ আহমেদাবাদৰ জীৱনযাত্রাৰ মান পৰিৱর্তনকামী এই প্ৰকল্পসমূহৰ বাবে আপোনালোকৰ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷
বন্ধুসকল, আপোনালোকৰ দৰে আজি মোৰো এটা বহুত বছৰ পুৰণি সপোন বাস্তবায়িত হৈছে৷ এই অনুষ্ঠানলৈ অহাৰ পূৰ্বে মই আহমেদাবাদ চহৰৰ বুকত মেট্রো ৰে’লত উঠিলো৷ সেই সময়ত এই চহৰৰ জনগণৰ উৎসাহ আৰু উদ্দীপনা যেনেকৈ অনুভৱ কৰিছো, সেইবোৰে মোৰ মন আনন্দত উথলি উঠিছে৷ উত্তৰায়নৰ দিনা মানুহে যেনেকৈ ছাঁদত উঠি জুমি জুমি চাই, তেনেকৈ আজি আহমেদাবাদৰ ছাঁদত উঠি মেট্রো ৰে’লক স্বাগতম জনাইছে৷ সমগ্ৰ পথচোৱাৰ দুয়োকাষে এনে কোনো ছাঁদ নাছিল, য’ত জনতাৰ ভিৰ নাছিল৷ এই মেট্রো ৰে’লে আহমেদাবাদবাসীৰ এক ডাঙৰ সপোন বাস্তবায়িত কৰিলে৷
বন্ধুসকল,, আজি যি প্ৰথম পর্যায়ৰ মেট্রো ৰে’লৰ আৰম্ভ হ’ল আৰু দ্বিতীয় পর্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰা হ’ল–এয়াই আমাৰ চৰকাৰৰ কামৰ ধৰণ৷ যিকোনো কাম সম্পূর্ণ হ’লে আমি শুই নাযাও, অন্য কামৰ বাবে প্ৰস্তুতি কৰো৷ আমাৰ কথা আৰু কাম এটাই। ১০ হাজাৰ কোটি টকা বিনিয়োগেৰে নির্মিত এই মেট্রো ৰে’লে আহমেদাবাদৰ লাখ লাখ নাগৰিকৰ জীৱনত বৃহৎ পৰিৱর্তন আনিব৷ বিদ্যালয়. মহাবিদ্যালয়, কাৰ্যালয়, আদালত আৰু ব্যৱসায় প্ৰতিষ্ঠানত যাতায়াতৰ সময় বহুত কম লাগিব৷ চহৰৰ যানজঁট হ্রাস পাব, পৰিৱেশ প্ৰদূষণো কমিব৷ আপোনালোকে মোৰ পুৰণি মন্ত্ৰ নিশ্চয় জানে, যি প্ৰকল্পৰ মই আধাৰশিলা স্থাপন কৰো, তাৰ উদ্বোধনো ময়েই কৰো৷ ইয়াৰ অৰ্থ হ’ল-আজিৰ যু মেট্রো ৰে’লৰ দ্বিতীয় পর্যায়ৰ কাম আধাৰশিলা স্থাপন মই কৰিছি নির্দিষ্ট ৩-৪-৫ বছৰ পাছত ইয়াৰ কাম সম্পূর্ণ হ’লে ময়েই আহি ইয়াৰ উদ্বোধন কৰিম৷ আপোনালোকৰ আশীর্বাদত এয়া সম্ভৱ হ’ব৷
বন্ধুসকল,, দেশৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ বাবে আমি কিদৰে কাম কৰিছো, সেয়া দেশ স্বাধীন হোৱাৰ পাছৰ পৰা ২০১৪লৈকে ৫৫ বছৰৰ পৰিসংখ্যাৰ সৈতে আমাৰ শাসনকালৰ ৫৫ মাহৰ তুলনা কৰিলেই বুজি পোৱা যায়৷ ২০১৪ চনলৈকে সমগ্ৰ দেশত মাত্ৰ ২৫০ কিলোমিটাৰ মেট্রো নেটৱর্ক আছিল৷ আৰু বিগত ৫৫ মাহত সেয়া ৬৫০ কিলোমিটাৰ হৈছে৷ তদুপৰি, দেশৰ বিভিন্ন প্রান্তত আৰু ৮০০ কিলোমিটাৰ মেট্রো ৰে’লপথ স্থাপনৰ কাম চলি আছে। ভাবক, অনাগত দিনত নাগৰিক পৰিৱহণ ব্যৱস্থাৰ কিমান পৰিৱর্তন হ’বলৈ গৈ আছে!
