পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ মথুৰাত এখন নাও ডুবি যোৱাৰ ফলত হোৱা কৰুণ মৃত্যুক লৈ গভীৰ দুখ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে স্থানীয় প্ৰশাসনে সক্ৰিয়ভাৱে এই শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ
“উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত নাও দুৰ্ঘটনাক লৈ অতিশয় মৰ্মাহত হৈছো। যিসকল লোকে নিজৰ আত্মীয়-স্বজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহত লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।”
Deeply pained by the mishap due to the capsizing of a boat in Mathura, Uttar Pradesh. My condolences to those who have lost their near and dear ones. I pray for the speedy recovery of the injured. The local administration is assisting those affected: PM @narendramodi
— PMO India (@PMOIndia) April 10, 2026
***
MJPS/PRK/DB