Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আহমেদাবাদত ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

আহমেদাবাদত ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

আহমেদাবাদত ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

আহমেদাবাদত ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ


জাপানৰ সন্মানীয় প্ৰতিনিধিবৰ্গ আৰু আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত শ্ৰদ্ধেয় ৰাইজ,

মই পুনৰ মোৰ বন্ধু প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেক ভাৰতত বিশেষকৈ গুজৰাটত আদৰিবলৈ পাই নথৈ সুখী হৈছো।

মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। বিশ্বৰ এজন অন্যতম নেতা, ভাৰতৰ পৰম বন্ধু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেৰ প্ৰতি কালি আপোনালোকে প্ৰদৰ্শন কৰা মৰম আৰু শ্ৰদ্ধাৰ বাবে মই গুজৰাটৰ জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছো।
বন্ধুসকল, কোনো দেশেই সৰু বা সীমাৱদ্ধ সপোন লৈ আগবাঢ়িব নোৱাৰে। সপোনৰ প্ৰসাৰতাৰ ওপৰতেই দেশ এখন, ব্যক্তি এজনৰ বা সমাজ এখনৰ ভৱিষ্যত নিৰ্ভৰ কৰে।আমি আমাৰ অপাৰ সপোন, পাৰাপাৰহীন ইচ্ছাশক্তিৰে নতুন ভাৰত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো।

আজি ভাৰতে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে। মই ১.২৫ কোটি ভাৰতীয়ক মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো।বুলেট ট্ৰেইনৰ প্ৰকল্পই ক্ষীপ্ৰ গতিৰ লগতে দেশৰ বাবে দ্ৰুত প্ৰগতিও আনিব।ই অতি সুৰক্ষিত আৰু সুচল। ই লগতে নিয়োগৰ সুবিধা কঢ়িয়াই আনিব।ক্ষীপ্ৰ গতিৰ ৰে’ল ব্যৱস্থা মানুহৰ বাবে আৰু পৰিৱেশৰ বাবেও অনুকূল হ’ব।আজি ভাৰত আৰু জাপান এই প্ৰকল্পক লৈ সমানে আৱেগিক।এজন ভাল বন্ধুৱে সদায়ে সীমাৰ বাহিৰত গৈও সহায়ৰ হাত আগবঢ়ায়।আৰু এই জাপানী প্ৰযুক্তিৰে নিৰ্মিত মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্পই জাপানৰ বন্ধুত্বকে প্ৰতিপন্ন কৰে।এই প্ৰকল্পই ভাৰত আৰু জাপানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।এই প্ৰকল্পৰ বাবে মোৰ বন্ধু শ্বিঞ্জু আবেই ব্যক্তিগত আগ্ৰহ প্ৰকাশ কৰিছে আৰু কোনো অসুবিধা নোহোৱাকৈ এই প্ৰকল্প সম্পূৰ্ণ হোৱাত সহযোগ আগবাঢ়াইছে।ই কেৱল ক্ষীপ্ৰ গতিৰ ৰে’লৰ আৰম্ভণি নহয়, ই ভাৰতৰ ভৱিষ্যত নিৰ্ণয়কাৰী পদক্ষেপ আৰু তাৰপৰা ভৱিষ্যতৰ প্ৰজন্মসমূহ লাভান্বিত হ’ব।

