Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ

ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ

ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ

ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান- আছাৰা মুবাৰক উপলক্ষে সমবেত ডাউদী বোহৰা সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

ইমাম হুছেইনৰ ত্যাগৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইমামে সদায় অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল আৰু শান্তি আৰু ন্যায়ৰ বাবে শ্বহীদ হৈছিল। তেওঁ লগতে কয় যে ইমামৰ শিক্ষা বৰ্তমানেও প্ৰাসংগিক। ড০ ছৈয়দনা মুফাদ্দল ছৈফুদ্দিনে কৰা কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতি প্ৰেম আৰু সমৰ্পনেই আছিল তেওঁৰ শিক্ষাৰ মুল উপাদান।

প্রধানমন্ত্রীয়ে কয় যে সকলোকে একলগে লৈ আগবঢ়াৰ সংস্কৃতি আৰু কৃষ্টিয়ে ভাৰতক অন্যান্য দেশৰ পৰা পৃথক কৰিছে। তেওঁ পুনৰ কয় “আমি অতীতক লৈ আমি গৌৰৱান্বিত, আমি বর্তমানত বিশ্বাসী আৰু আমাৰ ভৱিষ্যতক লৈ আস্থাশীল।”

ডাউদী বোহৰা সম্প্রদায়ৰ অৱদানৰ কথা উল্লেখ কৰে প্রধানমন্ত্রীয়ে কয় যে এই সম্প্রদায়ে ভাৰতৰ প্ৰগতি আৰু বিকাশত সদায় গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। তেওঁ আশা প্রকাশ কৰে যে সমগ্র বিশ্বত ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ সক্ষমতা প্ৰসাৰৰ ক্ষেত্ৰত এই সম্প্রদায়ৰ মহান প্রচেষ্টা অব্যাহত থাকিব।

বোহৰা সম্প্রদায়ক প্রশংসা কৰি প্রধানমন্ত্রীয়ে লগতে কয় যে সম্প্রদায়টোৰ লোকসকলৰ মৰম আৰু ভালপোৱা তেওঁৰ বাবে সৌভাগ্যৰ কথা। গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা কালতো এই সম্প্রদায়ৰ সহায়ৰ কথা সুঁৱৰি মোদীয়ে কয় যে এই সম্প্রদায়ৰ লোকসকলৰ প্ৰেম-ভালপোৱাৰ খাতিৰতে তেওঁ ইন্দোৰলৈ আহিছে।

ডাউদী বোহৰা সম্প্রদায়ৰ বিভিন্ন সমাজ সেৱামূলক প্ৰচেষ্টাৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে সাধাৰণ লোকসকল, বিশেষকৈ দৰিদ্র আৰু আর্তজনৰ জীৱনযাত্রাৰ মানদণ্ডৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰসংগক্ৰমে তেওঁ ‘আয়ুষ্মান ভাৰত’, ‘স্বচ্ছ ভাৰত অভিযান’ আৰু ‘প্রধানমন্ত্রী আবাস যোজনা’ৰ দৰে বিভিন্ন চৰকাৰী উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে। চৰকাৰৰ এই আঁচনিসমূহে সাধাৰণ জনতাৰ জীৱন যাত্রাত ব্যাপক পৰিৱর্তন আনিছে বুলি তেওঁ মত প্রকাশ কৰে।

“স্বচ্ছ ভাৰত অভিযান”ক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্রীয়ে ইন্দোৰৰ লোকসকলক অভিনন্দন জনায়। তেওঁ কয় যে কাইলৈ ‘স্বচ্ছতাই প্রকৃত সেৱা’ কার্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। এই ব্যাপক স্বচ্ছতা অভিযানত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ বাবে তেওঁ সাধাৰণ জনতাক আহ্বান জনায়।

ব্যৱসায়ৰ ক্ষেত্রত বোহৰা সম্প্রদায়ৰ সততাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰু দেউলীয়া আৰু ঋণ পৰিশোধত অক্ষমতা আইনৰ জৰিয়তে চৰকাৰে সৎ ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ কাম কৰিছে। তেওঁ কয় যে ভাৰতীয় অর্থনীতিৰ বিকাশ হৈছে আৰু নতুন ভাৰত গঢ়ি উঠাৰ লক্ষ্যৰে আগবাঢ়িছে।

অনুষ্ঠানত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহানো উপস্থিত থাকে। ইয়াৰ পূৰ্বে ড০ ছৈয়দনা মুফাদ্দল ছৈইফুদ্দিনে দৃষ্টান্তমূলক কামৰ বাবে প্রধানমন্ত্রীৰ প্রশংসা কৰে আৰু দেশৰ স্বার্থত তেওঁৰ কর্মপ্রচেষ্টাৰ সফলতা কামনা কৰে।

*****

AKT/SH/DB