বন্ধুসকল, কিছুসময়ৰ পূৰ্বে মোৰ এক কমন ম’বিলিটি কার্ড উদ্বোধনৰ সৌভাগ্য হৈছে। এয়া কেৱল আহমেদাবাদতে নহয়, গুজৰাটতে নহয় –সমগ্ৰ দেশৰ বাবে মোৰ এটা নতুন উপহাৰ৷ এই কমন ম’বিলিটি কার্ড ৰুপে কার্ডৰ সমান৷ এই কার্ড থাকিলে আপোনালোকে যাতায়াতৰ ক্ষেত্রত টিকট কটাৰ বাবে শাৰী পাতিব নালাগে৷ এই কার্ডেৰেই ৰে’ল, বাছ, মেট্রো ৰে’ল, টোল টেক্স আৰু পার্কিঙৰ পইচা দিব পাৰিব৷ ফলত, আপোনালোকে বাৰম্বাৰ পকেটৰ পৰা মানিবেগ উলিয়াই পইচা দিব লগা নহয়৷
এই কার্ড আৰম্ভ কৰাৰ বাবে অ’টোমেটিক ভাড়া সংগ্ৰহ পদ্ধতি নামৰ এক ব্যৱস্থা গঢ়ি তোলা হৈছে৷ এই ব্যবস্থা আৰম্ভ কৰিবলৈ গৈ আটাইতকৈ যি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়া হ’ল–বিদেশৰ পৰা বিভিন্ন কোম্পানীৰ দ্বাৰা নির্মিত এই ধৰণৰ পদ্ধতি কিনি আনিব লগা হৈছিল৷ ফলত, সংহত ব্যৱস্থা গঢ়ি তোলা হোৱা নাছিল৷ এথন চহৰৰ কার্ড অন্য চহৰত ব্যৱহাৰ কৰি পৰা নাছিল৷ এই সমস্যা সমাধানৰ বাবে আমি এক নতুন টাস্কফোৰ্চ গঢ়ি তুলি তেওঁলোকক নতুন প্ৰযুক্তিৰ জৰিয়তে কাম কৰিবলৈ কৈছো৷ দেশৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক এই কামৰ দায়িত্ব দিয়া হৈছে৷ সেইবোৰৰ সৈতে বেংকসমূহকো যুক্ত কৰা হৈছে। চৰকাৰে তেওঁলোকক এক দায়িত্ব দিছে, যাতে এই ধৰণৰ ব্যৱস্থাৰ উন্নয়নত ভিন্ন কার্ড ব্যৱহাৰৰ সমস্যা দূৰ কৰি সকলো প্ৰকাৰৰ লেনদেনৰ বাবে এক সংহত ব্যৱস্থা গঢ়ি তুলিব পৰা যায়৷
বন্ধুসকল, এই সকলো প্ৰচেষ্টাৰ পাছত আপোনালোকে শুনিলে আনন্দিত হ’ব যে দেশবাসীৰ – ‘এক জাতি, এক কার্ড’ৰ সপোন এতিয়া বাস্তবায়িত হৈছে৷ কমন মবিলিটি কার্ডৰ জৰিয়তে আপোনালোকে নিজ নিজ বেংক একাউণ্টৰ পৰা ইচ্ছা মতো টকা উঠাব পাৰিব আৰু ডিজিটেল লেনদেন কৰিব পাৰিব৷ আকৌ ৰে’ল- বাছত যাতায়াত কৰিব পাৰিব৷
বন্ধুসকল, এই ব্যবস্থাৰ জৰিয়তে এতিয়া ভাৰতৰ বিদেশী প্ৰযুক্তি ওপৰত নির্ভৰ কৰাটো অন্ত পৰাৰ দিশে আগবাঢ়িছে৷ ইয়াৰ সম্পূর্ণ প্ৰযুক্তিয়েই ‘মেড ইন ইণ্ডিয়া’! এতিয়া ভাৰতে বিশ্বৰ সেই আঙুলিৰ মুৰত গণিব পৰা দেশসমূহৰ তালিকাত নাম লিখিছে, যিবোৰত ‘এক দেশ, এক কার্ড’ ব্যৱস্থা আছে৷ ইয়াৰ বাবে দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে গৌৰৱ কৰিব পাৰে৷ সেইবাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো৷ আজি গুজৰাটৰ বৰোদাৰ ছাওলিৰ ৰে’লৰ ডবা নিৰ্মাণ কাৰখনাত নির্মিত ডবা বিদেশলৈ ৰপ্তানি কৰা হৈছে – সেইবাবে আপোনালোকে গৌৰৱ কৰিব পাৰে৷
বন্ধুসকল, পৰিৱহণ খণ্ডক আৰু অধিক শক্তিশালী কৰিবলৈ আমি যিদৰে কাম কৰি আহিছো, তাৰ ফলস্বৰূপে আজি ইয়াৰ পৰা পাটন–ভিলৰী নতুন ৰে’লপথ উদ্বোধন আৰু আনন্দৰ পৰা গোদৰা পর্যন্ত দ্বৈত ৰে’ল লাইন নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ মই যেতিয়া সৰু আছিলো, তেতিয়াৰ পৰাই শুনি আহিছো, প্ৰতিগৰাকী নির্বাচিত সাংসদে পাটনৰ পৰা ভিলাৰী সংযোগী ৰে’ল লাইন স্থাপনৰ প্ৰতিশ্রুতি দিয়ে৷ কিন্তু ইমান দিনে এই ৰে’লপথ আৰম্ভ হোৱা নাছিল৷
বন্ধুসকল,, আজিৰ পৰা দুই দশক পূৰ্বে গুজৰাটৰ পৰিস্থিতি কেনে আছিল, সেয়া হয়তো আজিৰ প্ৰজন্মই নাজানে৷ এই ৰাজ্যৰ বহু অঞ্চলত জল সংকট আছিল৷ চিকিৎসাৰ বাবে বহুত দূৰৰ চহৰলৈ যাবলগীয়া হৈছিল৷ ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাটো সপোনৰ বিষয় আছিল৷ খোৱাপানী ইত্যাদি সুবিধাৰ অভাৱত বহু লোক, বিশেষকৈ, মোৰ জনজাতি ভাই-ভনীসকলৰ বহুতে প্ৰতি বছৰে অঞ্চল এৰি যাবলৈ বাধ্য হৈছিল৷ গুজৰাটৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰিশ্ৰমৰ ফলত আজি গুজৰাটে বর্তমানৰ এই অৱস্থাত উপনীত হ’ব পাৰিছে৷ ভাই-ভনীসকল, গুজৰাটৰ ভাৰসাম্যযুক্ত উন্নয়নক নতুন উচ্চতা দিবলৈ বিগত ৫৫ মাহত আমাৰ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চতুর্মুখী উন্নয়নকর্মৰ জৰিয়তে ঊমৰগাঁৱৰ পৰা অম্বাজীলৈকে পূব গুজৰাটৰ জনজাতি বসতিপ্ৰধান ঊমৰগাঁৱৰ পৰা জাখোৰ, অর্থাৎ আমাৰ ৰাজ্যৰ উপকূলৱৰ্তী অঞ্চল আৰ আবুৰ পৰা দহানুলৈকে, অর্থাৎ ৰাজস্থানৰ পৰা মহাৰাষ্ট্ৰ সীমালৈকে গুজৰাটৰ মাজভাগৰ উন্নয়নক অগ্রাধিকাৰ দি এক বৃহৎ পৰিকল্পনা ৰচনা কৰি কাম কৰিছো৷
