Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ ৰাষ্ট্ৰপতি মহামহিম আইজাক হাৰ্জগক জেৰুজালেমত সাক্ষাৎ কৰে।  প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনত ইজৰাইল ভ্ৰমণৰ সময়ত আৰু ২০২৩ চনত ডুবাই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি হাৰ্জগৰ সৈতে হোৱা পূৰ্বৰ বৈঠকসমূহৰ কথা  স্মৰণ কৰে।দুয়োগৰাকী  নেতাই উল্লেখ কৰে যে ভাৰত-ইজৰাইলৰ সম্পৰ্কক “শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰাটোৱে দ্বিপাক্ষিক সম্পৰ্কত এক নতুন গতি দিছে আৰু ই গভীৰ আস্থা, ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতিফলন ঘটাইছে। ই দুয়োখন দেশৰ মাজত বন্ধুত্ব শক্তিশালী কৰিছে । দুয়োগৰাকী নেতাই বাণিজ্য আৰু প্ৰযুক্তি, উদ্ভাৱন তথা  উদ্যোগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত চলি থকা সহযোগিতাক লৈ  সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত  আঞ্চলিক বিষয়সমূহৰ বিষয়তো  আলোচনা কৰে। গাজা শান্তি পৰিকল্পনাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি তথা স্থিতিশীলতা অৰ্জন কৰাৰ পদক্ষেপেৰে যি অগ্ৰগতি লাভ কৰিছে সেই বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে।

পৰিবেশ সংৰক্ষণৰ  বাবে দুয়োখন দেশৰ মাজত থকা মূল্যবোধক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি হাৰ্জগ আৰু ফাৰ্ষ্ট লেডীৰ সৈতে এক পেড় মা কে নাম (মাতৃৰ বাবে এজোপা গছ) পদক্ষেপৰ অধীনত ৰাষ্ট্ৰপতিৰ বাগিচাত এজোপা গছ ৰোপণ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি হাৰ্জগক তেওঁৰ উষ্ম আদৰণি  আৰু আতিথ্যৰ লগতে ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 MJPS/PKK/DM