Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“ইজ অৱ ডুইং বিজিনেছ”ৰ ৰেংকিঙত ভাৰতৰ ঐতিহাসিক উত্থানত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

“ইজ অৱ ডুইং বিজিনেছ”ৰ ৰেংকিঙত ভাৰতৰ ঐতিহাসিক উত্থানত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

“ইজ অৱ ডুইং বিজিনেছ”ৰ ৰেংকিঙত ভাৰতৰ ঐতিহাসিক উত্থানত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


সহজে ব্যৱসায় কৰিব পৰা সুবিধা থকা দেশৰ আজি প্ৰকাশ কৰা বিশ্ব বেংকৰ প্ৰতিবেদন, ২০১৮ত ভাৰতৰ স্থান ৩০ লৈ উন্নীত হোৱাত প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। ২০১৭ৰ প্ৰতিবেদন মতে ভাৰত স্থান ১৩০ৰ পৰিৱৰ্তে শেহতীয়া প্ৰতিবেদনত ভাৰতে ১০০তম স্থান আগুৱায়।

এই উন্নতিক ঐতিহাসিক আখ্যা দি এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া টীম ইণ্ডিয়াই সৰ্বাংগীন আৰু বিভিন্ন দিশত কৰা সংস্কাৰৰ ফল।

প্ৰধানমন্ত্ৰীয়ে কয়, “টীম ইণ্ডিয়াই সৰ্বাংগীন আৰু বিভিন্ন দিশত কৰা সংস্কাৰৰ ফলতে ইজ অৱ ডুইং বিজিনেছত ভাৰতৰ ঐতিহাসিক উত্থান সম্ভৱ হৈছে।

সহজে ব্যৱসায় কৰিব পৰা পৰিবেশে আমাৰ উদ্যোগী, বিশেষকৈ এমএছএমই খণ্ড ঐতিহাসিক সুযোগ প্ৰদানৰ লগতে অধিক সমৃদ্ধিশালী কৰি তুলিব।

বিগত ৩ বছৰত সহজ ব্যৱসায়ৰ পৰিবেশ গঢ় দিয়াৰ অৰ্থে ৰাজ্যসমূহৰ মাজত এক ইতিবাচক প্ৰতিযোগিতামুলক মনোভাৱ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এয়া অত্যাধিক লাভজনক কথা।

ইয়াৰ আগতে কেতিয়াও ভাৰতত বাণিজ্যিক কাম-কাজ ইমান সহজভাৱে কৰি তোলাৰ বাবে কোনো প্ৰচেষ্টা কৰা হোৱা নাই। যিবোৰ অর্থনৈতিক সুযোগ-সুবিধা প্রসাৰৰ বাবে আমাৰ দেশ এতিয়া সাজু, তাৰ সুযোগ গ্রহণৰ বাবে ভাৰতে বিশ্বৰ অন্যান্য দেশক স্বাগতম জনাইছে।

‘সংস্কাৰ, সাফল্য আৰু ৰূপান্তৰ’-এই মন্ত্রকে অৱলম্বন কৰি দেশৰ অর্থনৈতিক সমৃদ্ধি আৰু বেংকিঙৰ ক্ষেত্রত উন্নত মানৰ মর্যাদাত অধিষ্ঠিত হ’বলৈ আমি এতিয়া সংকল্পৱদ্ধ”।

*****

AKT/NT/DB