পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ পৰা টেলিফোন কল লাভ কৰে।
দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ গতি অক্ষুণ্ণ থকাত সন্তুষ্টি প্ৰকাশ কৰি পাৰস্পৰিক লাভালাভৰ বাবে এই সম্পৰ্কসমূহক অধিক গভীৰ কৰাৰ অংগীকাৰৰ কথা দোহাৰে।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা জনাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে শূন্য-সহনশীল দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখ কৰে।
তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভতো মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গাজা শান্তি পৰিকল্পনাৰ অগ্ৰিম ৰূপায়ণকে প্ৰমুখ্য কৰি অঞ্চলটোত ন্যায্য আৰু স্থায়ী শান্তি স্থাপনৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ ব্যক্ত কৰে।
দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
***
MJPS/SR/SB
Spoke with my friend Prime Minister Netanyahu. We reviewed progress in the India-Israel Strategic Partnership and agreed to further strengthen our cooperation. Also reaffirmed our shared commitment to zero tolerance for terrorism. India supports all efforts aimed at achieving a…
— Narendra Modi (@narendramodi) December 10, 2025