পূব আৰু পশ্চিমৰ জনজাতি এলেকা আৰু মধ্যৱর্তী আহমেদাবাদ–বৰোদা–পালনপুৰ – ৱাপ্তি – তাপ্তি – সর্বত্ৰ দীর্ঘস্থায়ী উন্নয়নৰ কাম কৰা হৈছে। ঊমৰগাঁৱৰ পৰা অম্বাজীলৈকে এই বৃহৎ এলেকাৰ জনজাতি ভাই-ভনীসকলৰ জীৱনক সহজ কৰি তুলিবলৈ এই অঞ্চলৰ সকলো গাঁৱক সকলো ঋতুৰ উপযোগী যোগাযোগ ব্যৱস্থাৰে সমৃদ্ধ কৰি তোলা হৈছে। এই অঞ্চলৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ ২,৮০০ কোটি টকা বিনিয়োগেৰে পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷ দাহোদ – ছোটা উদয়পুৰ পানী যোগান প্ৰকল্পত নর্মদাৰ পানী, নর্মদা আৰু তাপী জিলাত সেই নদীসমূহৰ পৰা আৰ ময়সাগৰ জিলাত কড়ানা বাঁন্ধৰ পৰা পানী যোগান প্ৰকল্প গঢ়ি তোলা হৈছে। সংখেড়া–পাওইজিৎপুৰ আঞ্চলিক পানী যোগান প্ৰকল্প দ্বাৰাও ঊমৰগাঁৱৰ পৰা অম্বাজীলৈকে লাখ লাখ লোক উপকৃত হ’ব৷ মই এই অঞ্চলত দুগ্ধ পাম উদ্যোগক উৎসাহ যোগোৱাৰ কাম কৰিছে৷ সবৰকান্তাত ইজৰাইলৰ সৈতে যৌথভাৱে আধুনিক কৃষি কেন্দ্ৰ নিৰ্মাণ কাম চলি আছে৷
বন্ধুসকল, চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলতে আজি গুজৰাটৰ সম্পূর্ণ জনজাতি এলাকাত সিকল চেল এনিমিয়া চিনাক্তকৰণ আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে স্ক্রিনিং সম্পূর্ণ হৈছে। ফলত জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ সকলো সমস্যাৰ মোকাবিলা কৰাত সুবিধা হৈছে. জনজাতি শিশুসকলৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ আপোনালোকে শুনি আচৰিত হ’ব যে গুজৰাটৰ জনজাতি অধ্যুষিত অঞ্চলৰ এটা চুবুৰিটো মই গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ আগলৈকে এটা দ্বাদশ মানৰ বিজ্ঞান বিভাগ সম্বলিত বিদ্যালয় নাছিল! বৰ্তমান তাত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিছে। উন্নয়ন কিদৰে হয়, সপোন কিমান ডাঙৰ হ’ব পাৰে! আৰ সংকল্প গ্ৰহণ কৰি তাক কিদৰে বাস্তবায়িত কৰিব পৰা যায়, এইবোৰ ক্ষেত্রত গুজৰাটে এতিয়া কেচ ষ্টাডীৰ বিষয় হৈ পৰিছে৷
দীনবন্ধু কল্যাণ যোজনাৰ জৰিয়তে কেইবা হাজাৰ আদৰ্শ আবাসিক স্কুল, আশ্ৰম স্কুল আৰু একলব্য স্কুল নির্মাণ কৰা হৈছে। ১,১০০তকৈও অধিক ছাত্রাবাস নির্মিত হৈছে। ইয়াৰ দ্বাৰা অধিকাংশ জনজাতিৰ ল’ৰা-ছোৱালী উপকৃত হৈছে। কেৱল ইমানেই নহয়, নর্মদা জিলাত ৩০০ কোটি টকা বিনিয়োগেৰে বিৰছা মুণ্ডা জনজাতি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে৷ জনজাতীয় ছাত্ৰ-ছাত্রীসকলৰ বাবে চৰকাৰৰ পৰা বিশেষ কোচিং ক্লাছ আৰম্ভ কৰা হৈছে। আগেতে জনজাতি ছাত্ৰ-ছাত্রীসকলৰ বাবে নির্ধাৰিত সংৰক্ষিত মেডিকেল আসন খালী আছিল। কিন্তু এতিয়া আৰ কোনো আসনেই খালি নাথাকে৷
দাহোদ আৰু পালনপুৰত নির্মিত মেডিকেল কলেজত সকলো উন্নত স্বাস্থ্য সেৱা আৰম্ভ কৰাত এই অঞ্চলে স্বাস্থ্য সেৱা বহু পৰিমাণে উন্নত হৈছে। চৰকাৰে দাহোসকলৰ ৰে’ল কৰ্মশালাৰ প্ৰশস্তিকৰণৰ কাম কৰিছে। এতিয়াই হয়তো আপোনালোকে টিভিত দেখিছে, আমাৰ যশৱন্ত সিং ভামৰেই তাৰ ৰে’ল য়ার্ডত আছিল আৰু ৰিমোর্ট কণ্ট্ৰলৰ বুটাম টিপি সেইটো আৰম্ভ কৰিলে৷ ৩০–৪০ বছৰ আগতে আমি সেই অৰণ্যাঞ্চলত হৈ কাম কৰিছিলো৷ তেতিয়া এই পুপা অঞ্চলটো ৰে’লৰ ভূমি খালী হৈ আছিল৷ মই সকলোকে পুনৰবাৰ প্রাণসঞ্চাৰ কৰিলো৷
মই আকৌ একে প্রাণপ্রাচুর্যত ভৰি দিছো। দাহোদ ৰে’লৱে কৰ্মশালাৰ ক্ষমতা চাৰি গুণ বৃদ্ধি কৰা হৈছে, যাতে ইয়াৰ লোকসকলৰ কর্মসংস্থাপন হয়। এতিয়ালৈকে ইয়াত ৪৫০ মালবাহী ৰে’লৰ ৪০০টা ডবাৰ সংস্কাৰ কৰা হৈছে। আপোনালোকে কল্পনা কৰকচোন, এদিনতে ছটাকৈ ৱাগনৰ কাম হলে, কিমানজন লোকেকর্মসংস্থাপন লাভ কৰিব!
