পি এম ইণ্ডিয়া

আন্দামান দীপপূঞ্জৰ এটা দৰিদ্ৰ পৰিয়ালৰ সদস্য ৫২ বছৰীয়া ৰতন বৰাই নামৰ ব্যক্তিজন আক্ৰান্ত হৈছিল ‘মায়’কাৰ্ডিয়েল’ সংক্ৰমণৰ দ্বাৰা। বুকুৰ বাওফালে অনুভৱ কৰা প্ৰচণ্ড বিষত লেবেজান হোৱা বৰাইক পোৰ্ট ব্লেয়াৰৰ ‘জি বি পন্ত হাস্পটাল’ত ভৰ্তি কৰোৱা হৈছিল। বহুদিন ধৰি ‘ডায়েবেটিছ মেলিটাছ’ নামৰ ব্যাধিত ভূগি থকা বৰাইক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিচত গম পোৱা গ’ল যে তেওঁ শেহতীয়াভাবে ‘একিউট এণ্টেৰিঅ’ৰ ৱাল মায়’কাৰ্ডিয়েল’ নামৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈছে। হাস্পটালখনত পোনতে তেওঁৰ অৱস্থা সুস্থিৰ কৰি উন্নত চিকিত্সাৰ বাবে দেশৰ মূল ভূ-খণ্ডলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয়। যিহেতু আন্দামানত হৃদৰোগৰ উন্নত চিকিত্সাৰ বিশেষ ব্যৱস্থা নাই সেয়ে এনেবোৰ অসুখৰ চিকিত্সাৰ বাবে ৰোগীসকলক চেন্নাই, কলকাতা আদিলৈ আনিবলগীয়া হয়েই। পিছে ৰতন বৰাইৰ দৰে তেনেই নিঃকিন ব্যক্তি এজনৰ বাবে এই কথা সঁচাকৈয়ে কঠিন আছিল।
অৱশেষত যেতিয়া ‘আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ কথা জানিব পাৰিলে, এক নতুন আশাই বৰাই পৰিয়ালক সকাহ দান কৰিলে। আঁচনিখনৰ অধীনত তেওঁ বিনামূলীয়াকৈয়ে প্ৰয়োজনীয় চিকিত্সা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে। আজি তেওঁ সম্পূৰ্ণ সুস্থ আৰু পৃথিৱীৰ সবাতোকৈ বিশাল পৰিসৰৰ স্বাস্থ্য বীমা আঁচনিখনৰ বিশেষ সাফল্যৰ কাহিনী কোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্ কৰা ৩১গৰাকী হিতাধিকাৰীৰ অন্যতম সদস্য হৈ নতুন দিল্লীত উপস্থিত হৈছেহি।
আজিৰ পৰা ঠিক এবছৰৰ আগতে অৰ্থাত ২০১৮ চনত শুভাৰম্ভ কৰা আঁচনিখনৰ জৰিয়তে দেশৰ ১০.৭৪ কোটি দৰিদ্ৰ পৰিয়ালক সহজ-সাধ্য চিকিত্সা সেৱা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব পৰাকৈ যুগুতোৱা ‘আয়ুষ্মান ভাৰত যোজনা’ ইতিমধ্যে পৃথিৱীৰ সৰ্ববৃহত্ স্বাস্থ্য বীমা আঁচনি হিচাপে পৰিগণিত হৈছে। যোৱাটো বছৰত ৰতন বৰাইৰ দৰে ৫০,০০০ৰোগীয়ে এই কাৰ্যক্ৰমৰ সুবাদত ৰাজ্যৰ বাহিৰলৈ গৈ উন্নত চিকিত্সাসেৱা লাভ কৰি আৰোগ্য হোৱাৰ সৌভাগ্য লাভ কৰিছে।
আজিৰ তাৰিখত দেশৰ ১৬,০৮৫ খন চিকিত্সালয়ত এই আঁচনিৰ জৰিয়তে চিকিত্সা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যন্ত ৪১ লাখ হিতাধিকাৰীয়ে আঁচনিখনৰ জৰিয়তে চিকিত্সা সেৱা লাভ কৰাৰ বিপৰীতে দেশত এই পৰ্যন্ত ১০ কোটি ই-কাৰ্ড আনুষ্ঠানিক ভাবে বিতৰণ কৰা হৈছে। আজিৰ তাৰিখত ‘আয়ুষ্মান ভাৰত’-ৰ অধীনত ২০,৭০০টা স্বাস্থ্য আৰু নিৰাময় কেন্দ্ৰই দেশৰ বিভিন্ন প্ৰান্তত কাৰ্য নিৰ্বাহ কৰি আছে।
.
*******
VRRK/SH/KB
Prime Minister will interact with select beneficiaries of Ayushman Bharat PM-JAY. He will visit the exhibition on PM-JAY which will showcase the journey of the scheme over the past one year.
— PMO India (@PMOIndia) October 1, 2019
Had an excellent interaction with beneficiaries of Ayushman Bharat PM-JAY. I am delighted that this scheme has touched the lives of many across India, giving them better health and more happiness. @AyushmanNHA pic.twitter.com/92FH2cwrwl
— Narendra Modi (@narendramodi) October 1, 2019