Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইজিপ্তৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা প্ৰধানমন্ত্ৰীৰ


 

ইজিপ্তৰ এক উপাসনাস্থলীত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ঘটনাক বৰ্বৰ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে নিৰীহ লোকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ইজিপ্তক ভাৰতে দ্বিধাহীনভাৱে সমৰ্থন আগবঢ়াব বুলি কয়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ইজিপ্তৰ এক উপাসনাস্থলীত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছো। এই ঘটনাত প্ৰাণহানি হোৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে ইজিপ্তক অটলভাৱে সমৰ্থন আগবঢ়াব আৰু এই দুৰ্যোগৰ সময়ত আমি ইজিপ্তবাসীৰ লগতে চৰকাৰৰ কাষত থিয় দিছো।”

****

AKT/NT/DB