পি এম ইণ্ডিয়া
২০২০ চনৰ ৩১ জানুৱাৰী তাৰিখে ইউৰোপীয়ান ইউনিয়নৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিৰ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাইনান্সিয়েল কণ্ডাক্ট অথৰিটি (FCA) আৰু ছেবিৰ মাজত হোৱা বুজাবুজি চুক্তিখন উন্নীতকৃত অল্টাৰ্ণেটিভ ইনভেষ্টমেণ্ট ফাণ্ড মেনেজাৰ্ছ ডিৰেক্টিভ (AIFMD) হিচাপে স্বাক্ষৰ কৰিবলৈ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড এৱ ইণ্ডিয়া চমুকৈ ছেবিয়ে আগবঢ়োৱা প্ৰস্তাৱলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা কেন্দ্ৰীয় কেবিনেটে যাৱতীয় অনুমোদন প্ৰদান কৰে।
প্ৰধান প্ৰভাৱ
২০২০ চনৰ ৩১ জানুৱাৰী তাৰিখে ইউৰোপীয়ান ইউনিয়নৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিৰ হৈ যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাইনান্সিয়েল কণ্ডাক্ট অথৰিটি (FCA) এ ছেবিলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল, য’ত উল্লেখ আছিল যে যদিহে ইউৰোপীয়ান ইউনিয়নৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিৰ হোৱা তাৰিখৰ পূৰ্বে সংশোধিত বুজাবুজি চুক্তি স্বাক্ষৰিত নহয়, তেন্তে কোনো পৰিৱৰ্তনকাৰী উপায় উপলব্ধ নহ’ব। ইয়াৰ লগতে এফচিএই ছেবিক অনুৰোধ কৰিছিল যে অতিশীঘ্ৰে এক সংশোধিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব লাগে। ইয়াৰ জৰিয়তে এই প্ৰস্তাৱেৰে ভাৰতত নিয়োগ বা ৰোজগাৰৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পৰাৰ সম্ভাৱনা নাথাকিব।
পটভূমি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাইনান্সিয়েস কণ্ডাক্টৰ অথৰিটি (এফচিএ)ৰ সৈতে ইউৰোপীয়ান ইউনিয়ন/ইউৰোপীয় বিত্তীয় ক্ষেত্ৰৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিভূতি নিয়ামকৰ সৈতে ছেবিয়ে ২০১৪ চনৰ ২৮ জুলাই তাৰিখে এক দ্বিপাক্ষিক বুজাবুজি চুক্তি ইউৰোপীয়ান ইউনিয়ন অল্টাৰ্ণেটিভ ইনভেষ্টমেণ্ট ফাণ্ড মেনেজাৰ্ছ ডাইৰেক্টিভ (এআইএফএমডি) ত হস্তাক্ষৰ কৰে, যাতে ইউৰোপীয়ান ইউনিয়ন আৰু অনা-ইউৰোপীয়ান ইউনিয়ন দেশবোৰৰ প্ৰাধিকৰণৰ মাজত পৰ্যাপ্ত পৰিমাণৰ পৰ্যবেক্ষণ সহযোগ ব্যৱস্থা স্থাপন কৰিব পৰা যায়। ইউৰোপীয়ান ইউনিয়নৰ পৰা ব্ৰিটেইন বা আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এফচিএ-ই ছেবিক কৈছে যে ছেবি আৰু এফচিএৰ মাজত এআইএফএমডিৰ সৈতে জড়িত পূৰ্বৰে পৰা থকা বুজাবুজি চুক্তিখন সম্প্ৰতি ইউৰোপীয়ান ইউনিয়নৰ আইনৰ দ্বাৰা পৰিচালিত হৈছে। যিটো প্ৰত্যক্ষভাৱে ব্ৰিটেইনৰ ওপৰত প্ৰযোজ্য নহয়। এইবাবেই এক সংশোধিত এআইএফএমডি বুজাবুজি চুক্তিত হস্তাক্ষৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে, যিটো ব্ৰিটেইনৰ সৈতে জড়িত আইনৰ লগতে ইউৰোপীয়ান ইউনিয়নৰ সৈতেও জড়িত।
******
VRRK/SC/RD