তদুপৰি, পর্যটন সংক্রান্তীয় নানা সেৱাৰ মান উন্নয়ন কৰা হৈছে কেউৰিয়াত চর্দাৰ বল্লভ ভাই পেটেলৰ স্মাৰক ষ্টেচু অফ ইউনিটিৰ উচ্চতা আমেৰিকাৰ ষ্টেচু অফ লিবার্টিৰ দুগুণ কৰা হৈছে। এই মূর্তি চাবলৈ দেশ-বিদেশৰ পৰা ইমান পর্যটক আহিছে যে সেয়া দেখি বহুলোক উৎসাহিত হৈছে৷। অম্বাজিতো বহুত উন্নয়নমূলক প্ৰকল্প আৰম্ভ হৈছে। তেনেকৈ ৰাজপিপলাত দ্রুতগতিত ‘জনজাতীয় সংগ্ৰহালয়’ৰ কাম চলি আছে।
ভাই-ভনীসকল, স্বাধীনতা সংগ্রামত অংশগ্ৰহণকাৰী জনজাতীয় আন্দোলনকাৰীসকলে যথাযোগ্য সন্মান পোৱা নাই৷ ইমান বছৰৰ পাছত আমি প্ৰথমে তেওঁলোকৰ অৱদানেৰ প্ৰতি সন্মান জনাই ‘জনজাতীয় সংগ্ৰহালয়’ৰ নির্মাণৰ জৰিয়তে জনসচেতনতা বৃদ্ধিৰ কাম কৰি আহিছো৷
বন্ধুসকল, গুজৰাটত সমুদ্ৰশক্তিৰ সম্ভাৱনাৰ কথা সমগ্ৰ পৃথিৱীয়ে জানে। গুজৰাটত ওমৰগাঁৱৰ পৰা আৰম্ভ কৰি কচ্ছৰ জখোৰলৈকে ভাৰতৰ দীর্ঘতম উপকূল আছে। এই সম্ভাৱনাক উন্নয়নলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰে বহুত প্ৰকল্প ৰচনা কৰি কাম কৰি আহিছে। গোগাৰ পৰা দহেজ ৰ’-ৰ’ ফেৰী আৰম্ভ কৰাৰ ফলত জনগণৰ অহা-যোৱা সময় আৰু অর্থ ৰাহি হৈছে।
ছেউনী প্ৰকল্পক ভিত্তি কৰি জলসিঞ্চন আৰু খোৱা পানী প্ৰকল্পসমূহে এই অঞ্চলৰ জলসংকট বহুত পৰিমাণে হ্ৰাস কৰিছে। এতিয়া চৰকাৰে সমুদ্রৰ জলৰ পৰাও খোৱাপানী উৎপাদনৰ প্ৰকল্প আৰম্ভ কৰিছে। জোড়িয়াকৈ ধৰি ছটা স্থানত ডিষ্টিলেশ্যনৰ কাম আৰম্ভ কৰা হৈছে৷ সমগ্ৰ উপকূল এলেকাৰ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে সাগৰমালা আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ কোটি টকা অনুমোদন জনাইছে। কেৱল গুজৰাটৰ উপকূতৱৰ্তী অঞ্চল উন্নয়নত ৭৫ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। চৰকাৰে গুজৰাটৰ দ্বাৰকাত সামুদ্রিক পুলিচ একাডেমি স্থাপন কৰিছে।
ভাই-ভনীসকল, আমি দেশক একবিংশ শতিকাৰ নতুন উচ্চতালৈ উন্নীত কৰাৰ লগতে আমাৰ পুৰণি ঐতিহ্যকো সংৰক্ষণৰ কাম কৰিছো৷ কেইবাসপ্তাহ পূৰ্বেই গান্ধীজীৰ লৱণ সত্যাগ্ৰহৰ প্ৰতি সমর্পিত দাণ্ডি স্মাৰক উদ্বোধনৰ সৌভাগ্য মোৰ হৈছে। আৰু আজি ইয়াত উদ্বোধন হৈছে বিশ্বৰ প্রাচীনতম হাজাৰ হাজাৰ বছৰ পুৰণি লোথাল বন্দৰৰ পুনর্নিমাণৰ এক উচ্চাকাংক্ষী প্ৰকল্প। এনে এক পাঁচ হাজাৰ বছৰ পুৰণি বন্দৰ বিশ্বৰ অন্য কোনো দেশত থাকিলে তেওঁলোকে একেবাৰেই পুনৰুদ্ধাৰ কৰে বিশ্ববাসীক চমকে দিলে হেতেনে! কিন্তু আমাৰ দেশত স্বাধীনতাৰ ইমান বছৰ পাছোতো সেয়া হোৱা নাই৷
কিন্তু যেতিয়া কেন্দ্রীয় চৰকাৰৰ দায়িত্ব পালো, তেতিয়া আমি এই সুযোগ এৰি দিব বিচৰা নাই৷ আৰু আজি মোৰ হাততেই লোথালত নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্সৰ আধাৰশিলা স্থাপন হ’ল। বিশ্বৰ সামুদ্রিক জীৱনৰ পৰিপ্রেক্ষিতত ভাৰতৰ সমুদ্ৰ শক্তি আৰু আমাৰ ৫ হাজাৰ বছৰৰ সমুদ্ৰ বাণিজ্যিক ইতিহাসৰ নানা উপাদান লৈ এই ঐতিহাসিক মিউজিয়াম গঢ় লৈ উঠিব। আমি কল্পনা নোৱাৰো যে সমগ্ৰ পৃথিৱীৰ কিমান পর্যটকে এই মিউজিয়াম চাবলৈ লোথালত আহিব! ফলত, গুজৰাটত বহুতে কর্মসংস্থাপন লাভ কৰিব।
