পি এম ইণ্ডিয়া

অসমৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ কৃষক, ৩৫ বছৰীয়া দ্বিজেন কলিতাই এক গুৰুতৰ মূৰৰ আঘাতত ভুগি আছিল। তেওঁক কামৰূপ মেট্ৰ’ হাস্পতালত ভৰ্তি কৰা অৱস্থাত তেওঁ আছিল অৰ্ধচেতন অৱস্থাত। তেওঁৰ মূৰৰ পৰীক্ষা কৰোৱাৰ পিছত জনা গ’ল যে তেওঁ ছাবডিউৰেল হেমাট’মাত আক্ৰান্ত হৈছে, আৰু তাৰ বাবে তেওঁক নিউৰ’ছাৰ্জাৰী, ক্ৰেনিঅ’প্লাষ্টি আৰু এক এক্সোজেনাছ গ্ৰাফ্ট কৰোৱাৰ প্ৰয়োজন।
কলিতাৰ আৰ্থিক অৱস্থা যিহেতু অতি দুৰ্বল, এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ বাবে এইসমূহ চিকিৎসা ব্যয় বহন কৰাটো অসম্ভৱ আছিল।
পিছে, এনে অৱস্থাতেই পৰিয়ালটোৱে আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বিষয়ে জানিবলৈ সক্ষম হয় আৰু ইয়েই তেওঁলোকৰ মাজত এক আশা জগাই তোলে। কিয়নো এই যোজনাৰ অধীনতেই তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ সক্ষম হ’ব।
কলিতাই অনুভৱ কৰে যে এই আঁচনিখন তেওঁৰ দৰে দৰিদ্ৰ লোকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ।
আজি তেওঁ এগৰাকী সুস্থ লোক আৰু বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনিখনৰ সফলতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা ৩১ গৰাকী হিতাধিকাৰীৰ মাজৰ এগৰাকী।
আজিৰ পৰা ঠিক এবছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনত মুকলি কৰা এই আয়ুষ্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি, যাৰ লক্ষ্য হৈছে দেশৰ ১০.৭৪ কোটি দৰিদ্ৰ লোকক চিকিৎসা সুবিধাৰ সহজ আহৰণ প্ৰদান কৰা।
বিগত এটা বছৰত ৫০,০০০ ৰো অধিক ৰতন বৰাইৰ দৰে ৰোগীয়ে নিজ ৰাজ্যৰ বাহিৰত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে, য’ত তেওঁলোকে আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে শ্ৰেষ্ঠতম চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে।
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PM-JAY), ৰ অধীনত ১৬,০৮৫ খন চিকিৎসালয় পঞ্জীয়ণভুক্ত হৈ আছে আৰু এই পৰ্যন্ত ৪১ লাখৰো অধিক হিতাধিকাৰীয়ে ইয়াৰ অধীনত চিকিৎসা লাভ কৰিছে আৰু ১০ কোটিৰো অধিক ই-কাৰ্ড বিতৰণ কৰা হৈছে।
২০,৭০০ ৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ এই আয়ুষ্মান ভাৰতৰ অধীনত সক্ৰিয় হৈ পৰিছে।
******
VRRK/SH/RD
Prime Minister will interact with select beneficiaries of Ayushman Bharat PM-JAY. He will visit the exhibition on PM-JAY which will showcase the journey of the scheme over the past one year.
— PMO India (@PMOIndia) October 1, 2019
Had an excellent interaction with beneficiaries of Ayushman Bharat PM-JAY. I am delighted that this scheme has touched the lives of many across India, giving them better health and more happiness. @AyushmanNHA pic.twitter.com/92FH2cwrwl
— Narendra Modi (@narendramodi) October 1, 2019