পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নিকোল পাচিনিয়ানে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে কিৰগিজ গণৰাজ্যৰ বিচকেকত সাক্ষাৎ কৰে। চলিত বৰ্ষৰ জুন মাহত আৰ্মেনিয়াৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাচিনিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এইয়া হৈছে প্ৰথমখন বৈঠক ।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী পচিনিয়ানক তেওঁৰ নিৰ্বাচনী বিজয় আৰু কাৰ্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়। বৈঠকত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, অৰ্থনৈতিক, ঔষধ, খনি, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰকে ধৰি দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে শেহতীয়া সময়ত কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণত সন্তুষ্টি প্ৰকাশ কৰে আৰু দুয়োখন দেশৰ মাজত বিশেষ আন্তৰিকতা আৰু বন্ধুত্বৰ দ্বাৰা চিহ্নিত এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা সুৰক্ষিত কৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ জৰিয়তে অব্যাহত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
প্ৰধানমন্ত্ৰী পাচিনিয়ানে প্ৰধানমন্ত্ৰী মোদীক আৰ্মেনিয়া–আজৰবাইজান শান্তি চুক্তি ৰূপায়ণৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অৱগত কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰদান কৰে।
***
MJPS/SS/VJ/MK
PM @narendramodi held a wonderful meeting with PM @NikolPashinyan of Armenia on the sidelines of the SCO Summit in Bishkek. The leaders discussed expanding cooperation in defence, space, IT, education, pharmaceuticals and other areas, along with strengthening trade and investment… pic.twitter.com/tbzfWxQgHb
— PMO India (@PMOIndia) August 31, 2026
A wonderful meeting with Prime Minister of Armenia, Mr. Nikol Pashinyan on the sidelines of the SCO Summit in Bishkek.
— Narendra Modi (@narendramodi) August 31, 2026
India-Armenia cooperation is all set to grow in defence, IT, space, education, pharmaceuticals and more.
We are equally certain to deepen trade and… pic.twitter.com/y2W7ToY5GB