বন্ধুসকল, লোথাল আমাৰ সমুদ্ৰ শক্তিৰ প্ৰতীক। বিশ্বৰ বহুত দেশৰ পৰা নিকটৱর্তী বল্লভী বিশ্ববিদ্যালয় আৰু অন্যান্য ভাৰতীয় শিক্ষা কেন্দ্ৰসমূহত পঢ়া-শুনাৰ বাবে পণ্ডিত আৰু ছাত্ৰ-ছাত্রীসকল আহিছিল৷ কথিত আছে যে ইয়াৰ সমুদ্ৰ উপকূলত বহু দেশৰ জাতীয় পতাকা উৰিছিল৷ নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্সে আমাৰ সেই গৌৰৱময় অনুভৱক ঘূৰাই আনিব৷ আৰু আজি আমি এইটোও ঘোষণা কৰিছো যে এই কেন্দ্ৰটোৰ আধাৰশিলা যেতিয়া মই কৰিছো, উদ্বোধনো ময়েই কৰিবলৈ আহিম। মোৰ দৃঢ় বিশ্বাস যে দেশবাসীৰ আশীর্বাদ মোৰ সৈতে আছে৷
এই কমপ্লেক্সত মিউজিয়ামৰ লগতে থিম পার্ক, গৱেষণা কেন্দ্ৰ আৰু ৰিছর্ট গঢ়ি তোলা হ’ব। অর্থাৎ ই বিশ্বক ভাৰতৰ সমৃদ্ধ সমুদ্ৰ অভিযানৰ ঐতিহ্যৰ সৈতে পৰিচিত কৰাব। ইয়াৰ সমান্তৰালভাৱে, পর্যটনকো উৎসাহিত কৰিব। এই কমপ্লেক্সত কেৱল ভাৰতেই নহয়, বিশ্ববাসীয়ে এক নতুন ঐতিহ্যৰ সৈতে চিনাকী হ’ব৷
বন্ধুসকল, আমাৰ চৰকাৰে মধ্য গুজৰাটৰ সৈতে ইয়াৰ পূর্ব আৰু পশ্চিম ভাগ হৈ যথাক্ৰমে ৰাজস্থান আৰু মহাৰাষ্ট্ৰকে উন্নত পৰিবহণ ব্যৱস্থাৰ জৰিয়তে যুক্ত কৰিবলৈ কেতবোৰ প্ৰকল্পৰ কাম দ্রুতগতিত আগুৱাই নিছে। আহমেদাবাদ–মুম্বাই বুলেট ট্রেইনৰ কামো দ্রুতগতিত আগুৱাই গৈছে৷ এই ট্রেইনে গুজৰাটক এক নতুন পৰিচয় দিব, ভাৰতৰ গৌৰব বৃদ্ধি কৰিব। ইয়াৰ ব্যবসায়ীসকলে মুম্বাইৰ সৈতে যোগাযোগক বহুত সহজ কৰি তুলিব৷
আজি আহমেদাবাদে মেট্রো ৰে’ল উপহাৰ হিচাপে পালে। লগতে বৰোদা–মুম্বাই এক্সপ্রেছো মধ্য গুজৰাটৰ সৈতে অৱশিষ্ট ভাৰতৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰাত এই অঞ্চলৰ শিল্পও উন্নত হ’ব। কেন্দ্রীয় চৰকাৰে সানন্দক অটো মোবাইল হাব হিচাপে বিকশিত কৰাৰ কাম কৰিছে, তেনেকৈ ধোলেৰাক বিশ্বমানৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে বিকশিত কৰা হৈছে। ইয়াৰ ভিতৰত ধোলেৰা বিমানবন্দৰ আৰু ৰাজকোটত গ্রীন ফিল্ড বিমানবন্দৰ নির্মাণৰ কামো আছে৷
ভাই-ভনীসকল, মধ্য গুজৰাটৰ জল সংকট দূৰ কৰাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা কৰি নর্মদা বাঁন্ধৰ কাম সম্পূর্ণ কৰিছে আৰু ইয়াৰ সৈতে জড়িত জলসিঞ্চন প্ৰকল্পসমূহক সম্পূর্ণ কৰাৰ কামত জোৰ দিয়েছে। ‘সুজলাং সুফলাং’ প্ৰকল্পেৰ জৰিয়তে বহুত প্ৰকল্প চালু কৰা হৈছে। ফলে, নর্মদাৰ জল উত্তৰ ও মধ্য গুজৰাটেৰ সার্বিক উন্নয়নে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
বন্ধুসকল, আন এটা কাৰণত আজিৰ দিনটো মোৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। আজি ইয়াত মোৰ আহমেদাবাদত মেডিছিটা গঠি তোলাৰ সপোন বাস্তবায়িত হৈছে। অর্থাৎ, একেখন ছাঁদৰ তলত আহমেদাবাদবাসীয়ে এতিয়া সকলো অত্যাধুনিক স্বাস্থ্যসেৱা পাবলৈ সক্ষম হ’ব৷ একেদৰে, চাৰিখন বৃহৎ হাস্পতাল উদ্বোধন কৰা হ’ল; মহিলা আৰু শিশুসকলৰ বাবে ছুপাৰ স্পেছিয়েলিটা হাস্পতাল, কেন্সাৰ হাস্পতাল, চকু হাস্পতাল আৰু দন্ত হাস্পতাল একে ঠাইতে নিৰ্মাণ কৰা হৈছে৷
বন্ধুসকল, আহমেদাবাদত কেইবা দশক পুৰণি অসামাৰিক হাস্পতালক মেডিচিটালৈ ৰূপান্তৰণ কৰাৰ এই কাম ২০০৮ চনত আৰম্ভ হৈছিল। আমি অত্যন্ত আনন্দিত যে এক দশকৰ ভিতৰতে দেশৰ বৃহত্তম স্বাস্থ্য সেৱা কেন্দ্ৰ মেডিচিটী ৰূপে আজি ইয়াত উদ্বোধন কৰিব পাৰিছো৷ ইয়াৰ বিস্তাৰ লক্ষ্য কৰক৷ যিসকলে টিভিৰ পর্দাত দেখিছে অথবা শুনিছে–তেওঁলোকেও হয়তো শুনিছে যে এখন ছাঁদৰ তলত ১০ হাজাৰ চিকিৎসক, চিকিৎসা শাস্ত্ৰৰ ছাত্ৰ-ছাত্রী, পেৰা-মেডিকেল ষ্টাফ, ক্রীড়া চিকিৎসা বিশেষজ্ঞ মিলি প্ৰতিদিনে প্রায় দশ হাজাৰ অসুস্থ লোকক স্বাস্থ্য সেৱা প্ৰদান কৰিব৷
