পি এম ইণ্ডিয়া

ইউনাইটেড ষ্টেটছ ইণ্ডিয়া বিজনেছ কাউন্সিল চমুকৈ ইউএছআইবিচিৰ পৰিষদ সদস্যসকলে আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।
চলিত সপ্তাহটোৰ প্ৰথামভাগত মুম্বাইত অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়া আইডিয়া ফ’ৰামৰ ফলাফলসমূহ প্ৰধানমন্ত্ৰীৰ সমূখত ব্যক্ত কৰে পৰিষদৰ সদস্যসকলে। প্ৰধানমন্ত্ৰীৰ সমূখত ভাৰতত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থপূৰ্ণ কৰ্প’ৰেট সামাজিক দায়বদ্ধতামূলক কাৰ্যাৱলীৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৫০০ বিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰাৰ বাবে এক পৰিকল্পনা তথা কাৰ্যপ্ৰণালী যুগুত কৰাৰ ইচ্ছা প্ৰকাশ কৰে পৰিষদৰ সদস্যসকলে।
প্ৰধানমন্ত্ৰীয়ে পৰিষদৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰি কয় যে ইতিমধ্যেই ভাৰত চৰকাৰৰ দ্বাৰা ভালেমান সংশোধিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ বিনিয়োগৰ সুবিধা আছে, তেওঁ লগতে আমেৰিকান বিনিয়োগকাৰী সমুদায়টোক ভাৰতত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি অহাৰো আহ্বান জনায়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মাজত থকা সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশৰ জনসাধাৰণেও পৰস্পৰে পৰস্পৰৰ সৈতে সম্পৰ্ক উন্নীত কৰা উচিত।
***
AKT/VJ/SBP/RD
Board members of United States India Business Council (USIBC) called on PM @narendramodi today. They briefed the Prime Minister on the outcomes of the India Idea Forum held in Mumbai earlier this week. pic.twitter.com/GgMapuLoVn
— PMO India (@PMOIndia) September 7, 2018
Interacting with the members, the Prime Minister mentioned various reforms undertaken by the Government of India. He also spoke of the enormous investment potential in India, and encouraged the American investor community to step up investment in the country. pic.twitter.com/DWu6MGU27F
— PMO India (@PMOIndia) September 7, 2018
Mentioning the shared values between India and the US, PM @narendramodi also called for greater people-to-people exchanges between the two countries. pic.twitter.com/qEe1hTtPK4
— PMO India (@PMOIndia) September 7, 2018