পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত সংৰক্ষণ আৰুতদাৰকী নীতিক বাদ দিৰাষ্ট্রীয়ত্ত্ব দপ্তৰৰঅন্যান্য নিৰ্দেশনাৱলীৰ আওতাৰ পৰা ইণ্ডিয়া প’ৰ্টছ গ্লোবেল লিমিটেডক বাহিৰলৈ অনাৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হৈছে।
ইৰাণৰছাবাহাৰতশ্বহীদ বেহস্তি বন্দৰত ব্যৱস্থাপনা আৰু উন্নয়নৰবাবে জাহাজ চলাচল মন্ত্রালয়ৰ প্রশাসনিক নিয়ন্ত্রণৰ আওতাত আইপিজিএল-কৰখা হৈছিল। ২০১৩ চনৰ কোম্পানী আইন অনুসৰি জৱাহৰলাল নেহৰু প’র্ট ট্রাষ্ট (জেএনপিটি) আৰু দীনদয়াল প’র্ট ট্রাষ্ট (ডিপিটি) [যিটোপূৰ্বে কান্দলা বন্দৰ হিচাপে পৰিচিত আছিল] এ যৌথভাৱে এই সংস্থাটো পৰিচালনা কৰিছিল।
পৰৱর্তী সময়ছোৱাত মার্কিন যুক্তৰাষ্ট্রৰ যৌথ সর্বাঙ্গীন পৰিকল্পনাৰ পৰাবাহিৰলৈ গুচি অহাত বৈদেশিক মন্ত্রালয়েক জাহাজ চলাচল মন্ত্রালয়ক আইপিজিএলৰ পৰা জেএনপিটি আৰু ডিপিটিক বাদ দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। সাম্ভাব্য মার্কিন নিষেধাজ্ঞাৰ পৰা আঁতৰি থকাৰ বাবেই এই সিদ্ধান্ত।
এখন উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ অনুমোদিত প্রস্তাৱ অনুসৰি ২০১৮ৰ ১৭ ডিচেম্বৰ তাৰিখে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড (এছডিচিএল)এ জেএনপিটি আৰু ডিপিটি-ৰ আটাইখিনি অংশ বা শ্বেয়াৰ ক্ৰয় কৰে। ইয়াৰ ফলতে এচিডিচিএল এক ৰাষ্ট্রীয় সংস্থাত পৰিণত হয় আৰু আইপিজিএল এই সংস্থাৰ অধীনলৈ গুচি আহে। ইয়াৰ ফলত ৰাষ্ট্রীয়উদ্যোগ দপ্তৰৰ সমগ্ৰ নির্দেশনাৱলী আইপিজিএলৰ ক্ষেত্রতো প্রযোজ্য হ’ব।
যিহেতু দেশৰ প্রথম বিদেশী বন্দৰ প্রকল্প হিচাপেছাবাহাৰ বন্দৰটো গঢ়ি তোলা হৈছে, গতিকে কিছু কৌশলগত কাৰণত আইপিজিএল-ক এক পৰিষদৰ দ্বাৰা পৰিচালিত সংস্থা হিচাপে ৫ বছৰ কাম কৰিব লাগিব। সেই কাৰণে জাহাজ চলাচল মন্ত্রালয়ে এই প্রকল্পটোৰসুস্থকাৰ্যকৰীকৰণৰ বাবে এই সংস্থাটোক ৰাষ্ট্রীয় দপ্তৰৰ নির্দেশনাৱলীৰ বাহিৰলৈ অনাৰ বাবে অনুৰোধ জনায়।
************
VRRK/AK/RD