এই মেডিচিটীক আপোনালোকে এতিয়া এক ২০হাজাৰ জনসংখ্যা বিশিষ্ট ডাঙৰ গাঁও হিচাপে কল্পনা কৰিব পাৰে৷ ইতিমধ্যে এই মেডিচিটীত ৫,৫০০খন বিচনা অন্তৰ্ভূক্ত কৰা হৈছে ভৱিষ্যতে এই বিচনাৰ সংখ্যাও বহুত বৃদ্ধি কৰা হ’ব। মোৰ দৃঢ় বিশ্বাস যিবোৰ হাস্পতালৰ কাম আগবাঢ়ি আছে, সেইবোৰ কামো দ্রুতগতিত সম্পন্ন হ’ব।
বন্ধুসকল, আমাৰ চৰকাৰে সম্পূৰ্ণৰূপে উন্নত স্বাস্থ্য সেৱাক অগ্রাধিকাৰ দি আহিছে। আজি পুৱা জামনগৰত ৭০০খন বিচনাযুক্ত হাস্পতাল উদ্বোধনৰ সৌভাগ্য হৈছে। ভাৰতৰ উত্তৰ-দক্ষিণ পূর্ব-পশ্চিম সর্বত্ৰ স্বাস্থ্য পৰিকাঠামো আৰু চিকিৎসাবিদ্যা শিক্ষা প্ৰতিষ্ঠানসমূহৰ অভূতপূর্ব উন্নয়ন আজি দেশবাসীয়ে অনুভৱ কৰিছে। সমগ্ৰ দেশত আজি ২২খন এইম্ছ হাস্পতালৰ কাম আৰম্ভ হৈছে অথবা নির্মাণৰ কাম দ্রুতগতিত আগবাঢ়িছে। ইয়াৰ ভিতৰত ১৫খন এইম্ছ বিগত পাঁচ বছৰত আৰম্ভ হৈছে। আমি দেশৰ সৰু সৰু চহৰসমূহতো উন্নত স্বাস্থ্য সেৱা গঢ়ি তোলাৰ চেষ্টা কৰিছো৷ আৰোগ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজ পর্যন্ত এক শৃঙ্খলা গঢ়ি তোলা হৈছে।
বন্ধুসকল, এটা সময় আছিল যেতিয়া দুখীয়া আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক অসুস্থ হ’লে তেওঁলোকে ভাগ্যৰ ওপৰত এৰি দিছিল৷ দেশৰ জনসংখ্যাৰ অনুপাতে পর্যাপ্ত হাস্পতাল নাছিল, চিকিৎসা সেৱাৰ কোনো ভাল প্ৰকল্পও নাছিল৷ সেইবাবে দেশৰ কোটি কোটি দুখীয়া মানুহে হাস্পতালৰ দুৱাৰদলিত ভৰি ৰাখিব নোৱাৰিছিল৷ আমি এই সমস্যা সমাধানৰ বাবে আয়ুষ্মান ভাৰত বা পিএমজেৱাই প্ৰকল্প আৰম্ভ কৰিছো। এই প্ৰকল্পক বহুতে মোদী কেয়াৰ বুলিও কয়৷ এনে বহুত উপকৃত লোকৰ সৈতে মোৰ দেখা হৈছে। আজিও ইয়ালৈ অহাৰ পূৰ্বে দেখা হৈছে, তেওঁলোকৰ মতে আয়ুষ্মান ভাৰত যোজনাই তেওঁলোকৰ বাবে এক আশীর্বাদ।
বন্ধুসকল, আয়ুষ্মান যোজনা আৰম্ভ হোৱাৰ মাত্ৰ পাঁচ মাহ কেইদিনমান হৈছে। কিন্তু ইতিমধ্যে ১৪ লাখৰো অধিক লোক ইয়াৰ দ্বাৰা উন্নত চিকিৎসা সেৱা পাইছে। আজি দেশৰ অতি দৰিদ্ৰ ব্যক্তিৰ মনতো সুচিকিৎসাৰ আশা জাগিছে। এই পৰিৱর্তন কিদৰে সম্ভব হৈছে। কাৰ বাবে হৈছে? বন্ধুসকল, মোদীৰ বাবে এয়া হোৱা নাই। আপোনালোকে ২০১৪ চনত সঠিক সিদ্ধান্ত লৈ সঠিক স্থানত ভোট দিছিল৷ আপোনালোকৰ সদিচ্ছাৰ ফচল হিচাপে সংখ্যাধিক্যৰ জোৰত গঠিত শক্তিশালী চৰকাৰে ৰাষ্ট্ৰহিতাৰ্থে এটাৰ পাছত এটা এই ধৰণৰ সিদ্ধান্ত লৈ আহিছে।
ভাই-ভনীসকল, আমাৰ চৰকাৰে দেশৰ ৰাজনীতিতে এক বুনিয়াদী পৰিৱর্তন আনিছে। যি কৰিব, পৰিচ্ছন্নভাবে সততাৰে দেশৰ স্বার্থত কৰিব। সেইবাবে যিমান সমালোচনাই নওঁক কিয়, আমি পিছুৱাই যোৱা নাই! আপোনালোকে দেখিছে, দুর্নীতিৰ বিৰুদ্ধে কঠিন পদক্ষেপৰ পৰা আৰম্ভ কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে সাহসী যুঁজৰ জৰিয়তে আমাৰ নীতি আৰু সদিচ্ছা সকলোৱেই অনুভৱ কৰিছে।
আপোনালোকে মন কৰক, মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, এই অসামৰিক হাস্পতালতে ৰাক্ষসসকলে বোমা বিস্ফোৰণ কৰি অসংখ্য নিৰীহ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। তেতিয়া যিসকল কেন্দ্রীয় চৰকাৰৰ শাসন ক্ষমতাত আছিল, সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাটো কি তেওঁলোকৰৰ দায়িত্ব নাছিল?
