Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পীড়িতসকলৰ বাবে এককালীন সাহাৰ্য ঘোষণা কৰিছে৷

পিএমঅ’ৰ টুইটত কয়, “উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি বহু লোকৰ প্ৰাণহানি হোৱা ঘটনা অতি হৃদয় বিদাৰক৷ এই ঘটনাত যিসকল লোকে যিসকল লোকে তেওঁলোকৰ প্ৰাণ হেৰুৱালে, তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ভগৱানে তেওঁলোকক এই দুখ সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক৷” প্ৰধানমন্ত্ৰী @narendramodi

প্ৰধানমন্ত্ৰীক উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি প্ৰাণহানি হোৱা লোকসকলৰ লগতে ক্ষয়-ক্ষতিৰ সন্দৰ্ভত অৱগত কৰা হয়৷ বজ্ৰ পৰি মৃত লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰাৰ লগতে আহতসকলক ৫০,০০০কৈ প্ৰদান কৰা হ’ব৷”

***

DS/SH/DB