Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আয়ুষ্মান ভাৰতৰ অধীন উপকৃত হৈছে ৫০লাখতকৈ অধিক লোক


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা ৫০ লাখৰ সীমা অতিক্ৰম কৰাৰ ক্ষেত্ৰত দেশৰ স্বাস্থ্য খণ্ডই গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰিছে৷

তেওঁ কয়, “সুস্থ ভাৰত নিৰ্মাণৰ যাত্রাপথত ই এক গুৰুত্বপূর্ণ মাইলৰখুঁটি। এই সাফল্যই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিব, য’ত এবছৰৰ ভিতৰতে আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৫০ লাখতকৈও অধিক লোকে বিনামূল্যে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে৷ আৰোগ্যলাভৰ সমান্তৰালভাৱে এই আঁচনিত জৰিয়তে অসংখ্য ভাৰতীয়ৰ সবলীকৰণতো সহায় হৈছে”৷

প্ৰায় এবছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনত বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য বীমা আঁচনি ‘আয়ুষ্মান ভাৰত’ৰ শুভাৰম্ভ কৰা হৈছিল৷ ইয়াৰ উদ্দেশ্য হৈছে দেশৰ ১০.৭৪কোটি দুখীয়া লোকৰ বাবে সুলভ চিকিৎসা সেৱা প্ৰদান কৰা৷

আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ (পিএম-জেএৱাই) অধীনত তালিকাভুক্ত চিকিৎসালয়ৰ সংখ্যা ১৬,০৮৫খন। আনকি এই আঁচনিৰ অধীনত ১০ কোটিতকৈও অধিক ই-কার্ড বিতৰণ কৰা হৈছে৷

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সমগ্ৰ দেশত প্রায় ১৭,১৫০টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ জৰিয়তে সোৱা প্ৰদান কৰা হৈছে৷

******

VRRK/SH/DB