ভাই-ভনীসকল, মোৰ এই ক্ষোভৰ কথা মই তেতিয়াও কৈছিলো আৰু এইবাৰ পুলৱামাৰ পাছত জনসমক্ষে কৈছো যে যি জুই দেশবাসীৰ হৃদয়ত আছে, সেই জুই মোৰ হৃদয়তো আছে। কিন্তু মুম্বাইত ২৬/১১ত অসংখ্য নিৰীহ লোকৰ মৃত্যু হ’ল কিন্তু ভাৰতে ইয়াৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ লোৱা নাছিল৷ অথচ এই সন্ত্রাসবাদক শিপাৰ পৰা উভালি পেলোৱা উচিৎ। আপোনালোক মোক কওক দেশৰ কোনো ৰাজনৈতিক দলে এই কাম সততাৰে কৰিছে – আমি। আমিয়েই এফালে অন্যায়কাৰীক শাস্তি দিছো আৰু আনফাৱে, সৎভাবেৰে যিসকলে কাম কৰিছে, তেওঁলোকক সন্মানিত কৰিছো৷ আজি আহমেদাবাদ অসামৰিক হাস্পতালত ঠিয় হৈ মোৰ সেইদিনটোৰ মর্মান্তিক দৃশ্য মনত পৰিছে, সেইবাবে আপোনালোকক প্ৰতিশ্রুতি দিছো যে যিসকলে আমাক আক্ৰমণ কৰিব, তেওঁলোকৰ আমি সপ্তনৰকত লৈ হ’লেও মাৰিম। অথচ, দেশৰ দুর্ভাগ্য যে একাংশ নেতাই কি কৈছে, সেয়া তেওঁলোকে নিজেই নাজানে। আজিৰ পাকিস্তানৰ খবৰৰ কাগজৰ হেডলাইনবোৰ চাওক, ভাৰতৰ বিৰোধী নেতা-নেত্রীসকলে আমাৰ বিৰুদ্ধে যি কৈছে, সেয়া তেওঁলোকৰ সংবাদমাধ্যমত শিৰোনামত ছপা হৈছে। তেওঁলোকৰ পাকিস্তানৰ টেলিভিশ্যনত দেখুওৱা হৈছে। তেওঁলোকৰ বক্তব্যক লৈ কৰি পাকিস্তানৰ সংসদত আলোচনা হৈছে।
তেওঁলোকে কেনে দেশপ্ৰেমিক! এনে কথা কৈছে যে পাকিস্তানত হাততালি বাজিব? আৰে দেশৰ সেনাবাহিনীয়ে পৰাক্ৰম দেখুৱাইছে, আমাৰ যাতে প্ৰতি আক্ৰমণৰ বাবে বেছি দিন অপেক্ষা কৰিব লগা নহয়, সেইফালৰ পৰা লক্ষ্য ৰাখি তেওঁলোকে দ্রুত সিদ্ধান্ত লৈছে আৰু শত্ৰুক উপযুক্ত শিক্ষা দিছে। আমাৰ দেশৰ এনে পৰাক্ৰমী সৈনিকক আপোনালোকে বিশ্বাস নকৰিব পাৰে! কিন্তু বহুতে ইয়াক লৈও ৰাজনীতি কৰিছে।
আৰে আপোনালোকে মোদীৰ কথা নামানিব পাৰে। অতি কমেও সেনাবাহিনীক তো বিশ্বাস কৰক। যিসকলে জীৱনক বাজি লগাই যুদ্ধ কৰে, তেওঁলোকৰ পৰাক্ৰমত কালিমা নাসানিব৷ মন কৰক, তেওঁলোকে যি পৰিকল্পনা লৈ সীমান্তৰ সিপাৰে আক্ৰমণ কৰিছিল, সেয়া যদি সফল নহ’লহেতেন, তেতিয়া হ’লে তেওঁলোকে কি কৰিলেহেতেন? তেওঁলোকে কাৰ পদত্যাগ বিচাৰিলে হেতেন? কিয় ভাই, আপোনালোকে কিয় বিচাৰে যে দেশৰ প্ৰধানমন্ত্রীয়ে তেওঁৰ পৰাক্ৰমী সৈনিকসকলৰ প্ৰশংসা নকৰিব৷ মোৰ ‘জয় জোৱান, জয় কিষাণ’ কোৱাৰো অধিকাৰ নাই নেকি? মই দেশৰ সৈনিকসকলৰ বাবে গৌৰৱ কৰিলে তেওঁলোকৰ ইমান কিয় পেটৰ বিষ হয়?
তেওঁলোকে কৈছে যে এয়া নির্বাচনী খেল। প্ৰথমবাৰ যেতিয়া মই ছার্জিকেল ষ্ট্ৰাইক কৰিছিলো, তেতিয়া কিহৰ নির্বাচন আছিল! আমাৰ নীতি হ’ল–কোনোবাই আমাক আক্ৰমণ কৰিলে আমি তেওঁলোকৰ ঘৰত সোমাই প্ৰতি আক্ৰমণ কৰিম। কোনো দেশে এনে অসহায় অৱস্থাত দশকৰ পাছত দশক ধৰি থাকি যাব নোৱাৰে। ৪০ বছৰ ধৰি সন্ত্রাসবাদে ভাৰতৰ বুকুত গুলীবর্ষণ কৰিছে, বিস্ফোৰণ কৰিছে অসহায় লোকসকলক হত্যা কৰিছে। কিন্তু ভোটৰ ৰাজনীতিত নিমজ্জিত নেতাসকলে কোনো পদক্ষেপ ল’বলৈ ভয় কৰিছিল৷ আমি ক্ষমতা অথবা প্ৰধানমন্ত্রীৰ চকীলৈ পৰোলা নকৰো৷ দেশৰ মানুহ আৰু তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব মোৰ। সেইবাবে দয়া কৰি সকলো বিষয় লৈ ৰাজনীতি নকৰিব। আৰে মোদীয়ে যদি কয় যে গৃহহীনৰ বাবে ইমাবোৰ ঘৰ বনাইছে, মেট্রো ৰে’ল আনিছে, মেডিচিটী বনাইছে, এইবোৰক লৈ ৰাজনীতি কৰক, কওক মোদীয়ে মিচা কথা কৈছে। কিন্তু সেনাক লৈ কোনো বিবাদ নকৰিব৷ তেওঁলোকৰ মনোবল ভঙাৰ চেষ্টা নকৰিব!