বন্ধুসকল, ৰে’লপথেই হওক, আকাশীপথেই হওক বা জলপথেই হওক, পৰিৱহণ ব্যৱস্থাই দেশ এখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পৰিৱহণ ব্যৱস্থাই সংযোগ স্থাপনৰ মূল ভেটি আৰু বিভিন্ন ঠাইৰ মাজত সংযোগ স্থাপন হ’লেহে মানুহ তাৰপৰা লাভান্বিত হয়, প্ৰগতিৰ দিশত আগবঢ়া সম্ভৱ হয়।আমেৰিকাৰ ইতিহাসৰ কথা যিসকলে জানে, তেওঁলোকে নিশ্চয় জানে যে ৰে’লপথৰ উন্নয়ন হোৱাৰ পিছতহে আমেৰিকাৰ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হৈছিল।অলপ আগতে আমাৰ বন্ধু আবে শ্বানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ অৱস্থাৰ বিষয়ে কৈছিল।কি ভয়ঙ্কৰ জীৱন আছিল সেয়া।পাৰাপাৰহীন দৰিদ্ৰতা। কিন্তু ১৯৬৪ চনত বুলেট ট্ৰেইনৰ প্ৰচলন হ’ল আৰু লাহে লাহে জাপানৰ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হ’ল।আজি তাৰেই প্ৰতিচ্ছবি ইউৰোপ আৰু চীনতো দেখিবলৈ পোৱা গৈছে। অৰ্থনৈতিক উন্নয়নে সেই দেশসমূহত সামাজিক পৰিৱৰ্তনো আনিছে।সেয়ে আমিও সেই পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা হাতত লৈছো।১০০ বছৰে সলনি নোহোৱা প্ৰযুক্তি আজি ২৫ বছৰত বহু সলনি হৈছে।সকলোতে এনে দ্ৰুত পৰিৱৰ্তন হ’লে আমিও তাৰ লগত ফেৰ মাৰিবলৈ সাজু হ’বই লাগিব।ই আমাক অৰ্থনৈতিক উন্নয়নৰ দুৱাৰ খুলি দিব।বন্ধুসকল, দেশ এখনৰ উৎপাদনশীলতাৰ লগত অৰ্থনৈতিক উন্নয়নৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।দ্ৰুতবেগী সংযোগতকৈ আমি উৎপাদনশীলতাত অগ্ৰাধিকাৰ দিছো।

বন্ধুসকল, আজি এই অনুষ্ঠানত মই জাপানৰ বন্ধুত্বক বিশেষভাৱে শলাগিব বিচাৰিছো।আমি ভাৰতীয় বা গুজৰাটীয়ে বা বিশেষকৈ আহমেদাবাদীয়ে যেতিয়া কিবা এটা কিনিবলৈ যাওঁ আমি এটা এটা পইচাৰ হিচাপ ৰাখো।আমি অনবৰতে লাভ-লোকচানৰ হিচাপ ৰাখো। ঋণ এটা লোৱাৰ আগত আমি দহবাৰ বেলেগ বেলেগ বেংকলৈ গৈ কোনে কিমান কম সূদত ঋণ দিছে খবৰ লওঁ। আমি ইমান তন্ন তন্নকৈ চাওঁ যে বেংকৰ কৰ্মচাৰী ভাগৰি পৰে।বন্ধুসকল, আপেনালোকে ভাবি চাওক, কোনেও জাপানৰ দৰে বন্ধু পাব নোৱাৰে যি সূদ নোলোৱাকৈ ৫০ বছৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিত ঋণ দিয়ে।কোনেও হয়তো এই কথা বিশ্বাসো নকৰিব।ভাৰতৰ কোনো বেংকে সূদ নোলোৱাকৈ ঋণ দিবনে? কিন্তু আবে শ্বানে বুলেট ট্ৰেইনৰ কাৰণে মাত্ৰ ০.১ শতংশ হাৰত ঋণ দিছে।

মই আচৰিত হৈছে যে মই গুজৰাটত যেতিয়া বুলেট ট্ৰেইনৰ কথা কৈছিলো তেতিয়া মানুহে কৈছিল, মোদীয়ে কেতিয়া বুলেট ট্ৰেইন আনিব? আৰু আজি যেতিয়া বুলেট ট্ৰেইন আহিছে, মানুহে ওলোটাই প্ৰশ্ন কৰিছে মোদীয়ে বুলেট ট্ৰেইন কিয় আনিছে? ভাতৃ-ভগ্নীসকল, বুলেট ট্ৰেইন ভাৰতে জাপানৰ পৰা লাভ কৰা এক ডাঙৰ উপহাৰ।সেয়ে কোনো খৰচ নোহোৱাকৈ এই প্ৰকল্প সম্পূৰ্ণ হ’বলৈ গৈ আছে। মই পুনৰ জাপানক প্ৰযুক্তি আৰু বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ভাতৃ-ভগ্নীসকল, দ্ৰুতবেগী ৰে’লে কেৱল দুখন ঠাইৰ দূৰত্বই হ্ৰাস নকৰে বৰং ৫০০ কিলোমিটাৰ দূৰত্বৰ দুখন ঠাইৰ মানুহকো সংযোগ কৰাব। এই প্ৰকল্প সম্পূৰ্ণ হ’লে মুম্বাই-আহমেদাবাদৰ দূৰত্ব দুঘন্টাত পাৰ কৰিব পৰা হ’ব।

