Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰ এছ এছ-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰ এছ এছ প্ৰতিষ্ঠা দিৱসৰ বিশেষ উপলক্ষত সকলো স্বয়ংসেৱকক শুভেচ্ছা জ্ঞাপন কৰে আৰু নাগপুৰত শতাব্দী বৰ্ষ শ্ৰী বিজয়াদশমী উৎসৱৰ সময়ত সৰসংঘচালক ড০ মোহন ভাগৱত জীয়ে প্ৰদান কৰা প্ৰেৰণাদায়ক ভাষণ সামাজিক মাধ্যমত এক্সত শ্বেয়াৰ কৰে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘আজি, আৰ এছ এছৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত, সকলো স্বয়ংসেৱকক মোৰ শুভেচ্ছা জনালো। বছৰ বছৰ ধৰি আৰ এছ এছক প্ৰতিপালন কৰা মহান ব্যক্তিসকলৰ প্ৰতিও মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।’

আৰ এছ এছ-এ সেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক সম্প্ৰীতিৰ এক উল্লেখযোগ্য শতিকা সম্পূৰ্ণ কৰিছে। অগণন স্বয়ংসেৱকে গভীৰ কৰ্তব্যবোধ আৰু ৰাষ্ট্ৰ-প্ৰথম মনোভাৱেৰে সমাজৰ বাবে কাম কৰিছে।

এই মনোভাৱে অনাগত সময়ত ৰাষ্ট্ৰীয় উন্নয়নক শক্তিশালী কৰি থাকক।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত, সকলো স্বয়ংসেৱকক মোৰ আন্তৰিক শুভেচ্ছা! মই সেই সকলো ব্যক্তিক প্ৰণাম জনাইছো যিসকলে তেওঁলোকৰ অক্লান্ত শ্ৰম আৰু সেৱাৰ মনোভাৱৰ জৰিয়তে সঙ্ঘক সমৃদ্ধ আৰু প্ৰতিপালন কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক দায়বদ্ধতাৰ এক গৌৰৱোজ্জ্বল শতবৰ্ষ পূৰ্ণ কৰিছে। অগণন স্বয়ংসেৱকে সদায় তেওঁলোকৰ সমৰ্পণ, কৰ্তব্যনিষ্ঠা আৰু ৰাষ্ট্ৰ-প্ৰথমৰ মনোভাৱেৰে সমাজৰ উত্থানৰ বাবে কাম কৰি আহিছে।

অনাগত সময়ত এই ভাৱনাই ৰাষ্ট্ৰীয় উন্নয়নক অধিক শক্তিশালী কৰি তোলক ।’

‘নাগপুৰত শতাব্দী বৰ্ষ শ্ৰী বিজয়াদশমী উৎসৱৰ সময়ত পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীৰ এক অতি প্ৰেৰণাদায়ক ভাষণ।

তেওঁ ৰাষ্ট্ৰীয় প্ৰগতি আৰু সামাজিক ঐক্য, আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তা তথা সমাজখনক শক্তিশালীকৰণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত বক্তব্য ডাঙি ধৰে।

সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি যি প্ৰতিজন আৰ এছ এছ স্বয়ংসেৱকৰ অবিচ্ছেদ্য অংশ, সেই বিষয়ে তেওঁৰ বাখ্যা বিশেষভাৱে উল্লেখনীয় আছিল ।

তেওঁ পঞ্চ পৰিৱৰ্তন আৰু এইবোৰে কেনেদৰে ইতিবাচক সামাজিক পৰিৱৰ্তনত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব পাৰে সেই বিষয়েও কয়।’

 

@RSSorg

@DrMohanBhagwat

https://www.youtube.com/live/PcWgPtMVw_Q?si=mCFMUSKnpi_UvUhQ”

 

****

MJPS/SS/PRK/MK