বন্ধুসকল, যিদৰে আমি দেশৰ নিৰাপত্তা লৈ দায়বদ্ধ। দেশৰ স্বার্থত যি কৰা প্ৰয়োজন, আমি আপোনালোকক আশ্বস্ত কৰিছো যে আমি সেই পদক্ষেপে গ্ৰহণ কৰিম৷ আপোনালোকে হয়তো লক্ষ্য কৰিছে যে এইবাৰৰ বাজেট যিখন অন্তৰ্ৱতীকালীন বাজেট …… আপোনালোকে মোক আকৌ প্ৰধানমন্ত্রী নির্বাচিত কৰিলে পূর্ণ বাজেট উত্থাপন কৰিম। কিন্তু এইবাৰৰ এই অন্তৰ্ৱর্তীকালীন বাজেটত আমি দেশৰ মধ্যবিত্তৰ বাবে বহু গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছো৷ ৫ লাখ টকা পর্যন্ত বার্ষিক আয়ৰ ব্যক্তিৰ আয়কৰ মুক্ত কৰিছো৷ ইয়াৰ জৰিয়তে পোনপটীয়াকৈ দেশৰ ৩ কোটিতকৈ অধিক লোক লোক উপকৃত হ’ব।
বন্ধুসকল, বিগত পাঁচ বছৰত আমি নতুন ভাৰতৰ ভেটি স্থাপন কৰিছো। নতুন ভাৰতৰ নতুন সংস্কাৰ গড়ি তোলাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰৰ হিতাৰ্থে সততা আৰু নিষ্ঠাৰৰে প্ৰত্যেক ব্যক্তিয়ে যাতে কাম পায়, এনে পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছো। অহা পাঁচ বছৰত আমি নতুন ভাৰতৰ এই ভেটিত বৈভৱশালী ভাৰত গঢ়ি তোলাৰ চেষ্টা কৰিম। এক শক্তিশালী ভাৰত নির্মাণৰ প্ৰতিজ্ঞা লৈ আমি আগুৱাই গৈছো৷ আমি সকলোৱে মিলি সেই পথত আগুৱাই যাম। এই বিশ্বাস লৈ আজি যিমানবোৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন হ’ল, সেইবোৰৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা আৰু মৰম জনাই মোৰ সৈতে দুয়ো হাত ওপৰলৈ তুলি সম্পূর্ণ শক্তিৰে ক’বলৈ অনুৰোধ জনাইছো–
ভাৰত মাতাৰ জয়
ভাৰত মাতাৰ জয়
ভাৰত মাতাৰ জয়
বন্দে মাতৰম
বন্দে মাতৰম
বন্দে মাতৰম
ধন্যবাদ।
*****
अतुल तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/निर्मल शर्मा/DB
यहां आने से पहले मैंने अहमदाबाद मेट्रो में सफर किया।
— PMO India (@PMOIndia) March 4, 2019
उस दौरान लोगों का उत्साह और उनकी खुशी को अनुभव किया, सच में मन आनंद से भर गया।
उत्तरायन में जैसे लोग छत पर खड़े होकर पतंग उड़ाते हैं, वैसे ही आज छत पर खड़े होकर लोग अपनी मेट्रो का स्वागत कर रहे थे: PM
कुछ देर पहले मैंने कॉमन-मोबिलिटी कार्ड की सुविधा का भी शुभारंभ किया है।
— PMO India (@PMOIndia) March 4, 2019
ये कार्ड यात्रा करते समय आपकी तमाम दिक्कतों को दूर करने जा रहा है।
इस दिक्कत को दूर करने के लिए ही ऑटोमेटिक फेयर कलेक्शन सिस्टम की व्यवस्था विकसित की गई थी: PM
अलग-अलग कंपनियों द्वारा बनाए गए इस सिस्टम की वजह से देश में एक इंटीग्रेटेड व्यवस्था विकसित नहीं हो पा रही थी।
— PMO India (@PMOIndia) March 4, 2019
एक शहर का कार्ड दूसरे शहर में बेकार हो जाता था।
इस चुनौती को दूर करने के लिए एक व्यापक स्तर पर काम शुरू किया,
अनेक मंत्रालयों और विभागों को इस काम में लगाया गया: PM
तमाम प्रयासों के बाद अब देश में
— PMO India (@PMOIndia) March 4, 2019
One Nation-One Card का सपना सच होने जा रहा है।
कॉमन-मोबिलिटी कार्ड से आप पैसे भी निकाल पाएंगे, शॉपिंग कर पाएंगे और किसी भी मेट्रो या ट्रांसपोर्ट के अन्य साधन में भी वही कार्ड इस्तेमाल हो जाएगा: PM
बीते 55 महीनों में सरकार ने
— PMO India (@PMOIndia) March 4, 2019
उमर गांव से अंबाजी यानि राज्य के आदिवासी बाहुल्य इलाके,
उमरगांव से जखौ यानि राज्य के तटीय इलाके और
आबू से दहानू यानि केंद्रीय गुजरात की आवश्यकताओं को ध्यान में रखते हुए विकास के अनेक कार्य शुरू करवाए हैं और अनेक पर काम कर रही है: PM
आज लोथल में नेशनल मेरिटाइम हेरिटेज कॉम्प्लेक्स का शिलान्यास किया गया है।
— PMO India (@PMOIndia) March 4, 2019
अनेक देशों के लोग वहां अध्ययन करने के लिए पहुंचते थे कि, ये पोर्ट काम कर रहा है और इस क्षेत्र के व्यापार को बढ़ाने में मदद कर रहा है।
कहते हैं, एक समय था जब दर्जनों देशों के झंडे वहां फहराया करते थे: PM
It’s a memorable day in Ahmedabad’s history.
— Narendra Modi (@narendramodi) March 4, 2019
Our beloved Ahmedabad gets a Metro!
Inaugurated Phase-1, travelled on the metro and laid the foundation stone for Phase-2.
We want to provide convenient, and cost effective transportation in our cities. pic.twitter.com/ybJEtdsJCV
Here is how the dream of ‘One Nation, One Card’ was fulfilled today, furthering ‘Ease of Living’ for several citizens. pic.twitter.com/Aw5AV3pQvQ
— Narendra Modi (@narendramodi) March 4, 2019