আমি এই যাত্ৰা যদি আকাশীযানৰ সৈতেও তুলনা কৰো, তেন্তে বিমানবন্দৰলৈ যোৱা বিমানবন্দৰৰ আনুষ্ঠানিকতা পালন কৰা আদি মিলাই যিমান সময় লাগে তাৰ আধা সময়ত এই দূৰত্ব পাৰ কৰিব পৰা হ’ব।

আপুনি কল্পনা কৰিব পাৰে কিমান ডাঙৰ পৰিৱৰ্তন আহি আছে আপোনাৰ জীৱনলৈ। কিমান সময় ৰাহি হ’ব।ইয়াৰ ফলত মুম্বাই-আহমেদাবাদ পথত বাহনৰ সংখ্যাও হ্ৰাস পাব। তাৰ যোগাত্মক প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিব।ইন্ধনৰ ৰাহি হ’ব।
এই প্ৰকল্পৰ লগতে মুম্বাই-আহমেদাবাদ পথক কেন্দ্ৰ কৰি নতুন অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন হ’ব। দুয়োখন চহৰৰ মাজৰ অঞ্চলখিনি এটা অৰ্থনৈতিক অঞ্চলৰ আওঁতালৈ আনি উন্নয়ন কৰা হ’ব। দ্ৰুতবেগী ৰে’লে কেৱল পৰিৱহণেই দ্ৰুত নকৰে ই বাণিজ্য, সামগ্ৰীৰ পৰিবহণ সকলো ক্ষেত্ৰতে ক্ষীপ্ৰ গতি প্ৰদান কৰি দেশলৈ দ্ৰুত প্ৰগতি আনিব।

আমাৰ এটা ধাৰণা আছে যে যি প্ৰযুক্তিয়েও নাহক কিয় সি কেৱল ধনীক শ্ৰেণীকহে লাভান্বিত কৰে।যদি প্ৰযুক্তিক দৰিদ্ৰৰ সবলীকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি তেন্তে ই অতি সোনকালে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে।মই ভাৱো প্ৰযুক্তি তেতিয়াহে লাগতীয়াল, যেতিয়া ই দেশৰ সাধাৰণ জনতাৰ কামত আহে।এই প্ৰকল্পই স্থানীয় প্ৰযুক্তিবিদ, নিৰ্মাতা, ব্যৱসায়ী সকলোকে লাভান্বিত কৰিব।

বন্ধুসকল, আমি জাপানৰ পৰা প্ৰযুক্তি আমদানি কৰিছো যদিও বুলেট ট্ৰেইন নিৰ্মাণৰ বেছিভাগ কাম ভাৰততে সম্পন্ন হৈছে।ভাৰতীয় উদ্যোগে বিশ্বমানৰ সা-সঁজুলি তৈয়াৰ কৰি সময়ত যোগান দিবলৈ সক্ষম হৈছে।আমি নিখুঁত সা-সঁজুলি তৈয়াৰ কৰাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব।ইয়াৰ ফলত ‘মে’ক ইন ইণ্ডিয়া’ আঁচনিও লাভান্বিত হ’ব।এই প্ৰকল্পই হাজাৰ হাজাৰ প্ৰত্যক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰিব।

বন্ধুসকল, নতুন ভাৰতৰ বাবে এক সংহত পৰিৱহণ ব্যৱস্থাৰ প্ৰয়োজন আছে।সেয়ে আমি ভৱিষ্যতৰ পৰিৱহণ আন্তঃগাঁথনি ভৱিষ্যত প্ৰজন্মৰ কথা মনত ৰাখি গঢ়িব বিচাৰিছো।আমি ৰে’ল, আকাশীপথ, ঘাইপথ, জলপথ সকলোৰে আন্তঃগাঁথনি উন্নয়নত মনোযোগ দিছো।জিএছটিৰ ফলতো দেশৰ পৰিৱহণ ব্যৱস্থা লাভান্বিত হ’ব।

