Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) ২০২৬ উদ্বোধনৰ সময়ত আগবঢ়োৱা ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) ২০২৬ উদ্বোধনৰ সময়ত  আগবঢ়োৱা ভাষণৰ আভাস  দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) ২০২৬ উদ্বোধনৰ সময়ত আগবঢ়োৱা  ভাষণৰ আভাস দাঙি ধৰিছে।

 এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;

“মুম্বাইত অনুষ্ঠিত হোৱা গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ত ভাষণ দিলো।

ভাৰতৰ উল্লেখযোগ্য ফিনটেক যাত্ৰা আৰু ইউপিআইৰ সফলতাৰ বিষয়ে ক’লো।

 

আহ্বান জনালো:

ইউপিআইৰ বিশ্বজুৰি পদাংক সম্প্ৰসাৰিত কৰা।

ক্ৰেডিট, বীমা, সঞ্চয়, বিনিয়োগ আৰু পেঞ্চনৰ পেমেণ্টৰ বাহিৰলৈও ফিনটেকক লৈ যোৱা।

এজেণ্টিক এআই, টোকেনাইজেচন আৰু কোৱাণ্টামৰ ব্যৱহাৰ।

শীৰ্ষ মানৰ চাইবাৰ সুৰক্ষা আৰু নৈতিক তথ্য সুৰক্ষা।

শক্তিশালী ফিনটেক গ্ৰাহক সুৰক্ষা সূচকাংক আৰু অধিক উদ্ভাৱন।”

“ভাৰতৰ ৰিফৰ্ম এক্সপ্ৰেছে অধিক গতি লাভ কৰিব।”

“ভাৰতৰ ফিনটেক খণ্ডৰ বাবে চাৰিটা অগ্ৰাধিকাৰৰ কথা ভাগ-বাটোৱাৰা কৰিলো।”

******

MJPS/SS/ST/DM