চৰকাৰে পৰিৱেশৰ অপকাৰ নোহোৱাকৈ জলপথ নিৰ্মাণৰ কামতো মনোনিৱেশ কৰিছে।তাৰবাবে ইতিমধ্যে ১০৬ খন নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে তৈয়াৰ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আকাশীপথৰ ক্ষেত্ৰতো উন্নয়ন দেখা পোৱা গৈছে। অন্তৰ্দেশীয় আকাশীযানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। বিমানসেৱা খণ্ডক অধিক শক্তিশালী কৰি তুলিবৰ বাবে আমি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিমান নীতিৰ প্ৰৱৰ্তন কৰিছো। দেশৰ ৭০ খন সৰু সৰু চহৰ বিমানসেৱাৰদ্বাৰা সংযোজিত কৰা হৈছে।

ইতিমধ্যে থকা ৰে’ল ব্যৱস্থাত নতুন প্ৰযুক্তিৰ যোগেদি উন্নত কৰাৰ ব্যৱস্থা কৰা হৈছে। কোনো কোনো ঠাইত দ্বৈত ট্ৰেকৰ ব্যৱস্থা কৰাৰ লগতে বৈদ্যুতিকৰণ কৰা হৈছে।এই ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰ লগতে দশকজুৰি আধৰুৱাকৈ পৰি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলা হৈছে।

পশ্চিমৰ ফলে সামগ্ৰী কঢ়িওৱা কৰিডৰ মু্ম্বাইৰ জৱাহৰ বন্দৰৰ পৰা উত্তৰ প্ৰদেশৰ দাদ্ৰিলৈ আৰু একেদৰে পূবত কলকাতাৰ পৰা লুধিয়ানালৈকে সামগ্ৰী কঢ়িওৱা কৰিডৰ নিৰ্মাণ কৰা হৈছে।আমি এই প্ৰকল্পসমূহ অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ প্ৰয়াস কৰিছো।

বন্ধুসকল, দ্ৰুতবেগী ৰে’ল প্ৰকল্প এখন নতুন ভাৰত গঢ়াৰ সপোনৰে অংশ বিশেষ।মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, মোৰ মৰমৰ দেশবাসী, আজি বুলেট ট্ৰেইনৰ আধাৰশিলা স্থাপন হৈছে। আজি স্বাধীনতাৰ ৭০ বছৰৰ পিছত আমি সবৰমতী আশ্ৰমৰ শতবাৰ্ষিকী পালন কৰিছো।মোৰ সপোন যে যেতিয়া আমি ২০২২-২৩ চনত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিম আমাৰ এই ৰে’ল প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব।

মই ভাৰত আৰু জাপানৰ এই প্ৰকল্পৰ লগত জড়িত প্ৰতিজন প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকৰ কষ্টৰ বলতে আজি এই প্ৰকল্পই এই ৰূপ পাইছে। মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি একেলগে এই প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰি তুলিব পাৰিম। পুনৰ মই মোৰ পৰম মিত্ৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে, আবে শ্বানক ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতীয় ৰে’ল নেটৱৰ্ক অতি বিশাল আৰু জাপানৰ মুঠ জনসংখ্যাতকৈ বেছি লোকে ৰে’লত ভ্ৰমণ কৰে। আজি আমাৰ হাতত সম্ভাৱনীয়তা আছে, নতুন ভাৰত গঢ়িবলৈ আমাৰ বেগ আছে, দক্ষতা আছে।

পুনৰ মই জাপানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেৰ প্ৰতি কালি আপোনালোকে প্ৰদৰ্শন কৰা মৰম আৰু শ্ৰদ্ধাৰ বাবে গুজৰাটৰ জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছো।মই গুজৰাট আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্যৰ চৰকাৰ আৰু দুয়োখন ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ।

*****

AKT/Amit/RSB /PRK